৮ বছৰ পূৰ্বে বিয়া, দুই সন্তান! সকলো এৰি প্ৰেমকিৰ সৈতে পলাল মহিলা, ইফালে স্বামী ICU ত…

পুনৰ এগৰাকী বিবাহিতা মহিলাই পলায়ন কৰে প্ৰেমিকৰ লগত। জানিব পৰা মতে, মহিলাগৰাকীৰ দুই পুত্ৰ সন্তান আছে। কিন্তু এই কথা সহ্য কৰিব নোৱাৰি স্বামীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।

৮ বছৰ পূৰ্বে বিয়া, দুই সন্তান! সকলো এৰি প্ৰেমকিৰ সৈতে পলাল মহিলা, ইফালে স্বামী ICU ত...

স্বামীক এৰি পলাল মহিলা

Published: 

27 Oct 2025 13:40 PM

দেশত বৃদ্ধি পাইছে অবৈধ প্ৰেমৰ ঘটনা। শেহতীয়াকৈ পুনৰ এগৰাকী মহিলাই স্বামী আৰু সন্তানক এৰি প্ৰেমিকৰ সৈতে পলাই যায়। এই দুখ সহ্য কৰিব নোৱাৰি অধিবক্তা স্বামীয়ে বিহ পান কৰে যদিও বৰ্তমান তেওঁ চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি হৈ আছে। ইয়াৰ পূৰ্বে স্বামীয়ে এখন নোট লিখি থৈ যায়, য’ত তেওঁ উল্লেখ কৰে যে, সন্তানক পত্নীৰ হাতত গতাই দিব নালাগে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীৰ কেন্ট থানা এলেকাত।

জানিব পৰা মতে, প্ৰায় ৮ বছৰ পূৰ্বে অধিবক্তাজনে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুটা পুত্ৰ সন্তানো আছে। সকলো ঠিকেই চলি আছিল। কিন্তু কেইমাহমানৰ পৰা মহিলাগৰাকীয়ে অন্য এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছিল। এই কথা মহিলাৰগৰাকীৰ পৰিয়ালে গম পাইছিল আৰু তেওঁক বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু কোনো পধ্যেই মহিলাগৰাকীয়ে কাৰো কথা মানি লোৱা নাছিল।

ইয়াৰ মাজতে কিছুদিন পূৰ্বে মহিলাগৰাকী ঘৰৰ পৰা নোহোৱা হয়। প্ৰথম অৱস্থাত স্বামীয়ে ভাবিছিল তেওঁ মাকৰ ঘৰলৈ যোৱা বুলি। কিন্তু পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ কোনো সন্ধান নাপাই চিন্তিত হৈ পৰে অধিবক্তাজন। তেতিয়া তেওঁ জানিব পাৰে যে মহিলাগৰাকী আচলতে প্ৰেমিকৰ সৈতে পলায়ন কৰিছে। কিন্তু এই কথা সহ্য কৰিব পৰা নাছিল মহিলাগৰাকীৰ অধিবক্তা স্বামীয়ে।

ইয়াৰ পাছত তেওঁ ঘৰতে বিহ পান কৰে। এই কথা গ’ম পাই পৰিয়ালৰ লোকে তেওঁক লগে লগে  হাস্পাতালত ভৰ্তি কৰে আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ভুক্তভোগী স্বামীৰ পেন্টৰ মোনাৰ পৰা এখন নোট উদ্ধাৰ হৈছে। য’ত উল্লেখ আছে যে- “মই আৰু জীয়াই থাকিব নোৱাৰো। মোক আৰু মোৰ সন্তানক বিশ্বাসঘাটকতা কৰা মহিলাক মোৰ সন্তান নিদিব”।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইফালে সন্ধানহীন হৈ আছে মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিক। বৰ্তমান লোকজনৰ অৱস্থা অতি সংকটজনক। যাৰ বাবে তেওঁক কোনো ভাষ্য প্ৰদান কৰিব পৰা নাই। গতিকে আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ স্বামীৰ অনুপস্থিতিত আহিছিল ঘৰলৈ! সন্দেহৰ বাবেই যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড জ্যেষ্ঠ ভাতৃৰ…

অতি বিশ্বাসী এই ৫ ৰাশিৰ লোকে! কেতিয়াও নকৰে বিশ্বাসঘাটকতা...
ঘৰত এইসমূহ চৰাইৰ প্ৰৱেশ অত্যন্ত শুভ! জানক সকলো...
দিনটোত ঘনে ঘনে লাল চাহ বা ৰঙা চাহ খাই নেকি ? ইয়াৰ ফলত স্বাস্থ্যত কি প্ৰভাৱ পৰে?জানক
চিকিৎসালয়ৰ ICUত শ্ৰেয়স আয়াৰ! শংকিত অনুৰাগী, আছে নেকি চিন্তাৰ কাৰণ?