দূৰবীণ লৈয়ো পঞ্চায়তত বিচাৰি নাপাব, তৃণমূল পৰ্যায়ত স্থান হেৰুৱাইছে কংগ্ৰেছে: অমিত শ্বাহ

এতিয়া পঞ্চায়তত কংগ্ৰেছ দলক দূৰবীণ লৈয়ো বিচাৰি নাপাব। খানাপাৰাত পঞ্চায়ত প্ৰতিনিধিক সম্বোধন কৰি এইদৰে বিৰোধীক কটাক্ষ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

দূৰবীণ লৈয়ো পঞ্চায়তত বিচাৰি নাপাব, তৃণমূল পৰ্যায়ত স্থান হেৰুৱাইছে কংগ্ৰেছে: অমিত শ্বাহ

অমিত শ্বাহ

Published: 

29 Aug 2025 | 05:28 PM

যোৱা পঞ্চায়ত নিৰ্বাচনত অসমত ধূলিস্যাৎ হৈ গ’ল কংগ্ৰেছৰ দল। এতিয়া পঞ্চায়তত কংগ্ৰেছ দলক দূৰবীণ লৈয়ো বিচাৰি নাপাব। খানাপাৰাত পঞ্চায়ত প্ৰতিনিধিক সম্বোধন কৰি এইদৰে বিৰোধীক কটাক্ষ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ দাবী কৰে যে, দলটো ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ৰাজনৈতিক পৰিৱেশৰ পৰা একেবাৰে হেৰাই যোৱাৰ দৰে হৈ গ’ল।

শুকুৰবাৰে অনুষ্ঠিত এন ডি এ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত দিয়া ভাষণত শ্বাহে কয় যে, পঞ্চায়ত নিৰ্বাচনত শাসকীয় ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলসমূহে বৃহৎ জয় লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে নিজৰ স্থিতিক ধৰি ৰখাত ব্যৰ্থ হৈছে।

তেওঁ কয়, “অসম পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আহিলে, কংগ্ৰেছ ধূলিস্যাৎ হৈ গ’ল। দূৰবীণ(binocular) ব্যৱহাৰ কৰিলেও পঞ্চায়তত কংগ্ৰেছক বিচাৰি নাপাব। যিটো আপোনালোকৰ জয়ৰ বাবে সম্ভৱ হৈছে। এই জয় আপোনালোকৰ।”

গৃহমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে, এই ফলাফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু অসমত বিজেপি চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপৰ প্ৰতিফলন। তেওঁ কয় যে, এই আদেশে স্পষ্টভাৱে ইংগিত দিছে যে ৰাজ্যখনৰ এসময়ত প্ৰভাৱশালী শক্তি হিচাপে পৰিগণিত কংগ্ৰেছে তৃণমূল পৰ্যায়ত স্থান হেৰুৱাইছে।

উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শুকুৰবাৰে দিনটোত প্ৰথমে ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ইয়াৰ পাছতে তেওঁ পঞ্চায়ত প্ৰতিনিধিৰ সমাৱেশত অংশগ্ৰহণ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব