১৫০ তকৈ অধিক পৰিয়ালক জাননী, এখন গাঁও ৱাকফৰ সম্পত্তি বুলি দাবী, ক’ত এই ঘটনা জানক…

দেশৰ বিভিন্ন প্ৰান্তত ৱাকফক লৈ চলি থকা চাঞ্চল্যৰ মাজতে শেহতীয়াকৈ অন্য এক খবৰ পোহৰলৈ আহিছে। এক দৰগাহ কৰ্তৃপক্ষই এখন গাঁৱলৈ জাননী জাৰি কৰি গাঁও খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।

১৫০ তকৈ অধিক পৰিয়ালক জাননী, এখন গাঁও ৱাকফৰ সম্পত্তি বুলি দাবী, কত এই ঘটনা জানক...

ৱাকফ ব'ৰ্ড

Published: 

16 Apr 2025 | 02:35 PM

ৱাকফ সংশোধনী আইনক লৈ দেশৰ বিভিন্ন প্ৰান্তত চাঞ্চল্য অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ অন্য এক খবৰ পোহৰলৈ আহিছে। এটা দৰগাহে এখন গাঁৱলৈ জাননী জাৰি কৰি কৈছে যে সেই গাঁওখন ৱাকফৰ সম্পত্তিৰ অধীনত আছে। ইতিমধ্যে ইয়াৰ বাবে ১৫০ জনকৈ অধিক পৰিয়াললৈ জাননী জাৰি কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে তামিলনাডুৰ তিৰুচেন্দুৰাই গাঁৱত। তথ্য অনুসৰি ভেল্লোৰ জিলাৰ আনাইকাট্টু তালুকৰ কাটুকোল্লাই গাঁৱৰ চৈয়দ আলী চুলতান শ্বাহ দৰগাহে জাননী জাৰি কৰাৰ পাছতেই গাঁৱবাসীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

দৰগাহে জাৰি কৰা জাননীত গাঁৱবাসীক ৱাকফৰ সৈতে আনুষ্ঠানিক চুক্তি কৰি দৰগাহ কতৃপক্ষক ভূমিৰ ভাড়া দিবলৈ কৈছে। কেৱল এয়াই নহয়, যিসকলে ভাড়া নিদিয়ে তেওঁলোকক মাটি খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। জাননীখনত কোৱা হৈছে যে যদি গাঁৱবাসীয়ে দৰগাহ কৰ্তৃপক্ষৰ কথা মতে কাম নকৰে তেন্তে সেই মাটি বেদখল কৰা বুলি গণ্য কৰা হ’ব আৰু ৱাকফ আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

দৰগাহৰ পৰা জাননী পোৱাৰ পিছতে গাঁৱবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰি লোকসকলে ভেল্লোৰ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ বিষয়টোত প্ৰশাসনৰ হস্তক্ষেপৰ দাবী জনায়। ইয়াৰ বিপৰীতে ভেল্লাৰ জিলা উপায়ুক্ত ভি আৰ চুবুলক্ষ্মীয়ে গাঁওবাসীৰ লগতে দৰগাহৰ তত্ত্বাৱধায়ক এফ চৈয়দ সাথামৰ সৈতে কথা পাতি সমস্যাৰ সৌহাৰ্দ্যপূৰ্ণ সমাধান বিচাৰিছে।

গাঁওবাসীয়ে কয় যে তেওঁলোকৰ ৪ টা প্ৰজন্মৰ পৰা এই গাঁওখনত বসবাস কৰি আহিছে। তেওঁলোকৰ ঘৰ যি মাটিত আছে সেই মাটি তেওঁলোকৰ বুলি দেখুৱাবলৈ তেওঁলোকৰ হাতত নথি-পত্ৰ আছে। এজন স্থানীয় লোকে কয় যে, আমাৰ মাটি পঞ্জীয়ন হৈছে, আমি খাজনাও দিও। কিন্তু এই মাটি এতিয়া ৱাকফৰ সম্পত্তি বুলি দেখুওৱা হৈছে।

এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ৱাকফে বহু মাটি তেওঁলোকৰ বুলি দাবী উত্থাপন কৰিছিল। ২০২২ চনৰ আৰম্ভণিতে তামিলনাডু ৱাকফ ব’ৰ্ডে দাবী কৰিছিল যে তিৰুচিৰাপল্লী জিলাৰ তিৰুচেন্দুৰাই গাঁৱৰ চোলা যুগৰ মন্দিৰকে ধৰি প্ৰায় ৪০০ একৰ মাটি তেওঁলোকৰ। কিন্তু পিছত ৰাজ্য চৰকাৰে এই বিষয়ত হস্তক্ষেপ কৰি বিষয়টো সমাধান হয়।

 

 

অন্য খবৰ পঢ়কঃ বাকফা ব’ৰ্ড কি? এই আইনত কি সংশোধন হ’ব আৰু কিয় উত্তপ্ত হৈ পৰিছে মুছলিম সমাজ…

আৰু পঢ়কঃ Waqf (amendment) bill: ৱাকফ (সংশোধনী) বিধেয়ক কি? আঁতৰাই পেলোৱা ৪০ নং ধাৰাত কি আছিল? ৱাকফৰ সম্পত্তি কিমান, জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...