বৃক্কত ক্ৰিয়েটিনিন বৃদ্ধি পালে শৰীৰে দিয়ে এইসমূহ ইংগিত! জানক চিকিৎসকৰ পৰা…
Kidney Creatinine: আজিকালি বৃক্কৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। ক্ৰিয়েটিনিন বৃদ্ধি বৃক্ক বিকল হোৱা এক কাৰণ বুলি ক'ব পাৰি। যেতিয়া ক্ৰিয়েটিনিন বৃদ্ধি পাই তেতিয়া শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে।
আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগৰ ভিতৰত বৃক্ক অন্যতম। আমাৰ শৰীৰত বক্ক এক ফিল্টাৰ হিচাপে কাম কৰি বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। বৃক্কৰ বাবে ৰক্তচাপ আৰু পি এইচ লেভেল নিয়ন্ত্ৰণত থাকে। ইয়াৰোপৰি ই আৰু বহু কাম সম্পন্ন কৰে। কিন্তু আজিকালি বৃক্কৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। কম বয়সীয়া যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে বিভিন্ন লোক বৃক্কৰ সমস্যাত আক্ৰান্ত হয়।
চিকিৎসকে কয় যে, বেছিভাগ ক্ষেত্ৰত ক্ৰিয়েটিনিনৰ পৰিমাণ বৃদ্ধি হ’লে বৃক্ক বিকল হোৱা দেখা যায়। কিন্তু যেতিয়া ক্ৰিয়েটিনিন বৃদ্ধি পাই তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণসমূহ সময়মতে চিনাক্ত কৰি এই সমস্যাৰ পৰা হাত সাৰিব পাৰি।
ক্ৰিয়েটিনিন কি
ছাৰ গংগা ৰাম হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ ডাঃ মনীষ তিৱাৰীয়ে ক্ৰিয়েনিটিন বৃদ্ধিৰ লক্ষণ সন্দৰ্ভত সবিশেষ জনাইছে। তেওঁ কয় যে, ক্ৰিয়েটিনিন (Creatinine) হৈছে এক ৰাসায়নিক আৱৰ্জনা যি পেশীৰ স্বাভাৱিক কাৰ্যকলাপৰ সময়ত শৰীৰত উৎপন্ন হয়। তেজৰ জৰিয়তে এই ক্ৰিয়েটিনিন বৃক্কলৈ যায় আৰু প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ হয়। বৃক্কই সঠিকভাৱে কাম নকৰিলে ক্ৰিয়েটিনিন বৃদ্ধি পাই আৰু শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে।
লক্ষণ
ডাঃ মনীষ তিৱাৰীয়ে কয় যে, শৰীৰত ক্ৰিয়েটিনিন বৃদ্ধি পালে কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণবোৰ সময়মতে চিনাক্ত কৰি বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল। কেইটামান লক্ষণ হ’ল-
- যেতিয়া শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে তেতিয়া দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰে। কোনো কাম নকৰাকৈ দুৰ্বল লাগিব পাৰে।
- ভৰি, গোৰোহা, মুখ আদি ফুলিব পাৰে। শৰীৰত পানী জমা হ’লে এনে হয়।
- প্ৰস্ৰাৱতো ইয়াৰ লক্ষণ দিব পাৰে। কম প্ৰস্ৰাৱ, প্ৰস্ৰাৱত ফেন, সঘনাই প্ৰস্ৰাৱ আদি ইয়াৰ লক্ষণ হ’ব পাৰে।
- ৰোগীৰ ভোক কম লাগিব পাৰে আৰু বমি হ’ব পাৰে।
- কেতিয়াবা ৰোগীয়ে উশাহ-নিশাহ লোৱাত কষ্ট পাব পাৰে।
পৰিত্ৰাণৰ উপায়
- কম প্ৰটিনযুক্ত খাদ্য।
- পৰ্যাপ্ত টোপনি লওক।
- পৰ্যাপ্ত পানী খাওক।
- প্ৰচেচড খাদ্য পৰিহাৰ কৰক।
- বিষৰ দৰৱ বেছি সেৱন নকৰিব।
- এই লক্ষণে দেখা দিলে স্বাস্থ্য পৰীক্ষা কৰাওক।
অন্য খবৰ পঢ়কঃ শীতকালত গৰম পানীৰে চুলি ধোৱা ভাল নে বেয়া? কেনেকৈ ল’ব যত্ন, জানক সকলো…