স্নানৰ সময়ত পানীত মিহলাই লওক এই পাঁচবিধ দ্ৰব্যঃ লাভ কৰিব অনেক সুফল

গা ধোৱাৰ সময়ত পানীত কিছুমান দ্ৰব্য মিহলাই লৈ এই পানীৰে গা ধুলে শাৰীৰিক অৱসাদৰ লগতে মানসিক অৱসাদো দূৰ হয়। কেৱল ইমানেই নহয়, এই বিশেষ দ্ৰব্যসমূহ মিহলাই লোৱা পানীৰে গা ধুলে দেহৰ অনেক উপকাৰো সাধন হয়। এই বিষয়ে জানো আহক।

স্নানৰ সময়ত পানীত মিহলাই লওক এই পাঁচবিধ দ্ৰব্যঃ লাভ কৰিব অনেক সুফল

প্ৰতিনিধিত্বমূলক ছবি

Published: 

23 Jul 2024 19:04 PM

পুৱা শোৱাপাটি এৰাৰ পিছতেই হওক বা কৰ্মক্ষেত্ৰত দিনজোৰা ব্যস্ততাৰ অন্তত নিজা গৃ্হলৈ উভতি অহাৰ পিছতেই হওক, স্নান কৰাৰ লগে লগে লাভ কৰা যায় অনুপম প্ৰশান্তি। গা ধুই দিয়াৰ লগে লগে যেন আঁতৰি যায় সকলো অৱসাদ। কেতিয়াবা অত্যধিক কামৰ হেঁচাৰ বাবে আমি মূৰৰ বিষ বা শৰীৰৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰোঁ। এনে পৰিস্থিতিত পানীত কিছুমান দ্ৰব্য মিহলাই লৈ এই পানীৰে গা ধুলে এনে ধৰণৰ সমস্যাৰ পৰা যথেষ্ট সকাহ লাভ কৰিব পাৰি। গা ধোৱা পানীত এনে দ্ৰব্যসমূহ মিহলাই ল’লে আপুনি শৰীৰত সতেজতা অনুভৱ কৰিব।

কেৱল ইমানেই নহয়, এই বিশেষ দ্ৰব্যসমূহ মিহলাই লোৱা পানীৰে গা ধুলে দেহৰ অনেক উপকাৰো সাধন হয়। এইবিষয়ে বিশেষজ্ঞসকলে আগবঢ়োৱা পৰামৰ্শৰ বিষয়ে চাওঁ আহকঃ

১/ পদিনা তেল

গা ধোৱা পানীত পদিনা তেল কেইটোপালমান দি গা ধুলে আপোনাৰ ভাগৰ লগে লগে নাইকিয়া হৈ যাব আৰু আপুনি যথেষ্ট সতেজ অনুভৱ কৰিবলৈ। এই তেলে শৰীৰ শীতল কৰাৰ লগতে মনো সতেজ কৰি ৰাখে। কিন্তু মনত ৰাখিব যে এই তেল দুটোপালতকৈ বেছি ব্যৱহাৰ নকৰিব। পদিনা তেলত বিষনাশক গুণ আছে যাৰ বাবে ই মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ পৰা উপশম পোৱাতো সহায়ক।

২/ হালধী

হালধী অনেক ঔষধি গুণৰ বাবে পৰিচিত। ইয়াত প্ৰদাহ নিবাৰণ আৰু অক্সিডেন্ট প্ৰতিৰোধী গুণ থাকে। হালধী পানীত মিহলাই গা ধুলে যিকোনো আঘাত সোনকালে ভাল হয়। ইয়াৰ উপৰিও সংক্ৰমণৰ আশংকাও হ্ৰাস পায়।

৩/ চন্দন কাঠ

মানসিক শান্তিৰ বাবে গা ধোৱা পানীত চন্দন ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ সুগন্ধিয়ে আপোনাৰ মনটোক সতেজ কৰি তুলিব। লগতে শৰীৰৰ পৰা অৱসাদ আৰু মানসিক চাপো দূৰ হ’ব। এনে উপকাৰ লাভৰ বাবে চন্দন তেল কেইটোপালমান কুহুমীয়া পানীত মিহলাই দৈনিক গা ধুব পাৰে।

৪/ নিমৰ তেল

কুহুমীয়া পানীত নিম তেল মিহলাই গা ধুলে ছালৰ বিভিন্ন সমস্যাৰ পৰা সকাহ লাভ কৰিব। ছালৰ সংক্ৰমণৰ দৰে সমস্যা যিকোনো বতৰতে দেখা দিব পাৰে। এনে পৰিস্থিতিত নিম তেল যথেষ্ট ফলপ্ৰসূ প্ৰমাণিত হ’ব পাৰে।

৫/ গুলাব জল

দেহৰ পৰা নিৰ্গত হোৱা ঘামৰ গোন্ধৰ পৰা পৰিত্ৰাণৰ বাবে দৈনিক পানীত গুলাব জল মিহলাই গা ধুব পাৰে। বজাৰত উপলব্ধ গুলাব জল এইক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। বা গোলাপৰ পাহি পানীত মিহলায়ো গা ধুব পাৰে। এই পানীৰে গা ধুলে আপোনাৰ টোপনিও ভাল হ’ব।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…