3 NOV 2025
TV9 ASSAM
Photos Credit: Unsplash
যদি আপুনি আপোনাৰ শৰীৰক দীৰ্ঘদিনলৈ সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে খাদ্য তালিকাত ফল-মূল অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়। ফল সোৱাদত মিঠা আৰু পুষ্টিকৰ উপাদানৰ ভঁৰাল।
অমিতাৰ কথা ক’বলৈ গ’লে এইবিধ ফল বৰ সোৱাদযুক্ত। মানুহে ৰাতিপুৱা খালী পেটত বা দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত অমিতা খাবলৈ ভাল পায়। অতি ভয়াৱহ ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো ইয়াক ফলপ্ৰসূ বুলি গণ্য কৰা হয়।
আজি আমি আপোনালোকক জনাম যে ৰাতিপুৱা খালী পেটত খালে কি কি লাভ হ'ব পাৰে। ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক।
অমিতা হৈছে ভিটামিন এ, চি, ই, পটাছিয়াম, ফ’লেট, আৰু আঁহৰ লগতে লাইকোপিন আৰু বিটা-কেৰটিনৰ দৰে শক্তিশালী এন্টিঅক্সিডেন্টৰ ভঁৰাল। দৈনিক সেৱন কৰিব লাগে।
আজিকালি মানুহ ক্ৰমান্বয়ে হৃদৰোগৰ বলি হৈছে। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ খালী পেটত অমিতা খাব লাগে। ইয়াত পটাছিয়ামৰ সমৃদ্ধ উৎস।
পৰিৱৰ্তিত বতৰৰ সময়ত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰায়ে দুৰ্বল হৈ পৰে। দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ পুৱা খালী পেটতে অমিতা খাব লাগে কাৰণ ইয়াত ভিটামিন চি থাকে।
কিন্তু অমিতা খোৱাৰ সময়ত সাৱধান হ’ব লাগে যাতে ইয়াৰ অধিক পৰিমাণে নাখায়। কিয়নো অতিমাত্ৰা খাদ্য খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।
চাবলৈ ক্লিক কৰক