শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ব্ৰেকফাষ্টত আপুনিও খায় নেকি কণী? পিছে সিজোৱা কণী নে অমলেট অধিক উপকাৰী, জানেনে?

প্ৰতিদিনে পুৱা খাদ্য তালিকাত কণী থাকিলে শৰীৰে দীৰ্ঘস্থায়ী শক্তি লাভ কৰে, মগজুক সতেজ কৰি ৰাখে আৰু পাচনতন্ত্ৰই ভালদৰে কাম কৰাত সহায় কৰে। কিন্তু প্ৰশ্ন হয়, কণী কিদৰে খোৱাটো আপোনাৰ শৰীৰৰ বাবে অধিক উপকাৰী বিবেচিত হয়? জানো আহক এই বিষয়ে।

ব্ৰেকফাষ্টত আপুনিও খায় নেকি কণী? পিছে সিজোৱা কণী নে অমলেট অধিক উপকাৰী, জানেনে?
ব্ৰেকফাষ্টত কণী কিদৰে খাব?Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 13 Sep 2025 14:02 PM

সুস্বাস্থ্যৰ বাবে খাদ্যৰ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয় স্বাস্থ্য বিশেষজ্ঞসকলে দেহৰ সুৰক্ষাৰ বাবে পুৱা পুষ্টিকৰ ব্ৰেকফাষ্ট গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায় ব্ৰেকফাষ্ট গ্ৰহণ নকৰিলে শৰীৰৰ বহু সমস্যা পাৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে সততে সকীয়াই দিয়ে অধিকাংশ লোকে সাধাৰণতে ব্ৰেকফাষ্টত কণী খোৱা দেখা যায় কণীত উচ্চমানৰ প্ৰটিন, ভিটামিন এ, ডি, বি ১২, আইৰণ, আৰু অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। প্ৰতিদিনে পুৱা খাদ্য তালিকাত কণী থাকিলে শৰীৰে দীৰ্ঘস্থায়ী শক্তি লাভ কৰে, মগজুক সতেজ কৰি ৰাখে আৰু পাচনতন্ত্ৰই ভালদৰে কাম কৰাত সহায় কৰে।

কিন্তু প্ৰশ্ন হয়, কণী কিদৰে খোৱাটো আপোনাৰ শৰীৰৰ বাবে অধিক উপকাৰী বিবেচিত হয়? সাধাৰণতে সিজোৱা কণী আৰু ভাজি লোৱা কণী বা অমলেট দুয়োটাৰে নিজস্ব উপকাৰিতা আৰু অপকাৰিতা আছে। সিজোৱা কণীত কেলৰি কম থাকে, আনহাতে ভজা কণীত সোৱাদৰ লগত তেল আৰু অতিৰিক্ত চৰ্বি যোগ হয়।

অৱশ্যে সকলো প্ৰকাৰৰ তেলে যে দেহৰ বাবে বেয়া এনে নহয়, বৰঞ্চ কিছুমান তেল শৰীৰৰ বাবে উপকাৰী বিবেচিত হয়। গতিকে আপোনাৰ পুৱাৰ আহাৰ অৰ্থাৎ ব্ৰেকফাষ্টত কণী কিদৰে খাব, সেয়া সঠিক বিবেচনা কৰিবলৈ সিজোৱা কণী আৰু ভাজি লোৱা কণীয়ে শৰীৰত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে জানিব লাগিব

সিজোৱা কণীৰ প্ৰভাৱ

কম কেলৰিঃ সিজোৱা কণীত তেলৰ প্ৰয়োজন নহয়, গতিকে অতিৰিক্ত চৰ্বি আৰু কেলৰি বৃদ্ধি নহয়।

সহজে হজমঃ সিজোৱা কণী শৰীৰে সোনকালে শোষণ কৰে।

পুষ্টিঃ যিহেতু উতলাৰ সময়ত উষ্ণতা নিয়ন্ত্ৰিত হয়, সেয়ে কণীত থকা ভিটামিন বি ১২ আৰু প্ৰটিনৰ গুণাগুণ অটুট থাকে।

ভাজি লোৱা কণী বা অমলেটৰ প্ৰভাৱ

সোৱাদৰ পাৰ্থক্যঃ তেলত ভাজি লোৱাৰ বাবে কণীৰ সোৱাদ বৃদ্ধি পায়।

ভাল তেলৰ উপকাৰিতাঃ অলিভ অইল বা বেলি ফুলৰ তেলৰ দৰে স্বাস্থ্যকৰ তেলত কণী ভাজিলে সামগ্ৰিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়।

চৰ্বিৰ পৰিমাণঃ তেল শোষণ কৰিলে কেলৰি বৃদ্ধি পায়, ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণ কৰাত অসুবিধা হ’ব পাৰে।

বিশেষজ্ঞসকলে কয় যে ওজন নিয়ন্ত্ৰণ বা ফিটনেছৰ বাবে সিজোৱা কণী সৰ্বোত্তম। আনহাতে, ভজা কণী বা অমলেট ব্যায়ামৰ বাবে বা হাই প্ৰটিনযুক্ত ব্ৰেকফাষ্টৰ বাবেও ব্যৱহাৰ কৰিব পাৰি, কিন্তু এইক্ষেত্ৰত দেহৰ বাবে ভাল তেল ব্যৱহাৰ কৰিব লাগিব।