শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ছাৰ্ভাইকেল কেঞ্চাৰৰ পূৰ্বে মহিলাৰ দেহত দেখা দিয়ে এনে লক্ষণে, বিশেষজ্ঞই দিছে চিনাক্তকৰণৰ উপায়

ছাৰ্ভাইকেল কেঞ্চাৰৰ মূল কাৰণ হ’ল হিউমেন পেপিলোমা ভাইৰাছ (HPV) নামৰ সংক্ৰমণ। এই ভাইৰাছ সংগমৰ জৰিয়তে দেহলৈ বিয়পে। এই ভাইৰাছে ক্ৰমান্বয়ে জৰায়ুৰ মুখৰ কোষবোৰ সলনি কৰি কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে।

ছাৰ্ভাইকেল কেঞ্চাৰৰ পূৰ্বে মহিলাৰ দেহত দেখা দিয়ে এনে লক্ষণে, বিশেষজ্ঞই দিছে চিনাক্তকৰণৰ উপায়
ছাৰ্ভাইকেল কেঞ্চাৰৰ লক্ষণImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 11 Oct 2025 06:37 AM

বিশ্বজুৰি ছাৰ্ভাইকেল কেঞ্চাৰৰ ৰোগী সাম্প্ৰতিক সময়ত দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) তথ্য অনুসৰি প্ৰতি বছৰে প্ৰায় ৬ লাখ নতুন মহিলা এই ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰ ফলত প্ৰায় ৩ লাখ মহিলাৰ মৃত্যু হয়। এই ৰোগ জৰায়ুৰ তলৰ অংশ অৰ্থাৎ যোনি জৰায়ুৰ লগত সংযোগ কৰা জৰায়ুৰ মুখত হয়। ছাৰ্ভাইকেল কেঞ্চাৰ প্ৰধানকৈ দুবিধ প্ৰথমবিধ হৈছে স্ক্ৱামাছ চেল কাৰ্চিনোমা, ছাৰ্ভাইক্সৰ বাহিৰৰ পৃষ্ঠত আৱৰি থকা পাতল, সমতল কোষৰ পৰা আৰম্ভ হয়। এইবিধ জৰায়ুৰ মুখৰ কৰ্কট ৰোগ।

আনহাতে দ্বিতীয়বিধ হৈছে এডিন’কাৰ্চিনোমা, জৰায়ুৰ মুখৰ ভিতৰৰ কোষত বিকশিত হয়। এই প্ৰকাৰ বিৰল যদিও দেহত দ্ৰুতগতিত বিয়পি পৰিব পাৰে। ছাৰ্ভাইকেল কেঞ্চাৰৰ মূল কাৰণ হ’ল হিউমেন পেপিলোমা ভাইৰাছ (HPV) নামৰ সংক্ৰমণ এই ভাইৰাছ সংগমৰ জৰিয়তে দেহলৈ বিয়পে। এই ভাইৰাছে ক্ৰমান্বয়ে জৰায়ুৰ মুখৰ কোষবোৰ সলনি কৰি কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে।

কেতিয়াবা এই সংক্ৰমণ নিজে নিজে ভাল হয়, কিন্তু কিছুমান ক্ষেত্ৰত ই স্থায়ী হৈ থাকে আৰু গুৰুতৰ হৈ পৰে। বিশেষকৈ যিসকল মহিলাই অতি কম বয়সতে সংগম কৰে, একাধিক সংগমৰ সংগী থাকে বা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা মহিলাৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ দেখা যায়। যিসকল মহিলাই নিয়মীয়াকৈ পেপ স্মিয়ৰ পৰীক্ষা নকৰে বা যিসকল মহিলাৰ ইতিমধ্যে HPV সংক্ৰমণ হৈছে, তেওঁলোকৰো আশংকা অধিক। তদুপৰি ধূমপান কৰা মহিলাৰ ছাৰ্ভাইকেল কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

ছাৰ্ভাইকেল কেন্সাৰৰ পূৰ্বে কি কি লক্ষণ দেখা যায়?

আৰ এম এল হাস্পতালৰ সহকাৰী অধ্যাপক ডাঃ ছালনী চাধাই উল্লেখ কৰা মতে, সাধাৰণতে ছাৰ্ভাইকেল কেঞ্চাৰৰ প্ৰাৰম্ভিক অৱস্থাত কোনো স্পষ্ট লক্ষণ দেখা নাযায় কিন্তু ৰোগ আগবাঢ়ি যোৱাৰ লগে লগে কিছুমান লক্ষণে দেহত দেখা দিব পাৰে। এই ৰোগৰ আটাইতকৈ সাধাৰণ লক্ষণসমূহ হ’ল যোনিৰ পৰা অস্বাভাৱিক ৰক্তক্ষৰণ মাহেকীয়াৰ মাজত, যৌন সম্পৰ্কৰ পিছত বা ৰজোনিবৃত্তিৰ পিছত এনে অৱস্থা পাৰে।

ইয়াৰ উপৰিও যোনিৰ পৰা দুৰ্গন্ধযুক্ত স্ৰাৱ, কঁকালৰ তলৰ অংশত বিষ, যৌন সম্পৰ্কৰ সময়ত বিষ, ভাগৰ বা দুৰ্বলতা আদি অনুভৱ কৰিব পাৰে। বহু মহিলাই ওজন কমি যোৱা, ভোক কমি যোৱা, দেহ ফুলি উঠা আদি লক্ষণো দেখা পাব পাৰে। সংক্ৰমণ বিয়পিলে ভৰিৰ বিষ বা ফুলা আৰু প্ৰস্ৰাৱ কৰাত অসুবিধাও হ’ব পাৰে। এই লক্ষণসমূহে আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ প্ৰয়োজনীয়তাৰ ইংগিত দিয়ে।

ছাৰ্ভাইকেল কেঞ্চাৰ প্ৰতিৰোধৰ উপায়

HPV ভেকচিন লওক, ৯ৰ পৰা ২৬ বছৰ বয়সৰ ভিতৰত এই ভেকচিন অধিক প্ৰয়োজনীয়।

তিনি বছৰৰ মূৰে মূৰে পেপ স্মিয়ৰ টেষ্ট কৰক।

নিৰাপদ যৌন সম্পৰ্কৰ অভ্যাস কৰক।

ধূমপান আৰু ধঁপাত সেৱন সম্পূৰ্ণৰূপে বন্ধ কৰক।

স্বাস্থ্যসন্মত খাদ্য আৰু নিয়মীয়া ব্যায়ামৰ দ্বাৰা আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰক।

অস্বাভাৱিক ৰক্তক্ষৰণ বা বিষৰ দৰে লক্ষণক আওকাণ নকৰিব আৰু লগে লগে চিকিৎসকৰ পৰামৰ্শ লব।