প্ৰেম বিবাহিতা মহিলাৰে, বিয়া যুৱতীৰে! প্ৰথমে কাপোৰ খুলিলে আৰু পাছত বিলালৰ ভয়ংকৰ কাণ্ড…

স্বামী, সন্তানক এৰি প্ৰেমিকৰ সৈতে লিভ-ইনত থকা এগৰাকী মহিলাৰ সৈতে সংঘটিত হয় ভয়ংকৰ কাণ্ড। জানিব পৰা মতে, বিলাল নামৰ যুৱকজনে মহিলাগৰাকীক নৃশংসভাৱে হত্যা কৰে। ইয়াৰ পাছতে বিলাল অন্য এগৰাকী যুৱতীৰ সৈতে বিয়াৰ বজাৰত ব্যস্ত হৈ পৰে।

প্ৰেম বিবাহিতা মহিলাৰে, বিয়া যুৱতীৰে! প্ৰথমে কাপোৰ খুলিলে আৰু পাছত বিলালৰ ভয়ংকৰ কাণ্ড...

অভিযুক্ত

Published: 

17 Dec 2025 17:29 PM

এগৰাকী মহিলাৰ হত্যাকাণ্ডই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিছুদিন পূৰ্বে হাৰিয়ানাৰ যমুনা নগৰ জিলাত এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল। মৃতদেহটোত নাছিল কাপোৰ। ইয়াৰ পাছতে পোহৰলৈ আহিছিল যে, মহিলাগৰাকী উত্তৰ প্ৰদেশ ছাহৰানপুৰৰ বাসিন্দা। দীৰ্ঘদিন ধৰি চলোৱা তদন্তৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীৰ লিভ-ইন পাৰ্টনাৰ বিলালক। জেৰাৰ সময়ত বিলালে এতিয়া হত্যাৰ বহু বিস্ফোৰক কাণ্ড উদঙাই তুলিছে।

তথ্য় অনুসৰি, বিলালে দীৰ্ঘদিন ধৰি মহিলাগৰাকীৰ সৈতে লিভ-ইনত আছিল। মহিলাগৰাকী আছিল বিবাহিতা আৰু পুত্ৰ সন্তানৰ মাতৃ। কিন্তু স্বামী-পুত্ৰক এৰি তেওঁ প্ৰেমিক বিলালৰ সৈতে বাস কৰিছিল। ইয়াৰ মাজতে ১৪ ডিচেম্বৰত বিলালৰ আন এগৰাকী যুৱতীৰ সৈতে বিয়া ঠিক হয়। গতিকে মহিলাগৰাকীক বিলালে নিজৰ ৰাস্তাৰ পৰা আঁতৰাব চেষ্টা কৰে। যাৰ বাবে বিলালে মহিলাগৰাকীক হত্যা কৰে। হত্যাকাণ্ডৰ পাছত বিলালে মহিলাগৰাকী আৰু নিজৰ ফোন ফৰমেট কৰিছিল। কিয়নো তাতেই আছিল দুয়োৰে অন্তৰংগ মুহূৰ্তৰ ফটো, ভিডিঅ’ আদি।

জানিব পৰা মতে, ৬ ডিচেম্বৰত বিলালে মহিলাগৰাকীক গাড়ীত উঠাই লৈ যায় আৰু পাছত হত্যা কৰে। মৃতদেহটো যাতে চিনাক্ত নহয় তাৰ বাবে তেওঁ মূৰটো কাটি পেলাই আৰু গাৰ সকলো কাপোৰ খুলি দিয়ে। ইয়াৰ পাছত বিলাল নিজৰ ঘৰলৈ গৈ শান্তিৰে শুই পৰে আৰু পাছদিনা পুৱা উঠি ব্যস্ত হৈ পৰে বিয়াৰ বজাৰ কৰাত।

কেনেকৈ পোহৰলৈ আহিল

বিলাল এই কাণ্ডৰ পৰা হাত সৰাৰ বাবে সকলো চেষ্টা কৰিছিল। কিন্তু তেওঁ সাৰি নগ’ল। আৰক্ষীৰ তদন্তত ৬ ডিচেম্বৰৰ নিশা প্ৰায় ১১:৩৪ বজাত চিচিটিভি ফুটেজত বিলালৰ গাড়ীখন দেখিবলৈ পাইছিল। সেই গাড়ীখনৰ পম খেদিয়ে আৰক্ষীয়ে ১৩ ডিচেম্বৰত বিলালক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতে বিলালে হত্যাৰ কথা স্বীকাৰ কৰে। বিলালক জেৰা কৰাৰ অন্তত আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা, প্ৰেমিকাৰ ফোন, কাপোৰ, উপহাৰ আদি উদ্ধাৰ কৰে।

বিলালে কয় যে, সকলো পৰিকল্পনা কৰি ৬ ডিচেম্বৰৰ দিনা তেওঁ প্ৰেমিকাক গাড়ীত উঠাই লৈ যায়। ভ্ৰমণৰ অজুহাতত প্ৰায় ১০০ কিলোমিটাৰ গাড়ী চলায়। যেতিয়া তেওঁলোকে এটা নিৰ্জন ঠাই পাই তেতিয়া বিলালে গাড়ীখন প্ৰথমে ৰখায়। প্ৰথম অৱস্থাত তেওঁ প্ৰেমিকাৰ কাপোৰ খোলে আৰু পাছত ছিট বেল্টেৰে ডিঙি চেপি হত্যা কৰে। ইয়াৰ পাছত মৃতদেহটো অন্য এটা স্থানলৈ নি মূৰটো কাটি পৃথক কৰে। এই নৃশংস কাণ্ড সংঘটিত কৰি বিলালে ঘৰলৈ যায় আৰু বিয়াৰ প্ৰস্তুতি চলায়।

উল্লেখ্য যে, মহিলাগৰাকী বিবাহিতা আছিল। কিন্তু স্বামী আৰু পুত্ৰ সন্তানক এৰি তেওঁ দুবছৰ ধৰি বিলালৰ সৈতে সম্পৰ্কত আছিল। মহিলাগৰাকীৰ পিতৃ পৱন আৰু ভাতৃ টিংকু কুমাৰে ইতিমধ্যে মৃতদেহ চিনাক্ত কৰিছে। পিতৃয়ে কয় যে, ১৫ বছৰ পূৰ্বে তেওঁ প্ৰেমিক জনিৰ সৈতে পলাই গৈছিল। তেতিয়াৰ পৰা তেওঁলোকে কন্যাক মৃত বুলি ধৰি লৈছিল। কিন্তু মানৱতাৰ খাতিৰত শেষকৃত সম্পন্ন কৰে তেওঁলোকে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।

 

 

অন্য খবৰ পঢ়কঃ স্বামী-পুত্ৰক এৰি প্ৰেমিকৰ সৈতে লিভ-ইনত! মহিলাৰ সৈতে বিলালৰ ভয়ংকৰ কাণ্ড…

ভৰি ফুলা, ছালৰ খজুৱতি, অনিদ্ৰা... এয়া কি ৰোগৰ ইংগিত?
ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
দূৰ হ'ব আৰ্থিক সমস্যা, আহিব সফলতা! মাত্ৰ ঘৰত ৰাখক এই ৫ বিধ বস্তু...
প্ৰতিদিনে কেঁচা জলকীয়া খালে শৰীৰৰ কি কি লাভ হয়? জানক...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...