Patanjali: বাতবিষৰ পৰা ওজন নিয়ন্ত্ৰণলৈ…এইদৰে ৰুটি খালে পাব দুগুণ সুফল!
পতঞ্জলিৰ প্ৰতিষ্ঠাপক বাবা ৰামদেৱ আয়ুৰ্বেদিক ঔষধৰ বাবে বিশ্বজুৰি বিখ্যাত। এটা ভিডিঅ’ত তেওঁ শীতকালীন ছুপাৰফুড বাজৰাৰ ৰুটি কেনেকৈ খাব লাগে সেই বিষয়ে উল্লেখ কৰিছে। বাজৰাৰ ৰুটি কেনেকৈ খাব লাগে আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে বুজাই দিওঁ।

ৰুটি
বাজৰাক শীতকালীন খাদ্যৰ এক অতি উপকাৰী অংশ বুলি গণ্য কৰা হয়। ই শৰীৰক গৰম কৰি ৰখাত সহায় কৰে আৰু শক্তি প্ৰদান কৰে। সেয়েহে আয়ুৰ্বেদেও ইয়াক স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী বুলি বৰ্ণনা কৰিছে। বিশুদ্ধ ঘিউৰ সৈতে বাজৰাৰ ৰুটি ৰাজস্থানকে ধৰি দেশৰ বহু গ্ৰাম্য অঞ্চলত এতিয়াও জনপ্ৰিয় পছন্দ। নহৰুৰ চাটনিৰ সৈতে ইয়াৰ সোৱাদ আৰু ভাল। বাজৰাৰ আটা শীতকালীন ছুপাৰফুড, গতিকে পতঞ্জলিৰ প্ৰতিষ্ঠাপক বাবা ৰামদেৱে বাজৰাৰ উপকাৰিতাৰ ওপৰত বাৰে বাৰে আলোকপাত কৰি আহিছে। আয়ুৰ্বেদতো উল্লেখ আছে যে ই শৰীৰক বহু দিশত উপকাৰ কৰে।
বাবা ৰামদেৱৰ মতে শীতকালত আমি বাজৰাৰ ৰুটি কেনেকৈ খাব লাগে জানক। লগতে ইয়াক অনুচিতভাৱে খোৱাৰ ফলত স্বাস্থ্যজনিত সম্ভাৱ্য বিপদৰ বিষয়েও জানি লওক।
বাজৰাৰ উপাদানসমূহ
বাজৰা শৰীৰৰ বাবে এক আশীৰ্বাদ কাৰণ ইয়াত কেলৰি, প্ৰটিন, কাৰ্বহাইড্ৰেট, আঁহ, চৰ্বি, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, ছডিয়াম, জিংক, ভিটামিন বি ১, বি ২, বি ৩, আৰু ফলেট আদি বহুতো পুষ্টিকৰ উপাদান থাকে।
ঘেঁহুতকৈ বাজৰা কিয় ভাল? Bajra vs Wheat roti
বেছিভাগ ভাৰতীয়ই দৈনিক ঘেঁহুৰ ৰুটি আৰু ভাত খায়। জয়পুৰৰ আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাই উল্লেখ কৰিছে যে, ঘেঁহুৰ ৰুটি ক্ষতিকাৰক নহ’লেও ই উপকাৰীও নহয়। আনহাতে বাজৰাৰ আটাত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ বাবে ইয়াক আভ্যন্তৰিণ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। বাবা ৰামদেৱৰ মতে আমি কেনেকৈ খাব লাগে জানো আহক।
বাবা ৰামদেৱে কি কয়?
বাবা ৰামদেৱে এটা ভিডিঅ’ত উল্লেখ কৰিছে যে ৰাগী (মৰুৱা ধান) আৰটাৰ লগত বাজৰা মিহলাই দিলে ইয়াৰ সুফল দুগুণ হয়। বাতবিষ বা মেদবহুলতাত আক্ৰান্ত যিকোনো ব্যক্তিয়ে বাজৰা আৰু ৰাগীৰ সংমিশ্ৰণেৰে খাব লাগে বুলি তেওঁ পৰামৰ্শ দিয়ে। ৰামদেৱে কয় যে, এই দুয়োবিধ আটা মিহলাই ৰুটি তৈয়াৰ কৰিলে কোমল হয়। আচলতে বাজৰা আৰু ৰাগী আটাৰ পৰা তৈয়াৰী ৰুটি যথেষ্ট কঠিন যদিও একেলগে খালে কোমল আৰু সোৱাদযুক্ত হয়। তেওঁ বুজাই দিয়ে যে ৰাগী আৰু বাজৰাত ষ্টাৰচ কম আৰু ইয়াত প্ৰাকৃতিক চেনি থাকে, যাৰ বাবে বাতবিষ আৰু ওজন নিয়ন্ত্ৰণত ফলপ্ৰসূ।
বাবা ৰামদেৱে এলোভেৰা, মেথি গজালি, আৰু কেঁচা হালধিৰে তৈয়াৰী শাক-পাচলি ৰাগী আৰু বাজৰাৰ ৰ’টিৰ সৈতে খাবলৈ পৰামৰ্শ দিছে। লগতে এই তৰকাৰি কেনেকৈ প্ৰস্তুত কৰিব লাগে সেই বিষয়েও বুজাই দিলে। তেওঁ কয় যে ইয়াত ২০০ গ্ৰাম এলোভেৰা জেল, ২০ গ্ৰাম মেথিৰ অংকুৰ, আৰু ১০ গ্ৰাম কেঁচা হালধি দিব লাগিব। এই তৰকাৰি প্ৰস্তুত কৰি বাজৰা আৰু ৰাগী ৰুটিৰ লগত খাব। লগতে ৰামদেৱে কৈছে যেল, এই ব্যঞ্জন খোৱা প্ৰায় ৯৯% লোকৰ বাতবিষৰ সমস্যা কমিছে।
এলোভেৰাই ঔষধ হিচাপে কাম কৰে
বাবা ৰামদেৱে ভিডিঅ’টোত এলোভেৰাক ঔষধ বুলি অভিহিত কৰিছে। বাবা ৰামদেৱৰ মতে মেক্সিকানসকলে ডায়েবেটিছ, বাতবিষ, পেটৰ সমস্যা আদিৰ বাবেও এলোভেৰা ব্যৱহাৰ কৰিছিল। এই ভাৰতীয় উদ্ভিদ যুগ যুগ ধৰি ঔষধি হিচাপে ব্যৱহাৰ কৰি আহিছে। ইয়াক ৰান্ধি শাক হিচাপেও খাব পাৰি। বাবা ৰামদেৱে এলোভেৰাৰ উপৰিও ঘৰত তুলসী গছ ৰোপণ কৰিবলৈও উৎসাহিত কৰে।
লগতে পঢ়ক: ব্লাড চুগাৰ বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ সাধাৰণ ইংগিত, আওকান নকৰিব…