প্ৰাপ্তবয়স্ক ব্যক্তিয়ে কিমান মাখানা খোৱাটো উচিত? মাথোঁ নকৰিব এনে ভুল!
মাখানা খাই ভাল পায় নেকি? মাখানাত এন্টিঅক্সিডেন্ট থাকে, যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে। মাখানাত থকা আঁহে পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে। কিন্তু আপুনি জানেনে প্ৰাপ্তবয়স্ক ব্যক্তিয়ে কিমান মাখানা খাব লাগে?
আজিকালি মাখানা যথেষ্ঠ জনপ্ৰিয়, ই মানৱ শৰীৰৰ বাবে অতি স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য বুলি গণ্য কৰা হয়। মাখানাত প্ৰ’টিন, ফাইবাৰ, খনিজ পদাৰ্থ, আৰু এন্টিঅক্সিডেন্ট থাকে। যিয়ে শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। লঘু হোৱাৰ বাবে ইয়াক শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে বাবে উপকাৰী। কিন্তু বয়স অনুযায়ী কিমান মাখানা খাব লাগে জানেনে?
বিশেষজ্ঞসকলে কয় যে, ইয়াক অতিমাত্ৰা খালে পেটৰ সমস্যা হয়। এনে ক্ষেত্ৰত বয়স অনুযায়ী কিমান মাখানা খাব লাগে সেই কথা জনাটো জৰুৰী।
কেনেকৈ খাব?
মাখানাও পোনপটীয়াকৈ খাব পাৰে। অৱশ্যে ইয়াৰ পৰা অধিক সুফল পাবলৈ মাখানা গাখীৰত উতলাই খাব পাৰে। ইয়াক মৌ আৰু ফলৰ সৈতেও খাব পাৰে। ইয়াৰ দ্বাৰা সোৱাদ আৰু পুষ্টি দুয়োটা লাভ কৰিব।
৩ বছৰ আৰু তাৰ তলৰ শিশু
পুষ্টিবিদসকলে কয় যে, এই বয়সৰ শিশুক কম পৰিমাণেহে মাখানা খুৱাব লাগে। দৈনিক ৫ টা মাখানা দিব পাৰি। শিশুৰ পাচনতন্ত্ৰৰ বিকাশ আৰম্ভ হোৱা সময় এয়া। অধিক পৰিমাণে খালে পাচনতন্ত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
১০ বছৰ বয়সৰ শিশুৰ বাবে
এই বয়সলৈকে শিশুক ১৫টা গুটি মাখানা খুৱাব পৰা যায়। এই বয়সত শিশুৰ পাচনতন্ত্ৰ অলপ শক্তিশালী হৈ উঠে। ইয়াৰ ফলত শিশুৱে পুষ্টিকৰ উপাদানসমূহ শোষণ কৰিব পাৰে।
প্ৰাপ্তবয়স্কৰ বাবে
প্ৰাপ্তবয়স্কক ১৫ৰ পৰা ২০ গ্ৰাম মাখানা খাব পাৰে। কিন্তু ইয়াৰ পৰিমাণ বিভিন্ন বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কম বেছি পৰিমাণে হ’ব পাৰে।