নকল আলুৰে ভৰি পৰিছে বজাৰ! দোকানতে এনে উপায়েৰে কৰক চিনাক্ত, অন্যথা হ’ব পাৰে স্বাস্থ্যৰ বিপদ
কিছুমান সহজ উপায়েৰে আপুনি বজাৰত এনে ৰাসায়নিকভাৱে শোধন কৰা আলু চিনাক্ত কৰিব পাৰিব। ইয়াৰ জৰিয়তে আলুৰ দ্বাৰা তৈয়াৰী আপোনাৰ প্ৰিয় খাদ্য সামগ্ৰী উপভোগ কৰাৰ লগতে নিজৰ লগতে পৰিয়ালৰো স্বাস্থ্য সুৰক্ষিত কৰিব পাৰিব। জানো আহক এই বিষয়ে।

ৰাসায়নিকভাৱে শোধন কৰা আলু কিদৰে চিনাক্ত কৰিব!
আমাৰ অধিকাংশ লোকৰ পাকঘৰতে প্ৰধান পাচলি আলু। প্ৰায় সকলো প্ৰকাৰৰ ব্যঞ্জনৰ সৈতে মিলি যোৱাৰ বাবে আলুৰ চাহিদাও অধিক। অৱশ্যে কেৱল নানা আঞ্জাতহে যে আলু ব্যৱহৃত হয়, এনে নহয়। ভাত-ৰুটি বা আন প্ৰধান খাদ্যৰ সৈতে খোৱা ব্যঞ্জনৰ সমান্তৰালকৈ আলুৰ সহায়ত আন কিছুমান মুখৰোচক খাদ্য সামগ্ৰীও প্ৰস্তুত কৰিব পাৰি। বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধি আলুত নানা স্বাস্থ্য উপকাৰী গুণাগুণো পোৱা যায়। পিছে শেহতীয়াকৈ বজাৰত নকল বা ৰাসায়নিকভাৱে শোধন কৰা আলু উপলব্ধ হোৱাৰ অভিযোগ উঠিছে।
এনে পৰিস্থিতিত গ্ৰাহকৰ মাজত উদ্বেগো বৃদ্ধি পাইছে। সাধাৰণ দৃষ্টিৰে চালে এনে আলু স্বাভাৱিক যেন লাগিলেও পিছে নিতে এনে আলু খালে পাচনতন্ত্ৰৰ সমস্যাৰ পৰা আৰম্ভ কৰি আন বহু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে দোকানত আলু ক্ৰয় সময়ত এই আলু যাতে নকল বা ৰাসায়নিকভাৱে শোধন কৰা নহয়, সেয়া চিনাক্ত কৰি লোৱা ভাল।
কিছুমান সহজ উপায়েৰে আপুনি বজাৰত এনে ৰাসায়নিকভাৱে শোধন কৰা আলু চিনাক্ত কৰিব পাৰিব। ইয়াৰ জৰিয়তে আলুৰ দ্বাৰা তৈয়াৰী আপোনাৰ প্ৰিয় খাদ্য সামগ্ৰী উপভোগ কৰাৰ লগতে নিজৰ লগতে পৰিয়ালৰো স্বাস্থ্য সুৰক্ষিত কৰিব পাৰিব। জানো আহক এই বিষয়ে-
গোন্ধ পৰীক্ষাঃ প্ৰকৃত আলুৰ প্ৰাকৃতিক, মাটিৰ সুগন্ধি থাকে। নকল বা ৰাসায়নিকভাৱে শোধন কৰা আলুত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ বাবে প্ৰায়ে কৃত্ৰিম গোন্ধ ওলায়। যদি আলুৰ গোন্ধ ওলায় বা অস্বাভাৱিকভাৱে কঠিন হয়, এনে আলু ক্ৰয় নকৰাই উচিত।
ৰং পৰীক্ষা কৰকঃ আলু কটাৰ সময়ত ই খেতিৰ আলু ৰাসায়নিকভাৱে শোধন কৰা, সেই বিষয়ে জানিব পাৰি। প্ৰাকৃতিক আলুৰ ভিতৰ আৰু বাহিৰৰ ৰং সামঞ্জস্যপূৰ্ণ। কিন্তু ৰাসায়নিকভাৱে শোধন কৰা আলুৰ ৰং অসমান হ’ব পাৰে। আলুৰ ৰঙৰ এনে পাৰ্থক্যই আপোনাক সঠিক আলু চিনাক্তকৰণত সহায় কৰিব।
ঘঁহি পৰীক্ষা কৰকঃ হাতেৰে বা কাপোৰেৰে আলুৰ পৃষ্ঠভাগ লাহে লাহে ঘঁহি চাওক। যদি ৰং সহজে আঁতৰি যায়, তেতিয়া জানিব পাৰিব এই আলুত কৃত্ৰিমভাৱে ৰং কৰাৰ সম্ভাৱনা আছে। প্ৰকৃত আলুৰ ছালৰ ৰং পৃথক পৃথক নহয়।
পানীৰ পৰীক্ষাঃ এটা পাত্ৰত পানী লৈ সেই পানীত আলুখিনি দিব। প্ৰাকৃতিক আলু পানীত দ্ৰৱীভূত হয়। আনহাতে প্ৰায়ে শোধন কৰা নকল আলু পানীত ভাঁহি থাকিব পাৰে। এই দ্ৰুত পৰীক্ষাই আপোনাক অস্বাস্থ্যকৰ আলু ক্ৰয় কৰাৰ পৰা আঁতৰি থাকিব পাৰিব।