প্ৰথমে অবৈধ প্ৰেম ৫ সন্তানৰ মাতৃৰ! তাৰ পিছত পথাৰত স্বামীৰ সৈতে নৃশংস কাণ্ড….

প্ৰায় চাৰি মাহ আগতে এখন ধান বাগিচাত সুনীতা আৰু অংশু লগ হৈছিল। এই সময়ছোৱাতে তেওঁলোকৰ মাজত কথা-বতৰা আৰম্ভ হৈছিল আৰু এক অবৈধ সম্পৰ্ক গঢ়ি উঠিছিল। সুনীতাই প্ৰায়ে স্বামী বীৰপালক মদ খুৱাই পথাৰলৈ পঠিয়াইছিল যাতে তেওঁ প্ৰেমিকক লগ পাব পাৰে।

প্ৰথমে অবৈধ প্ৰেম ৫ সন্তানৰ মাতৃৰ! তাৰ পিছত পথাৰত স্বামীৰ সৈতে নৃশংস কাণ্ড....

৫ সন্তানৰ মাতৃৰ জঘন্যৰ কাণ্ড

Updated On: 

15 Oct 2025 22:55 PM

অবৈধ প্ৰেম আৰু এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সকলোকে । স্বামীক হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে  পত্নী সুনীতা আৰু তেওঁৰ প্ৰেমিক অংশুক । তদন্তত পোহৰলৈ আহিছে যে পাঁচ সন্তানৰ মাতৃ সুনীতাই নিজতকৈ ১২ বছৰ সৰু প্ৰেমিকৰ সৈতে স্বামীক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ সত্য। উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাৰ বিলাৰী থানাৰ অন্তৰ্গত আলহাদপুৰ দেৱা নাগলা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

প্ৰায় চাৰি মাহ আগতে এখন ধান বাগিচাত সুনীতা আৰু অংশু লগ হৈছিল। এই সময়ছোৱাতে তেওঁলোকৰ মাজত কথা-বতৰা আৰম্ভ হৈছিল আৰু এক অবৈধ সম্পৰ্ক গঢ়ি উঠিছিল। সুনীতাই প্ৰায়ে স্বামী বীৰপালক মদ খুৱাই পথাৰলৈ পঠিয়াইছিল যাতে তেওঁ প্ৰেমিকক লগ পাব পাৰে। কিছু দিনৰ পাছত বীৰপাল এই সম্পৰ্কৰ বিষয়ে অৱগত হ’ল। এদিন ঘৰলৈ উভতি আহি দুয়োকে অসংযত অৱস্থাত ধৰা পেলালে। তাৰ পিছত খঙতে তেওঁ পত্নীক মাৰপিট কৰিলে।

এই অপমানত ক্ষুব্ধ হৈ সুনীতাই প্ৰেমিকক উচটনি দিছিল। স্বামীক হত্যা নকৰিলে আত্মহত্যাৰ ভাবুকিও দিছিল। তাৰ পাছত ১৩ অক্টোবৰৰ নিশা তেওঁলোকে এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰে। সেই নিশা বীৰপাল পথাৰত শুবলৈ গৈছিল। সুনীতাই ইংগিত দি প্ৰেমিকক পথাৰলৈ মাতিলে। আহি পোৱাৰ লগে লগে অংশুৱে বীৰপালক ডিঙি চেপি হত্যা কৰে।

পিছদিনা  গাঁৱৰ মানুহে বীৰপালৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। তদন্তৰ সময়ত আৰক্ষীয়ে মোবাইল কলৰ ৰেকৰ্ড আৰু সাক্ষীৰ বক্তব্য পৰীক্ষা কৰে। য়িবোৰে সুনিতা আৰু অংশুৰ মাজত সঘনাই যোগাযোগ হোৱাটো নিশ্চিত কৰিলে। প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে। তাৰ পিছত জেৰাৰ সময়ত দুয়োজনে নিজৰ অপৰাধ স্বীকাৰ কৰে। আৰক্ষীৰ মতে, অংশুৱে স্বীকাৰোক্তি দিয়ে যে, সুনীতাই স্বামীৰ মৃত্যুৰ পিছত তেওঁক বিয়া কৰাই আজীৱন তেওঁৰ লগতে থাকিব বুলি প্ৰতিশ্ৰুতি দিছিল।

এই প্ৰেমৰ স্বাৰ্থতে অংশুৱে সংঘটিত কৰিলে জঘন্য হত্যাকাণ্ডটো। এতিয়া মৃত বীৰপালৰ ৫টা সন্তান ডাঙৰ-দীঘল কৰাৰ দায়িত্ব বৃদ্ধা মাতৃৰ।  এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে গাঁওবাসীয়ে। প্ৰেমৰ বাবে এগৰাকী মহিলাই নিজৰ স্বামীৰ প্ৰাণ কাঢ়ি লোৱা ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।

প্লাষ্টিকৰ বৰ্তনত খাদ্য খোৱাৰ অভ্যাস আছে নেকি? তেন্তে হওক সাৱধান!
ঘৰ নিৰ্মাণৰ পূৰ্বে বাস্তুৰ এইসমূহ নিয়ম অনুসৰণ কৰাটো দৰকাৰ, নহ'লে বিপদ অনিবাৰ্য!
হঠাতে কেতিয়াবা শ্মশানযাত্ৰা দেখা ভাল নে বেয়া? জানক শাস্ত্ৰই কি কয়...
হ'ব অমংগল! আনৰ পৰা ধাৰ লৈ এইসমূহ বস্তু নথ'ব ঘৰত, জানক...