আপোনাৰো আছে নেকি হৃদৰোগৰ সমস্যা? প্ৰদূষণৰ মাজত এনে দিশলৈ গুৰুত্ব নিদিলে পৰিব পাৰে বিপদত
প্ৰদূষিত বায়ুৱে কেৱল হাওঁফাওঁত প্ৰভাৱ পেলোৱাই নহয়, প্ৰত্যক্ষভাৱে হৃদযন্ত্ৰত প্ৰভাৱ পেলায়। সেয়ে হৃদযন্ত্ৰৰ সমস্যাত আক্ৰান্ত লোকসকলে প্ৰদূষণৰ সময়ত বিশেষভাৱে নিজৰ যত্ন লোৱা প্ৰয়োজন হয়। জানো আহক এই বিষয়ে।

প্ৰতিনিধিত্বমূলক ছবি
সম্প্ৰতিক সময়ত বৰ্ধিত বায়ু প্ৰদূষণৰ সমস্যা সমগ্ৰ বিশ্বৰে এক ভয়াৱহ ভাবুকি হৈ পৰিছে। শীতকালত উষ্ণতা হ্ৰাস, বতাহ, ধূলিৰ কণা জমা হোৱাৰ বাবে AQI বেয়া হৈ পৰে। যান-বাহন, কাৰখানাৰ ধোঁৱা, আৱৰ্জনা জ্বলোৱা আদিৰ ফলত এই পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। বতাহত মিহলি হৈ থকা PM2.5 আৰু PM10ৰ দৰে মিহি কণাসমূহ উশাহ-নিশাহৰ জৰিয়তে পোনপটীয়াকৈ হাওঁফাওঁ আৰু তেজৰ সোঁতত উপনীত হয়। এনে পৰিস্থিতিত প্ৰদাহ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ৰক্তবাহী নলীত চাপ বৃদ্ধি, অক্সিডেটিভ ক্ষতি বৃদ্ধি পায়। ইয়াৰ ফলত পূৰ্বতে হৃদযন্ত্ৰৰ সমস্যা থকা লোকৰ হঠাৎ ৰক্তচাপ বৃদ্ধি, হৃদস্পন্দনৰ জটিলতা আদিৰ সম্ভাৱনা বৃদ্ধি পায়।
প্ৰদূষণে হৃদযন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। বিষাক্ত কণিকাই ধমনীত প্ৰদাহ বৃদ্ধি কৰে, যাৰ ফলত হৃদযন্ত্ৰৰ পাম্পিং কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে। উচ্চ ৰক্তচাপ, বুকুত গধূৰতা অনুভৱ, উশাহ লোৱাত কষ্ট পোৱা আদি সমস্যা সাধাৰণত অৱস্থাতকৈ অধিক হ’ব পাৰে। পূৰ্বৰে পৰা হৃদযন্ত্ৰত ব্লক থকা, এঞ্জাইনা, উচ্চ ৰক্তচাপ বা এৰিথমিয়া থকা লোক বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে ষ্ট্ৰোক বা হৃদযন্ত্ৰ বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
তদুপৰি টোপনিৰ সমস্যা, সঘনাই ভাগৰুৱা অনুভৱ, মূৰৰ বিষ, মানসিক উদ্বেগ আদিয়েও হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি কৰে। অৰ্থাৎ প্ৰদূষিত বায়ুৱে কেৱল হাওঁফাওঁত প্ৰভাৱ পেলোৱাই নহয়, প্ৰত্যক্ষভাৱে হৃদযন্ত্ৰত প্ৰভাৱ পেলায়। সেয়ে হৃদযন্ত্ৰৰ সমস্যাত আক্ৰান্ত লোকসকলে প্ৰদূষণৰ সময়ত বিশেষভাৱে নিজৰ যত্ন লোৱা প্ৰয়োজন হয়।
প্ৰদূষণ বৃদ্ধিৰ সময়ত হৃদৰোগীৰ যত্ন
ৰাজীৱ গান্ধী হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ অজিত জৈনে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মতামত আগবঢ়াইছে। এনে অৱস্থাত অপ্ৰয়োজনীয়ভাৱে ঘৰৰ বাহিৰলৈ যোৱাৰ পৰা বিৰত থকাই উচিত বুলি তেওঁ কয়। সেয়ে পুৱা আৰু গধূলি ঘৰৰ ভিতৰত খোজ কাঢ়িব লাগে বা AQI কিছু ভাল হ’লেহে বাহিৰলৈ ওলাই যোৱা উচিত হয়।
ঘৰৰ বাহিৰত থাকিলেও N95/N99 মাস্ক পৰিধান কৰক আৰু অধিক যান-জঁট থকা স্থানৰ পৰা পৰাপক্ষত আঁতৰি থাকক। আপুনি ঘৰতে এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰিব পাৰে আৰু ঘৰৰ ভিতৰত যাতে বতাহ সোমাব পাৰে, তাৰ বাবে মাজে মাজে ঘৰৰ খিৰিকী খুলিব পাৰে। লগতে আপোনাৰ ৰক্তচাপ, হৃদস্পন্দন সঘনাই নিৰীক্ষণ কৰক।
যদি আপুনি বুকুৰ চাপ, দ্ৰুত হৃদস্পন্দন, অস্বস্তি, ঘাম ওলোৱা, উশাহ লোৱাত কষ্ট বা হঠাৎ ভাগৰুৱা অনুভৱ কৰে, তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক। সময়মতে ঔষধ খাব লাগে, নিমখ, অধিক তেলত ভজা আৰু প্ৰচেছড খাদ্য কমাব লাগে, প্ৰচুৰ পৰিমাণে পানী খাব লাগে, পৰ্যাপ্ত টোপনিৰ নিয়ম বজাই ৰাখিব লাগে।
লগতে এইসমূহ গুৰুত্বপূৰ্ণ দিশৰ প্ৰতিও লক্ষ্য ৰাখক–
ধূমপান সম্পূৰ্ণৰূপে ত্যাগ কৰক।
জৰুৰীকালীন ঔষধ সততে লগত ৰাখিব।
মানসিক চাপ নিয়ন্ত্ৰণ কৰক।
শাৰীৰিক কাৰ্যকলাপ হ্ৰাস নকৰিব; ঘৰৰ ভিতৰৰ ৱৰ্কআউট কৰক বা AQI ভাল হ’লে বাহিৰলৈ ওলাওক।