তৃতীয় পত্নীৰ সৈতে স্বামীৰ ভয়ংকৰ কাণ্ড! বস্তাৰ দুৰ্গন্ধই পোহৰলৈ আনিলে সকলো…
এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। এজন লোকে অতি নৃশংসভাৱে পত্নীক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। পলাতক অৱস্থাত আছে অভিযুক্ত।

ঘটনাস্থলী
পুনৰ পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। এজন লোকে অতি ভয়ংকৰভাৱে হত্যা কৰে নিজৰ তৃতীয় পত্নীক, আৰু পাছত মৃতদেহটো টুকুৰা-টুকুৰ কৰি বিভিন্ন সময়ত ঘৰৰ ভিতৰত জ্বলাবলৈ আৰম্ভ কৰে। কিন্তু এজন টেক্সিচালকৰ বাবে এই সমগ্ৰ কাণ্ড পোহৰলৈ আহে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশ ঝান্সীৰ ছিপৰি বজাৰ থানা এলেকাত।
ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে নিশা এজন লোকে এখন টেক্সি ভাড়া কৰিছিল। চালকজনে যেতিয়া বুক কৰা স্থান গৈ পাই তেতিয়া এজন লোকে এটা বস্তা গাড়ীত উঠাই নিবলৈ কয়। ইফালে টেক্সিত বহাৰ সলনি লোকজন পাছে পাছে গৈ থাকে। কিন্তু কিছুদূৰ যোৱাৰ পাছতে টেক্সিচালকজনে দেখে যে অভিযুক্ত সেই স্থানৰ পৰা পলায়ন কৰিছে। ইফালে বস্তাৰ পৰা তেজ আৰু বেয়া দুৰ্গন্ধ ওলাই আছিল। ইয়াৰ লগে লগে চালকজনে আৰক্ষীক ফোন কৰি ঘটনা সন্দৰ্ভত সবিশেষ জনায়।
তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বস্তাটো খুলি আচৰিত হৈ পৰে। কিয়টো বস্তাৰ ভিতৰত আছিল এগৰাকী মহিলাৰ টুকুৰা টুকুৰ মৃতদেহ। ইফালে শৰীৰৰ আন কিছু অংশ পুৰি যোৱা অৱস্থাত আছিল। লগে লগে আৰক্ষীয়ে মৃতদেহটো জব্দ কৰি তদন্ত আৰম্ভ কৰে।
টেক্সিচালকজনৰ সহায়ত আৰক্ষীয়ে মহিলাগৰাকীক চিনাক্ত কৰে। তদন্তত পোহৰলৈ আহে যে, মহিলাগৰাকী ৰে’লৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বৃজভানৰ সৈতে ব্ৰহ্ম নগৰৰ ভাড়াঘৰত বাস কৰিছিল। খবৰ অনুসৰি তেওঁ আছিল বৃজভানৰ তৃতীয় পত্নী। আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰায় এসপ্তাহ পূৰ্বে হত্যা কৰা হৈছিল মহিলাগৰাকীক। ইয়াৰ পাছতে অভিযুক্তই মৃতদেহটো টুকুৰা-টুকুৰ কৰি জ্বলাই দিয়াৰ চেষ্টা কৰিছিল।
কিন্তু মৃতদেহৰ কিছুমান অংশ জ্বলি যোৱা নাছিল। যাৰ বাবে কালি নিশা মৃতদেহটো বস্তাত ভৰাই তেওঁ টেক্সিত পঠিয়াই দিয়ে। ইফালে বৰ্তমান সময়তো পলাতক অৱস্থাত আছে অভিযুক্ত। গতিকে এই ঘটনা কিয়, কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ কি হ’ব চিকেন নেকৰ? বাংলাদেশ নিৰ্বাচনৰ পাছতে বিপদ বাঢ়িব নেকি ভাৰতৰ…