টেটুৰ দ্বাৰা চিনাক্ত! পুত্ৰ জন্মৰ এদিন পাছতে পিতৃৰ সৈতে ভয়ংকৰ কাণ্ড…
কিছুদিন পূৰ্বে এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল। এতিয়া এই ঘটনাৰ ৰহস্য ভেদ হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৪ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতদেহটো চিনাক্ত কৰিছে। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আটাইকেইজন অভিযুক্ত
প্ৰায় ১৬ দিন ধৰি আৰক্ষীৰ কঠোৰ পৰিশ্ৰম, ৬৫০তকৈ অধিক চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ পাছত অৱশেষত এক নৃশংস হত্যাকাণ্ডৰ ৰহস্য ভেদ হৈছে। যোৱা ২০ ডিচেম্বৰ, ২০২৫ ত এজন যুৱকৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছিল। তেজেৰে লুতুৰী পুতুৰী অৱস্থাত থকা মৃতদেহটোৰ শৰীৰত নাছিল কাপোৰ। কিন্তু এই ঘটনাত শেহতীয়াকৈ আৰক্ষীয়ে ৪ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ জবলপুৰৰ ভোপাল ৰোডত।
প্ৰথম অৱস্থাত আৰক্ষীৰ ওপৰত মৃতদেহটো চিনাক্ত কৰা এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছিল। আৰক্ষীয়ে প্ৰথমে সামাজিক মাধ্যমত ফটো আপলোড কৰিছিল যদিও কোনো তথ্য লাভ কৰা নাছিল। মৃতকৰ দুয়োখন হাতত দুটাকৈ নাম টেটু কৰা আছিল। ইয়াৰে এখন হাতত মা আৰু আনখন হাতত পত্নী ৰোশনীৰ নাম লিখা আছিল। পৰৱৰ্তী সময়ত এই টেটুৰ সহায়ত আৰক্ষীয়ে যুৱকজনক ২৬ বছৰীয়া অজয় বৰয়া বুলি চিনাক্ত কৰে।
তদন্তত প্ৰকাশ পাই যে, ১৬ ডিচেম্বৰত তেওঁ পত্নীক প্ৰসৱৰ বাবে জবলপুৰৰ মেডিকেল কলেজলৈ নিছিল। ১৭ ডিচেম্বৰত তেওঁৰ পত্নীয়ে এটা পুত্ৰ সন্তান জন্ম দিয়ে। ১৯ ডিচেম্বৰত অজয়ে পত্নী, নৱজাতক আৰু মাতৃক হাস্পাতালত এৰি গাঁৱলৈ যায়। কিন্তু সেই দিনা গাঁৱৰ ঘৰত উপস্থিত নহয় অজয়। লোকজন নিৰুদ্দেশ হোৱাক লৈ চিন্তিত হৈ পৰে পৰিয়ালৰ লোক আৰু পৰৱৰ্তী সময়ত তেওঁলোকে থানাত এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে জনাই যে, তদন্তৰ সময়ত তেওঁলোকে ১৬ দিনত ৬৫০ টাতকৈ অধিক চিচিটিভি ফুটেজ পৰীক্ষা কৰে। এই সময়চোৱাত তেওঁলোকৰ এখন নম্বৰপ্লেটবিহীন গাড়ীৰ ওপৰত সন্দেহ হয়। এই বাহনখনে কেইবাবাৰো টোলগেটৰ পথেৰে অহা যোৱা কৰিছিল।
চিচিটিভি ফুটেজত পোহৰলৈ সকলো
চিচিটিভি ফুটেজত পোহৰলৈ আহে যে, অজয়ে বৰয়াই এখন সুৰাৰ দোকানৰ পৰা সুৰা ক্ৰয় কৰি খোজ কাঢ়ি গৈ আছিল। য’ত তেওঁৰ অন্য দুজন যুৱকৰ সৈতে বিবাদ হয়। আৰক্ষীয়ে জনাই যে, এই কাজিয়াৰ কিছুসময় পাছতেই আন দুজন যুৱক সেই স্থানত উপস্থিত হয় আৰু ৪ জনে মিলি পাছত অজয়ক হত্যা কৰে। প্ৰথমে ৪ জনে অজয়ৰ লাঠিৰে প্ৰহাৰ কৰে, পাছত বলপূৰ্বকভাৱে এটা ঘৰৰ ভিতৰত লৈ যায়। পাছত নিশা প্ৰায় ২.৩০ মান বজাত অজয়ৰ মৃতদেহটো নগ্ন কৰে, পাছত সেই নিশাই মৃতদেহটো গাড়ীত লৈ গৈ পেলাই দিয়ে। কিন্তু এই সময়তে আটাইকেইজন অভিযুক্ত চিচিটিভিত আৱদ্ধ হৈ পৰে।
আৰক্ষীৰ জেৰাত এই অভিযুক্ত কেইজন ২৫ বছৰীয়া নমন তন্তুৱে, ২৫ বছৰীয়া অংকিত কোৰি, ২৬ বছৰীয়া চাহিল কোৰি আৰু ১৮ বছৰীয়া অংকিত ওৰফে অন্তু কোৰী বুলি চিনাক্ত হৈছে। তেওঁলোকে ইতিমধ্যে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। তেওঁলোকে কয় যে, সুৰাপান কৰি অজয়ে তেওঁলোকৰ ঘৰত সোমাব চেষ্টা কৰিছিল। যাৰ বাবে তেওঁলোকৰ মাজত কাজিয়া আৰু পাছত হত্যাকাণ্ড সংঘটিত হয়। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অন্য খবৰ পঢ়কঃ মোৰ মাহেকীয়া চলি আছে…মন নগলিল পিতৃৰ, কৰিলে ভয়ংকৰ কাণ্ড…