টেটুৰ বাবে সকলো! পত্নীক লৈ গ’ল চাহ খুৱাবলৈ, স্বামীয়ে গাড়ী ৰখাই ডাঙৰ শিল এটা ল’লে আৰু পাছত…

মানুহ ইমান নৃশংস কেনেকৈ হ'ব পাৰে? কেৱল সন্দেহৰ বাবে এগৰাকী মহিলাক অতি নৃশংসভাৱে হত্যা কৰে স্বামীয়ে। এই কাণ্ডই এটা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

টেটুৰ বাবে সকলো! পত্নীক লৈ গল চাহ খুৱাবলৈ, স্বামীয়ে গাড়ী ৰখাই ডাঙৰ শিল এটা ললে আৰু পাছত...

মহিলাগৰাকী

Published: 

23 Dec 2025 | 10:05 AM

কেৱল সন্দেহৰ বাবে এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰিলে স্বামীয়ে। জানিব পৰা মতে, ২৪ বছৰীয়া মহিলাগৰাকীয়ে হাতত এটা টেটু আকিছিল, যাক লৈ স্বামীৰ সন্দেহ হৈছিল। এই সন্দেহৰ পৰিণতিতে ৪৮ বছৰীয়া স্বামীয়ে মহিলাগৰাকীক নৃশংসভাৱে হত্যা কৰে। মৃত্যুৰ পূৰ্বে পত্নীয়ে স্বামীক বুজাবলৈ যথেষ্ঠ চেষ্টা কৰিছিল। কিন্তু স্বামীয়ে মাত্ৰ এটাই প্ৰশ্ন কৰিছিল- এই G কোন? আৰু তাৰ পাছতে হত্যা কৰে পত্নীক। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাৰণাসীত।

প্ৰাপ্ত খবৰ অনুসৰি, ৪৮ বছৰীয়া প্ৰদীপ মিশ্ৰই অটো চলাই পৰিয়াল পোহপাল দিয়ে। পূৰ্বৰে পৰা তেওঁৰ বিৰুদ্ধে কেইবাখনো থানাত বহু গোচৰ ৰুজু হৈ আছে।

১৯ ডিচেম্বৰত প্ৰদীপে পত্নীৰ সৈতে ভনীয়েকক লগ কৰিবলৈ যায়। তেতিয়া প্ৰদীপে পত্নীক প্ৰশ্ন কৰে- তোমাৰ এখন হাতত মোৰ আৰু তোমাৰ নাম আছে। আনখন হাতত কাৰ নাম? কাৰ নাম G?  তেতিয়া পত্নীয়ে কয় যে, G মানে গুড্ডু। আমাৰ পোহনীয়া জন্তুটোৰ নাম। কিন্তু প্ৰদীপে এই কথা মানি লোৱা নাছিল আৰু পত্নীৰ সৈতে কাজিয়া কৰিছিল। পাছত প্ৰদীপৰ ভগ্নীয়ে হস্তক্ষেপ কৰি কাজিয়া কিছু শান্ত কৰিছিল।

আৰক্ষীৰ আগত প্ৰদীপে কয় যে, কাজিয়া শেষ হোৱাৰ পাছত মই মোৰ পত্নীক চাহ খুৱাম বুলি বাহিৰলৈ লৈ যাওঁ আৰু তেতিয়াও হত্যাৰ পৰিকল্পনা কৰো। সেই অনুসৰি, বাটত অটোখন ৰখাও আৰু মাফলাৰৰ দ্বাৰা পত্নীৰ ডিঙি চেপি হত্যা কৰে। পাছত শিল এটা লৈ মুখত কেইবাবাৰো প্ৰহাৰ কৰো যাতে তেওঁৰ মৃতদেহ চিনাক্ত নহয়। খং বহুত আছিল, যাৰ বাবে পুনৰ তেওঁৰ ভৰিত কেইবাবাৰো প্ৰহাৰ কৰো। যেতিয়া খং কমে তেতিয়া মৃতদেহটো জোপোহাৰ মাজত দলিয়াই দিও।

কেনেকৈ পোহৰলৈ আহিল

উল্লেখ্য যে, জোপোহাৰ মাজত অচিনাকী মৃতদেহ পৰি থকা দেখি স্থানীয় লোকে আৰক্ষীক খবৰ দিছিল। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি চিনাক্তৰ বাবে টেটু দুটাৰ সহায় হৈছিল। এখন হাতত লিখা আছিল P আৰু L , আনখন হাতত G আৰু L। সেই টেটুৰ সহায়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল আৰু পাছলৈ মহিলাগৰাকী চিনাক্ত হৈছিল।

এই সময়চোৱাত পলাতক অৱস্থাত আছিল মহিলাগৰাকীৰ স্বামী প্ৰদীপ। কিন্তু বহু অভিযানৰ অন্তত ২২ ডিচেম্বৰত আৰক্ষীয়ে প্ৰদীপক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, প্ৰদীপ এজন হিষ্ট্ৰী-শ্বীটাৰ আৰু তেওঁৰ বিৰুদ্ধে ৭টাকৈ গোচৰ ৰুজু হৈ আছে। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

 

 

অন্য খবৰ পঢ়কঃ দিয়া নাছিল ৬ মাহৰ ভাড়া! মহিলাৰ সৈতে স্বামী-স্ত্ৰীৰ ভয়ংকৰ কাণ্ড, ছুটকেছত উদ্ধাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...