হৃদযন্ত্ৰ দুৰ্বল হ’লে শৰীৰে দিয়ে এইসমূহ সংকেত, আওকাণ নকৰিব
হৃদযন্ত্ৰ দুৰ্বল হ’লে শৰীৰে কিছু সংকেত দিবলৈ আৰম্ভ কৰে, যিবোৰক আওকাণ কৰাটো বিপদজনক হ’ব পাৰে। সময়মতে এনে সংকেত চিনাক্ত কৰি চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। হৃদযন্ত্ৰক কেনেকৈ ফিট কৰি ৰাখিব পাৰি এই সন্দৰ্ভত এপ’ল’ হস্পিতালৰ কাৰ্ডিঅ’লজিষ্ট ডাঃ বৰুণ বংশালে কিছুমান পৰামৰ্শ দিছে।

heart
হৃদযন্ত্ৰ আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। যিয়ে অবিৰতভাৱে শৰীৰত তেজ পাম্প কৰে। যাতে অক্সিজেন আৰু পুষ্টিকৰ পদাৰ্থ সমগ্ৰ শৰীৰলৈ যাব পাৰে। কিন্তু আজিকালি জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাস, মানসিক চাপ, মেদবহুলতা আৰু বয়স বৃদ্ধিৰ বাবে হৃদৰোগ বাঢ়িছে। হৃদযন্ত্ৰ দুৰ্বল হ’লে শৰীৰে বহু ধৰণৰ সংকেত দিয়ে যদিও সাধাৰণতে মানুহে এই সংকেতবোৰক স্বাভাৱিক হিচাপে গণ্য কৰি আওকাণ কৰে। কিন্তু যদি এই সংকেতবোৰ সময়মতে চিনাক্ত কৰি চিকিৎসা আৰম্ভ কৰা হয়, তেন্তে কোনো কঠিন পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰি। দুৰ্বল হৃদয়ৰ লক্ষণ কি আৰু এনে পৰিস্থিতিত কি কৰিব লাগে সেই বিষয়ে বিশেষজ্ঞসকলৰ পৰা জানো আহক।
এপ’ল’ হস্পিতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ বৰুণ বংছালে কয় যে যদি আপুনি বেছি কাম নকৰাকৈ ভাগৰুৱা বা উশাহ-নিশাহৰ কষ্ট অনুভৱ কৰিবলৈ আৰম্ভ কৰে, তেন্তে এয়া হৃদযন্ত্ৰ দুৰ্বল হোৱাৰ লক্ষণ হ’ব পাৰে। সাধাৰণতে শৰীৰৰ সকলো অংগলৈ পৰ্যাপ্ত পৰিমাণৰ তেজৰ যোগান আৰু অক্সিজেন নাপালে এই পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰায়ে হৃদযন্ত্ৰ দুৰ্বল হ’লে শৰীৰত কিছু তৰল পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত ভৰি, ভৰিৰ গোৰোহা, ভৰিৰ আঙুলি বা পেট ফুলিব পাৰে। যদিও এই লক্ষণসমূহ যকৃত বা বৃক্কৰ ৰোগৰো হ’ব পাৰে, কিন্তু ই হৃদৰোগৰ এটা লক্ষণ।
বুকুৰ বিষ বা গধুৰতা
যদি আপুনি বুকুত বিষ, চাপ, টান বা গধুৰতা অনুভৱ কৰে, তেন্তে ই হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ লক্ষণ হ’ব পাৰে। এই বিষ বাওঁহাত, কামিহাড়, পিঠি বা ডিঙিলৈও যাব পাৰে। যদি এই লক্ষণসমূহ বাৰে বাৰে হয় বা দীৰ্ঘদিনলৈ থাকে, তেন্তে আপুনি লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব। ইয়াৰ বাহিৰেও যদি হৃদস্পন্দন অতি দ্ৰুত হোৱা, লেহেমীয়া বা অনিয়মিত হোৱা, তেন্তে এইবোৰ হৃদযন্ত্ৰৰ দুৰ্বলতাৰ লক্ষণ হ’ব পাৰে।
দুৰ্বল হৃদযন্ত্ৰৰ কাৰণ
- উচ্চ ৰক্তচাপ
- উচ্চ কলেষ্টেৰল
- মেদবহুলতা
- ধূমপান আৰু মদ্যপান
- মানসিক চাপ আৰু টোপনিৰ অভাৱ
- বংশগত
কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে?
যদি হৃদযন্ত্ৰৰ দুৰ্বলতাৰ লগত জড়িত কোনো লক্ষণ দেখা যায়, তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰি ঔষধ খাব লাগে আৰু তেওঁৰ পৰামৰ্শ অনুসৰিহে পৰীক্ষা কৰাব লাগে। যদি পৰিয়ালত হৃদৰোগী আছে, তেন্তে এনে লক্ষণক একেবাৰেই আওকাণ কৰা উচিত নহয়।
কেনেকৈ প্ৰতিৰোধ কৰিব?
- খাদ্যত সেউজীয়া শাক-পাচলি, ফল-মূল, গোটা শস্য, কম চৰ্বিযুক্ত গাখীৰ, মাছ, শুকান ফল ব্যৱহাৰ কৰক।
- দৈনিক কমেও ৩০ মিনিট খোজ কাঢ়িব লাগে। ইয়াৰ বাহিৰেও দৈনিক যোগাসন বা ৱৰ্কআউট কৰক।
- ধূমপান আৰু মদৰ পৰা আঁতৰি থকাটো ভাল।
- মানসিক চাপ কম কৰিবলৈ আপুনি ধ্যান, সংগীত, কিতাপ পঢ়া বা আপোনাৰ প্ৰিয় চখ পূৰণ কৰিব পাৰে।
- নিয়মিতভাৱে ৰক্তচাপ, চেনি আৰু কলেষ্টেৰল পৰীক্ষা কৰক আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধ গ্ৰহণ কৰক।
লগতে পঢ়ক: গা ধোৱাৰ পিছতে শৰীৰৰ পৰা কিয় ঘাম ওলায়? এয়া ৰোগৰ লক্ষণ নেকি? চিকিৎসকৰ পৰা জানক