মমতাৰ ৰাজ্যত পুনৰ জঘন্য কাণ্ড! এইবাৰ ভুক্তভোগী এগৰাকী নাৰ্ছ আৰু এটি ৭ বছৰীয়া শিশু
মধ্যমগ্ৰামৰ শিশুটিক যৌন নিৰ্যাতন চলোৱ অভিযোগত আব্দুল ৰব আৰু পঞ্চায়ত সদস্য আব্দুল হাফিজক বৰাছাটক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হয়। বৰ্তমান দুয়োকে ৩ দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

প্ৰতীকি ফটো
কলকাতাৰ আৰ জি কৰ হাস্পাতালত কনিষ্ঠ চিকিৎসকগৰাকীৰ লগত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। বীৰভুম জিলাৰ ইলাম বজাৰত নিশা কৰ্তব্যৰত অৱস্থাত এগৰাকী নাৰ্ছৰ লগত নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ এক খবৰ পোহৰলৈ আহিছে। সমান্তৰালভাৱে উত্তৰ ২৪ পৰগনাৰ মধ্যমগ্ৰামত ৭ বছৰীয়া এটি শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয় দুজন। এই ঘটনাৰ পাছতেই মধ্যমগ্ৰামত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এই দুই ঘটনাৰ অভিযুক্তক।
ঘটনাৰ বিৱৰণী অনুসৰি বীৰভূম জিলাৰ ইলামবজাৰত নিশা কৰ্তব্য কৰি থকা এগৰাকী নাৰ্ছক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয় এজন যুৱক।ধৃত যুৱকজনৰ নাম শ্বেখ আব্বাছ উদ্দিন। তেওঁৰ বয়স প্ৰায় ৩০ বছৰ মান হ’ব। জানিব পৰা মতে শ্বেখ আব্বাছ উদ্দিন নামৰ যুৱকজনক চৰ্দি আৰু জ্বৰৰ বাবে ইলামবজাৰ ব্লক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল। যেতিয়া নাৰ্ছগৰাকীয়ে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ গৈছিল তেতিয়া তেওঁ নাৰ্ছগৰাকীৰ ব্যক্তিগত অংগত স্পৰ্শ কৰাৰ অভিযোগ উত্থাপন হয়।
নিশাৰ ঘটনা সন্দৰ্ভত দেওবাৰে (১ ছেপ্টেম্বৰ) পুৱাৰে পৰা চিকিৎসালয় চৌহদত মহিলা নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। স্বাস্থ্য কৰ্মীসকলে কয় যে আমাক মাত্ৰ দুদিনৰ বাবে নিৰাপত্তা নালাগে। আমাৰ নিৰাপত্তা স্থায়ী হ’ব লাগে। প্ৰশাসনে নিৰাপত্তা সুনিশ্চিত নকৰালৈকে আমি কোনো কাম নকৰো বুলি কয় স্বাস্থ্যকৰ্মীসকলে।
আনহাতে মধ্যগ্ৰামত সংঘটিত হোৱা এক জঘন্য ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। অভিযুক্তৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে স্থানীয় ৰাইজে ঘটনাস্থলী প্ৰতিবাদত উত্তাল কৰি তোলে। আৰক্ষীয়ে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ লাঠী চাৰ্জ, কন্দুৱা গেছ নিক্ষেপ কৰিবলৈও বাধ্য হয়।
অভিযোগ অনুসৰি মধ্যমগ্ৰামত এগৰাকী সাত বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱা হয়। মধ্যমগ্ৰামৰ ৰোহান্দা পঞ্চায়তৰ ৰাজবাৰী অঞ্চলত এই ঘটনা সংঘটিত হৈছে। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই স্থানীয় ৰাইজে ক্ষোভিত হৈ অভিযুক্তৰ আত্মীয়ৰ দোকান ভাঙি লণ্ডভণ্ড কৰে। স্থানীয় ৰাইজে কয় যে, গাঁও পঞ্চায়তৰ সদস্যৰ পৰিয়ালে অভিযুক্তক ৰক্ষণা বেক্ষণ দিবলৈ চেষ্টা কৰি আছে। যাৰ বাবে তেওঁলোকৰ ঘৰতো আক্ৰমণ চলায়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে লাঠি চাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
মধ্যমগ্ৰামৰ শিশুটিক যৌন নিৰ্যাতন চলোৱ অভিযোগত আব্দুল ৰব আৰু পঞ্চায়ত সদস্য আব্দুল হাফিজক বৰাছাটক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হয়। বৰ্তমান দুয়োকে ৩ দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।