ওজন হ্ৰাস কৰিবলৈ কেঁচা নে পকা কল খোৱা উপকাৰী? জানক সকলো…

বহুতে শক্তিৰ বাবে কল খায়। কেঁচা কল বা পকা কল দুয়োটা স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু ওজন হ্ৰাস কৰিবলৈ কোনবিধ কল ভাল আপুনি জানেনে? ইয়াৰ বিষয়ে জনা দৰকাৰ।

ওজন হ্ৰাস কৰিবলৈ কেঁচা নে পকা কল খোৱা উপকাৰী? জানক সকলো...

কলৰ উপকাৰিতা

Published: 

02 Nov 2025 20:21 PM

শীতকালত মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। খাদ্যভাসৰ পৰিৱৰ্তন, বেয়া জীৱনশৈলী আদিৰ বাবে বিভিন্ন সমস্যা হয়। এনে অৱস্থাত ফল-মূল খাব লাগে। কল স্বাস্থ্য়ৰ বাবে উপকাৰী। পিছে বহুতৰ মনত প্ৰশ্ন হয়, কেঁচা নে পকা কল ভাল? এই ক্ষেত্ৰত জনা দৰকাৰ।

পকা কল

পকা কলত অধিক পৰিমাণে চেনি থাকে, যি শক্তিৰ উত্তম উৎস। পকা কলত গ্লাইচেমিক ইনডেক্স (GI) বেছি থাকে। ই শক্তিক সোনকালে মুক্ত কৰে। ইয়াৰোপৰি পকা কল হজমৰ ক্ষেত্ৰত ভাল। সেয়েহে শিশু আৰু খেলুৱৈসকলক কল খাবলৈ পৰামৰ্শ দিয়া হৈছে।

কেঁচা কল

কেঁচা কলত ৰেজিষ্টেণ্ট ষ্টাৰচ থাকে। ইয়াত এক প্ৰকাৰৰ কাৰ্বোহাইড্ৰেট থাকে যিয়ে হজম শক্তি লেহেমীয়া কৰে আৰু তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কেঁচা কলত অধিক পৰিমাণৰ ফাইবাৰ থাকে, যিটো পাচনতন্ত্ৰৰ বাবে উপকাৰী। যিসকলৰ ডায়েবেটিছ বা ইনচুলিন ৰেজিষ্টেন্সৰ সমস্যা আছে তেওঁলোকৰ বাবে কেঁচা কল আটাইতকৈ উপকাৰী বুলি কোৱা হয়।

ওজন কম কৰা

যিসকলে ওজন কম কমাব বিচাৰে তেওঁলোকৰ বাবে কেঁচা কল খাব পাৰে। ইয়াত কেলৰি কম আৰু ফাইবাৰ বেছি থাকে। ফাইবাৰে পেটটো ভৰাই ৰাখে। যাৰ ফলত বাৰে বাৰে ভোক নালাগে আৰু ওজন নিয়ন্ত্ৰত থাকে। এনে অৱস্থাত খাদ্য বেছিকৈ খোৱা নাযায়। ইয়ে ওজন নিয়ন্ত্ৰণ কৰি ৰাখে।

বিশেষজ্ঞসকলৰ মতে, দুয়োবিধ কলৰ নিজা নিজা উপকাৰিতা আছে। পকা কল শক্তিৰ বাবে উপকাৰী, আনহাতে কেঁচা কল হজম আৰু তেজৰ চেনি নিয়ন্ত্ৰণৰ বাবে উপকাৰী। গতিক ভাল স্বাস্থ্যৰ বাবে কল এক উত্তম ফল।

 

 

অন্য খবৰ পঢ়ক- প্ৰতিদিনে দুটাকৈ ইলাচি খালে কি হয়? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি…

গৰম পানীৰে গা ধোৱাটো ভাল নে বেয়া? প্ৰেমানন্দ মহাৰাজৰ পৰা জানক...
কণী খালে ওজন বৃদ্ধি হয় নেকি? জানক চিকিৎসকৰ পৰা
দ্ৰুত গতিত ওজন হ্ৰাস কৰিবলৈ কি কি খাদ্য খাব লাগে ? জানক
ডায়েবেটিছ ৰোগীয়ে পিঁয়াজ খালে কি হয়? জানক...