বিশ্বকাপত ৰিচাই গঢ়িলে এনে অভিলেখ, আগবাঢ়িল ধোনীতকৈও

3 Nov 2025

TV9 ASSAM

দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ জয় কৰে ভাৰতে। প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা দলে এই কৃতিত্ব অৰ্জন কৰিছে।

বিশ্ব চেম্পিয়ন

বিশ্ব চেম্পিয়ন হোৱাৰ পথত দলৰ প্ৰতিগৰাকী খেলুৱৈয়েই দাঙি ধৰে উজ্জীৱিত প্ৰদৰ্শন। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় ৰিচা ঘোষো।

প্ৰদৰ্শন

বিস্ফোৰক বেটিঙৰ বাবে পৰিচিত ভাৰতীয় উইকেটকীপাৰ ৰিচা ঘোষে এই প্ৰতিযোগিতাত ১৩৩.৫২ ষ্ট্ৰাইক ৰেটেৰে ২৩৫ ৰান সংগ্ৰহ কৰে।

ৰিচা ঘোষ

ফাইনেলতো ৰিচাই ৩৪ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে। এই সময়ত তেওঁ এক অনন্য অভিলেখ গঢ়ে। আনকি এই অভিলেখ গঢ়িব পৰা নাছিল মহেন্দ্ৰ সিং ধোনীয়েও।

অভিলেখ

ধোনীৰ দৰেই উইকেটকীপাৰ বেটাৰ ৰিচাই এই প্ৰতিযোগিতাত মুঠ ১২টা ছয় কোবায়। ২০১১ৰ বিশ্বকাপ জয়ী অধিনায়ক ধোনীয়ে সেই বিশ্বকাপত কোবাইছিল মাত্ৰ ৩টা ছয়।

ছয়ৰ অভিলেখ

ৰিচা এতিয়া মহিলা বিশ্বকাপৰ এটা সংস্কৰণত সৰ্বাধিক ছিক্সাৰৰ ক্ষেত্ৰত ৱেষ্ট ইণ্ডিজৰ ডিয়ান্দ্ৰা ডটিন আৰু দক্ষিণ আফ্ৰিকাৰ লিজেল লীৰ সৈতে শীৰ্ষত আছে।

শীৰ্ষত

পঢ়িবলৈ ক্লিক কৰক 

পাকিস্তানৰ বাবৰে ভাঙিলে ৰোহিতৰ অভিলেখ