শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শৰীৰত সঠিকভাৱে তেজ চলাচল নকৰিলে ভৰিত দেখা দিয়া তিনিটা লক্ষণ, এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় জানক

যদি শৰীৰত তেজ চলাচল সঠিকভাৱে নকৰে, তেন্তে ইয়াৰ ফলত হোৱা পুষ্টিৰ অভাৱে কোষৰ ক্ষতিসাধন কৰিব পাৰে। আনকি হৃদযন্ত্ৰ আৰু মগজুতো প্ৰভাৱ পেলাব পাৰে। ভৰিত দেখা দিয়া এই সমস্যাৰ তিনিটা প্ৰাৰম্ভিক লক্ষণ জানোঁ আহক।

শৰীৰত সঠিকভাৱে তেজ চলাচল নকৰিলে ভৰিত দেখা দিয়া তিনিটা লক্ষণ, এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় জানক
Image Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 11 Oct 2025 17:37 PM

শৰীৰত যদি ৰক্ত সঞ্চালনত বাধা সৃষ্টি হয় বাবে সঠিকভাৱে ৰক্ত সঞ্চালন নহয়, তেন্তে সেই কথা কেনেকৈ জানিব। এই সমস্য়া হ’লে বিশেষ কিছুমান লক্ষণে দেখা দিয়ে। যিবোৰ লক্ষণে আপোনাক সঠিকভাৱে শৰীৰত তেজ চলাচল নোহোৱাৰ ইংগিত দিব পাৰে। বিশেষকৈ এই সমস্যাৰ লক্ষণবোৰ সাধাৰণতে প্ৰাৰম্ভিক পৰ্যায়ত ভৰিত দেখা যায়।

যদি শৰীৰত তেজ চলাচল সঠিকভাৱে নকৰে, তেন্তে ইয়াৰ ফলত হোৱা পুষ্টিৰ অভাৱে কোষৰ ক্ষতিসাধন কৰিব পাৰে। আনকি হৃদযন্ত্ৰ আৰু মগজুতো প্ৰভাৱ পেলাব পাৰে। গুৰুতৰ জটিলতা প্ৰতিৰোধ কৰিবলৈ তেজ সঠিকভাৱে চলাচল নোহোৱাৰ ফলত ভৰিত দেখা দিয়া তিনিটা প্ৰাৰম্ভিক লক্ষণ জানোঁ আহক।

ইয়াৰ লক্ষণবোৰ

ভৰি ঠাণ্ডা

ভৰি ঠাণ্ডা হোৱাটোৱেই প্ৰায়ে প্ৰথম লক্ষণ, যিয়ে তেজ সঠিকভাৱে চলাচল নোহোৱাৰ ইংগিত দিয়ে। প্ৰায়ে যদি ভৰি ঠাণ্ডা হোৱাৰ সমস্যা হয় তেন্তে ই ৰক্তবাহী নলীৰ ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ৰ সংকেত দিব পাৰে। অধ্যয়নত দেখা গৈছে যে, বিশেষকৈ ডায়েবেটিছ, উচ্চ ৰক্তচাপ বা উচ্চ কলেষ্টেৰল ৰোগীৰ ক্ষেত্ৰত ভৰি ঠাণ্ডা পৰা ৰক্ত সঞ্চালন সমস্যাৰ এটা সাধাৰণ প্ৰাৰম্ভিক লক্ষণ। যদি ভৰি ঠাণ্ডা হোৱাৰ লগে লগে বিষ,নীলা পৰা লক্ষণ দেখা দিয়ে, তেন্তে গুৰুত্ব দিয়ক।

ভৰিৰ গোৰোহা ফুলি যোৱা

গোৰোহা ফুলিলে শৰীৰত ৰক্ত সঞ্চালন বেয়া হোৱাৰ স্পষ্ট সংকেত দিব পাৰে। বিশেষকৈ ভৰিৰ তলৰ অংশলৈ তেজ চলাচলত বাধা বা সঠিকভাৱে তেজ চলাচল নকৰিলে তৰল পদাৰ্থ জমা হ’ব পাৰে, যাৰ ফলত ভৰি ফুলি উঠিব পাৰে। যদি ভৰিৰ গোৰোহা হঠাতে ফুলি উঠে বা এই সমস্যা স্থায়ী হয় বা বিষ হয়,তেন্তে ই সঠিকভাৱে ৰক্ত সঞ্চালন নোহোৱাৰ ইংগিত দিব পাৰে।

বিষ হোৱাৰ ভৰিৰ ক্ৰেম্প

ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতা, স্নায়ুৰ বিষ, ডিহাইড্ৰেচন আদি কেইবাটাও কাৰণত ভৰিৰ ক্ৰেম্প হ’ব পাৰে। কিন্তু অধ্যয়নত দেখা গৈছে যে, পৰিশ্ৰমৰ ফলত পেশীৰ ক্ৰেম্প হোৱা বা বিশেষকৈ ৰাতি বাৰে বাৰে ভৰি ক্ৰেম্প হোৱাটো ধমনীত তেজৰ সোঁত হ্ৰাস পোৱাৰ এটা প্ৰধান লক্ষণ হ’ব পাৰে।

প্ৰতিৰোধৰ উপায়

শৰীৰত ভালদৰে ৰক্ত সঞ্চালন নহ’লে সমগ্ৰ শৰীৰত মানসিক চাপৰ সৃষ্টি কৰে। হৃদযন্ত্ৰই অধিক কষ্ট কৰিবলগীয়া হয়, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পাব পাৰে, আনকি হাৰ্ট এটেকৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে। তেজৰ সোঁত কমি গ’লে বৃক্ক আৰু মগজুত প্ৰভাৱ পৰিব পাৰে। এইদৰে আগতীয়া লক্ষণ চিনাক্ত কৰিলে বহু ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

ৰক্ত সঞ্চালন উন্নত কৰিবলৈ নিয়মীয়া ব্যায়াম অভ্যাস কৰক। তদুপৰি খোজ কঢ়া, চাইকেল চলোৱা, সুষম খাদ্য গ্ৰহণৰ জৰিয়তে তেজ চলাচল উন্নত কৰিব পাৰে। ইয়াৰ পাছতো যদি এই সমস্যা দীৰ্ঘদিন থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।