১৫ দিনীয়া নৱজাতকক ফ্ৰীজত ভৰাই শুই গ’ল মহিলা! কাৰণ শুনিলে আচৰিত হ’ব আপুনি…

আপোনালোকে হয়তো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনা শুনিছে। কিন্তু কেতিয়াবা শুনিছেনে যে মহিলাই নিজৰ নৱজাতকক ফ্ৰীজত ভৰাই থোৱাৰ কথা?

১৫ দিনীয়া নৱজাতকক ফ্ৰীজত ভৰাই শুই গল মহিলা! কাৰণ শুনিলে আচৰিত হব আপুনি...

প্ৰতীকী ফটো

Updated On: 

08 Sep 2025 17:29 PM

আপোনালোকে হয়তো বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাৰ বিষয়ে শুনিছে। কিন্তু কেতিয়াবা শুনিছেনে যে কান্দি থকা বাবে এটি শিশুক ফ্ৰীজত ভৰাই থোৱা কথা? আচৰিত হ’লেও এয়াই সত্য়। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুৰাদাবাদত সংঘটিত হৈছে এক আচৰিত ঘটনা। জানিব পৰা মতে, এটি ১৫ দিনীয়া নৱজাতকে কান্দি থকা বাবে নিজ মাতৃয়ে তেওঁক ফ্ৰীজত ভৰাই থয় আৰু পাছত নিজে শুবলৈ যায়।

যেতিয়া শিশুটিৰ কান্দোন শুনা পাই লগে লগে ঘৰত থকা আইতাকে সেই স্থানত উপস্থিত হৈ শিশুটিত ফ্ৰীজৰ বাহিৰলৈ উলিয়াই আনে। যেতিয়া আইতাকে মহিলাগৰাকীয়ে এনে কৰাৰ কাৰণ সোধে তেতিয়া তেওঁ কয় যে, শিশুটিয়ে বহুত কান্দি আছিল, শুৱা নাছিল যাৰ বাবে ফ্ৰীজত ভৰাই থৈ দিয়ে। এই কথা শুনি আচৰিত হৈ পৰে পৰিয়ালৰ লোক। তেওঁলোকে মহিলাগৰাকীক কোনোৱে কলা যাদু কৰা বুলি তান্ত্ৰিকৰ ওচৰলৈ লৈ যায় যদিও বিশেষ কোনো কাম নিদিলে।

পাছত ওচৰ-চুবুৰীয়াৰ উপদেশ অনুসৰি মহিলাগৰাকীক মানসিক চিকিৎসক কাৰ্তিকেয় গুপ্তাৰ ওচৰলৈ লৈ যায়। পাছত তেওঁ চিকিৎসা আৰম্ভ কৰে। তেতিয়া চিকিৎসকগৰাকীয়ে কয় যে, মহিলাগৰাকী এটা মানসিক ৰোগত আক্ৰান্ত হৈ আছে। যাক পোষ্টপাৰ্টম ডিচৰডাৰ (Postpartum Disorder) বুলি কোৱা হয়। এই সমস্যা বিশেষকৈ মহিলাসকলৰ হোৱা দেখা যায়। চিকিৎসকগৰাকীয়ে কয় যে, প্ৰসৱৰ পাছত প্ৰায় ১০-১৫ শতাংশ মহিলাৰ সৈতে এই সমস্যা হোৱা দেখা যায়।

প্ৰসৱৰ পিছৰ মনোৰোগ

এই ৰোগ কেইটামান সপ্তাহৰ ভিতৰত ঠিক হয়। কিন্তু কিছুমান স্থিতি গম্ভীৰ হৈ পোষ্টপাৰ্টম ডিপ্ৰেশ্যন বা পোষ্টপাৰ্টম চাইকোছিচৰ ৰূপ লয়। পোষ্টপাৰ্টম চাইকোছিচ এক গুৰুতৰ ৰোগ। যি ০.১-০.২ শতাংশ মহিলাৰ মাজত দেখা যায়। এই ৰোগে মহিলাসকলক ভ্ৰমিত কৰে। ইয়াৰ ফলত মহিলাৰ ভ্ৰম, অত্যধিক চিন্তা, টোপনিত সমস্যা, কেতিয়াবা নিজ সন্তানৰ প্ৰতি হানিকাৰক ব্যৱহাৰ আদি হোৱা দেখা যায়।

চিকিৎসা সম্ভৱ

এনে মহিলাসকলে কেতিয়াবা অনুভৱ কৰে যে তেওঁক বা তেওঁৰ সন্তানক কোনোৱে ক্ষতি কৰিব পাৰে। কিন্তু এই অৱস্থাৰ চিকিৎসা সম্ভৱ।ইয়াৰ বাবে ঔষধ, মনোৰোগ বিশেষজ্ঞৰ মানসিক পৰামৰ্শ, পৰিয়ালৰ সহায়ৰ প্ৰয়োজন। চিকিৎসকগৰাকীয়ে কয় যে, সময়মতে চিকিৎসা কৰিলে মহিলাগৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠিব পাৰে। ইয়াৰোপৰি কিছুমানক যোগাসন কৰিবলৈও কোৱা হয়। এই ক্ষেত্ৰত সবাতোকৈ পৰিয়ালৰ সহায়ৰ প্ৰয়োজন হয়।

অন্য খবৰ পঢ়কঃ আনৰ বাবে নিৰ্মাণ কৰিছিল ঘৰ! নিজৰ বাবে নাছিল টকা, শুই থকা অৱস্থাত চালি খহি মৃত্যু শ্ৰমিকৰ

সাধাৰণভাৱে নল'ব, কি কি ৰোগৰ ফলত সঘনাই এচিডিটিৰ সমস্যা হ’ব পাৰে? জানক...
আজিৰ পৰাই সৱাধান হওক... মহিলাৰ মেদবহুলতাৰ আঁৰত লুকাই থকা তিনিটা প্ৰধান কাৰণ জানক...
গুপ্তাংগত ওলোৱা ফোঁহা সহজে কেনেকৈ দূৰ কৰিব?
ধুনীয়া আৰু আকৰ্ষণীয় শৰীৰৰ বাবে কি কি কৰিব, ভুলতো নকৰিব মাথোঁ ভুল!