লাভ জেহাদ! ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃত্যু; সন্দেহৰ আৱৰ্তত প্ৰেমিক কাছিম আহমেদ…

পুনৰ অকালতে প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে। এই কাণ্ডৰ অভিযোগ যুৱতীগৰাকীৰ প্ৰেমিকৰ বিৰুদ্ধে উত্থাপন হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লাভ জেহাদ! ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃত্যু; সন্দেহৰ আৱৰ্তত প্ৰেমিক কাছিম আহমেদ...

যুৱতীগৰাকী

Updated On: 

10 Nov 2025 15:30 PM

অকালতে প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীগৰাকীয়ে। মডেল হিচাপে কৰ্মৰত এই যুৱতীগৰাকীৰ নাম খুচবু আহিৰৱাৰ বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে মৰমতে তেওঁক খুচী বুলি মাতিছিল। কিন্তু এতিয়া মৰমৰ কন্যাৰ মৃত্যুত ভাগি পৰিছে পৰিয়ালৰ লোকে। জানিব পৰা মতে, দেওবাৰে নিশা মধ্যপ্ৰদেশৰ ৰাজধানী ভোপালত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। যুৱতীগৰাকীৰ অতি ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয়।

যুৱতীগৰাকীৰ মৃত্যুৰ পাছতে বহু প্ৰশ্নৰ উত্থাপন হৈছে। পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে, তেওঁৰ প্ৰেমিক কাছিম আহমেদে এই কাণ্ড সংঘটিত কৰিছে। ইয়াৰ পাছতে আৰক্ষীয়ে কাছিমক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে, ঘটনাৰ দিনা উজ্জেনৰ পৰা দুয়ো ভোপাললৈ আহি থকা অৱস্থাত হঠাতে যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি হয়। লগে  লগে কাছিমে তেওঁক হাস্পাতালত ভৰ্তি কৰে যদিও তেতিয়ালৈকে বহুত পলম হয়। ইতিমধ্যেই মৃত্যুক সাৱতি লৈছিল যুৱতীগৰাকীয়ে।

যুৱতীগৰাকীৰ মাতৃয়ে জনোৱা মতে, কাছিমে কালি নিশা প্ৰায় ১১ মান বজাত ফোন কৰি কয় যে, খুচবুৰ শৰীৰটো জঠৰ হৈ পৰিছে। যাৰ বাবে তেওঁক চিৰায়ু হাস্পতাললৈ লৈ যোৱা হয়, কিন্তু তাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। পৰিয়ালে অভিযোগ কৰা অনুসৰি যুৱতীগৰাকীৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছিল। যুৱতীগৰাকীৰ শৰীৰৰ কেইবা অংশত আঘাত আছিল। যাৰ বাবে এয়া স্বাভাৱিক মৃত্যু বুলি মানি ল’ব বিচৰা নাই যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। তেওঁলোকৰ মতে, যুৱতীগৰাকীৰ সৈতে লাভ জেহাদ হৈছিল, তাৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হয়।

আৰক্ষীয়ে ইতিমধ্যে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। গতিকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতহে জানিব পৰা যাব মৃত্যুৰ কাৰণ।

তথ্য অনুসৰি, অভিযুক্ত কাছিমৰ অপৰাধমূলক কাৰ্যকলাৰ ইতিহাস আছে। ইয়াৰ পূৰ্বে তেওঁ বিভিন্ন কাৰণত জেল খাইছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, কাছিমে যুৱতীগৰাকীৰ মোবাইলৰ পৰা টকাৰ লেনদেন কৰিছিল। ইয়াক লৈ যুৱতীগৰাকীৰ সৈতে তেওঁৰ কাজিয়া হৈছিল। তদন্তৰ সময়ত আৰক্ষীয়ে অবৈধ লেনদেনৰ তথ্যও লাভ কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ ব্যৱসায়তো ৰামদেৱৰ দপদপনি! বিনিয়োগকাৰীয়ে পাব অধিক লাভ, কৰিলে নতুন ঘোষণা…

জীৱনৰ ২৪তম জন্মদিন উদযাপন ৰিয়ানৰ, জানেনে তেওঁৰ নামত থকা অভিলেখসমূহৰ বিষয়ে
মা লক্ষ্মীৰ আগমনৰ পূৰ্বে দেখা দিয়ে এইসমূহ সংকেত! জানক সকলো...
ফেটি লিভাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি ? এই সমস্যা থকাসকলৰ বাবে ৭ টা পৰামৰ্শ
চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ খাওক এইসমূহ শাক-পাচলি...