শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যকৃতত চৰ্বি জমা হ’লে কি ৫টা লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা…

আজিকালি প্ৰায়ভাগ মানুহে ফেটি লিভাৰৰ সমস্যাত ভোগা দেখা যায়। যেতিয়া এই ৰোগ হয় তেতিয়া আৰম্ভণিত কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াক আওকান কৰা ভাল নহয়।

যকৃতত চৰ্বি জমা হ’লে কি ৫টা লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা…
পেটৰ বিষ (প্ৰতীকী ফটো)Image Credit source: Pexels
barasha-sarma
Barasha Sarma | Published: 22 Jul 2025 07:45 AM

ফেটি লিভাৰ আজিকালি সাধাৰণ সমস্যা হৈ পৰিছে। প্ৰায়ভাগ লোকে এই সমস্যাত ভোগা দেখা যায়। পূৰ্বতে এই ৰোগ সুৰাপান কৰাসকলৰ বেছিকৈ হোৱা দেখা গৈছিল যদিও আজাকালি বহুতে নন-এলকহলিক ফেটি লিভাৰ ডিজিজ (NAFLD) ৰোগত আক্ৰান্ত হৈছে। খাদ্যাভ্যাস বেয়া, মেদবহুলতা, বহি থকা কাম কৰা আদিৰ বাবে এনে সমস্যা হয়। চতুৰ্থজন ব্যক্তিয়ে ফেটি লিভাৰৰ সমস্যাৰ সন্মুখীন হৈয়। যদি এই ৰোগ দীৰ্ঘদিন ধৰি হৈ থাকে তেন্তে যকৃতৰ আন গুৰুতৰ সমস্যা হ’ব পাৰে।

যেতিয়া যকৃতত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু সাধাৰণ বুলি ভাবি বহুতে এই লক্ষণসমূহ আওকান কৰে। যেতিয়া ইয়াৰ বিষয়ে গম পাই তেতিয়া ৰোগ গুৰুতৰ হৈ পৰে। সময়মতে এই ৰোগ ধৰা পৰিলে জীৱনশৈলী আৰু খাদ্যাভ্যাসত কিছু পৰিৱৰ্তন কৰি এই সমস্যাৰ পৰা হাতি সাৰিব পাৰিব।

গ্ৰেটাৰ নয়ডাৰ সৰ্বোদয় হাস্পতালৰ গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগৰ মুৰব্বী ডাঃ অশোক কুমাৰে ফেটি লিভাৰৰ কিছু লক্ষণৰ বিষয়ে জনাইছে। তলত ইয়াৰ বিষয়ে উল্লেখ কৰা হ’ল-

১) সদায় ভাগৰুৱা অনুভৱ কৰাঃ যদি আপুনি কঠোৰ পৰিশ্ৰম নকৰাকৈ বাৰে বাৰে ভাগৰ অনুভৱ কৰে তেন্তে ই ফেটি লিভাৰৰ লক্ষণ হব পাৰে। ফেটি লিভাৰৰ বাবে ডিটক্স প্ৰক্ৰিয়া লেহেমীয়া হয়, বিপাকীয় ক্ৰিয়া দুৰ্বল হৈ পৰে আৰু ভাগৰ অনুভৱ কৰা হয়।

২) পেটৰ সোঁফালে গধুৰতা বা সামান্য বিষঃ  যকৃত পেটৰ ওপৰৰ সোঁ অংশত থাকে। যদি সেই অংশ মৃদু বিষ, গধুৰতা বা চাপ অনুভৱ কৰে, তেন্তে ই ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। বহু মানুহে ইয়াক গেছৰ সমস্যা বুলি আওকান কৰে।

৩) ওজন বৃদ্ধিঃ পেটৰ বৃদ্ধি হোৱা চৰ্বি ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। যদি আপোনাৰ কঁকালৰ আকাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে বা পেটটো উখহি উঠিছে, তেন্তে ই ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে।

৪) ছাল আৰু চকু হালধীয়া হোৱা (মৃদু জণ্ডিচ)ঃ এই লক্ষণ বিশেষকৈ পাছৰ পৰ্যায়ত দেখা যায়। কিন্তু কেতিয়াবা চৰ্বিযুক্ত যকৃতৰ প্ৰাৰম্ভিক লক্ষণত ছালৰ ৰং সলনি হ’বলৈ আৰম্ভ কৰে। চকুৰ বগা অংশ হালধীয়া হোৱা বা ছাল নিস্তেজ হৈ পৰে।

৫) ভোক নলগা আৰু পেট সোনকালে পূৰ হোৱাঃ যকৃতৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ বাবে হজম শক্তি প্ৰভাৱিত হয়। ফলত সামান্য পৰিমাণৰ খাদ্য খোৱাৰ পিছত ভোক কমি যায়, পেট ফুলা বা বমি ভাব হয়।

আওকাণ কৰিব নালাগে

চৰ্বিযুক্ত যকৃতৰ মৃদু লক্ষণসমূহক আওকাণ কৰিলে বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ভিতৰত হেপাটাইটিছ, লিভাৰ চিৰ’ছিছ আদি হ’ব পাৰে। প্ৰাথমিক লক্ষণ দেখা দিলে খাদ্য নিয়ন্ত্ৰণ কৰি এই গুৰুতৰ ৰোগবোৰৰ পৰা হাত সাৰিব পাৰি। চৰ্বিযুক্ত যকৃতৰ ৰোগ লাহে লাহে আগবাঢ়ি যায় আৰু লক্ষণ নোহোৱাকৈও শৰীৰৰ ক্ষতি কৰিব পাৰে। যদি এনে লক্ষণে দেখা দিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ বিয়াৰ পাছত কিয় ওজন বাঢ়ে? জানক ইয়াৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায়…