ৰশ্মিতা হোজাইৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ, অসমৰ মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ ধামীলৈ চিঠি

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক এই ঘটনাত হস্তক্ষেপ কৰি যুৱতীগৰাকীৰ মৃত্যুৰ তদন্ত কৰাবলৈ আহ্বান জনোৱা পত্ৰৰ উত্তৰত ধামীয়ে কয় যে তেওঁৰ চৰকাৰে ইয়াৰ তদন্ত কৰিব।

ৰশ্মিতা হোজাইৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ, অসমৰ মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ ধামীলৈ চিঠি

ৰশ্মিতা হোজাই

Published: 

14 Jun 2025 | 03:22 PM

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঋষিকেশত অসম যুৱতীৰ মৃত্যুৰ সম্যক আৰু বিশদ তদন্ত কৰিবলৈ ডিজিপিক নিৰ্দেশ দিছে। যোৱা ৬ জুনত ঋষিকেশত নিৰুদ্দেশ হোৱা অসমৰ ডিমা হাচাও জিলাৰ ৰশ্মিতা হোজাই নামৰ যুৱতীগৰাকীৰ মৃতদেহ গংগা নদীত পাঁচ দিনৰ মূৰত উদ্ধাৰ হৈছিল।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক এই ঘটনাত হস্তক্ষেপ কৰি যুৱতীগৰাকীৰ মৃত্যুৰ তদন্ত কৰাবলৈ আহ্বান জনোৱা পত্ৰৰ উত্তৰত ধামীয়ে কয় যে তেওঁৰ চৰকাৰে ইয়াৰ তদন্ত কৰিব।

ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ (আৰ আৰ বি) পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দিল্লীলৈ গৈছিল হোজাই । তাৰ পৰাই দুজন ব্যক্তিৰ সৈতে তেওঁ ঋষিকেশলৈ গৈছিল। যোৱা ৬ জুনত ঋষিকেশত ৰশ্মিতা নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে আৰু পাঁচ দিনৰ অন্তত গংগা নদীৰ পাৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল।

শুকুৰবাৰে অসমৰ মুখ্য়মন্ত্ৰী ডঃ শৰ্মাই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ধামীলৈ পত্ৰত লিখিছিল যে তেওঁৰ হস্তক্ষেপত বিষয়টোৰ তদন্ত বিস্তৃত আৰু সময়সীমাবদ্ধভাৱে কৰা হওক, সকলো সম্ভাৱ্য কোণ পৰীক্ষা কৰা হওক।

মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল যে যদি কোনো অপৰাধৰ প্ৰমাণ পোৱা যায়, তেন্তে দায়বদ্ধ ব্যক্তিসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা আৰু আইন অনুসৰি গোচৰ চলোৱা হওক, যাতে ৰশ্মিতাক ন্যায় প্ৰদান হয়।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়েও হোজাইৰ মৃত্যুৰ ক্ষিপ্ৰ তদন্তৰ বাবে ধামীলৈ পত্ৰ প্ৰেৰণ কৰিছে।

”তেওঁৰ নিৰুদ্দেশ আৰু পৰৱৰ্তী সময়ত মৃত্যুৰ পৰিস্থিতি গভীৰভাৱে দুখদায়ক আৰু ই তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু সমাজৰ মাজত গুৰুতৰ উদ্বেগ সৃষ্টি কৰিছে”, গগৈয়ে কয়।

গগৈয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় যে ”ব্যক্তিগতভাৱে বিষয়টো চাব লাগে আৰু তদন্ত ক্ষিপ্ৰ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিব লাগে। যাতে হোজাই আৰু তেওঁৰ শোকগ্ৰস্ত পৰিয়ালক ন্যায় প্ৰদান কৰা হয়”।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব