স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ সঞ্চয় হৈছে প্ৰায় ৫০ হাজাৰ টকা!

২০১৪ চনত আৰম্ভ হোৱা স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা দেশৰ প্ৰতিটো পৰিয়ালে প্ৰায় ৫০ হাজাৰ টকা সঞ্চয় কৰিছে। কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী চি আৰ পাটিলে এই দাবী কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দাবী, এই অভিযানৰ আধাৰত শৌচাগাৰ নির্মাণে মানুহৰ স্বাস্থ্যৰ ওপৰত অতি ইতিবাচক প্রভাৱ পেলাইছে আৰু ইয়াৰ ফলত স্বাস্থ্যৰ খৰছ কমিছে।

স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ সঞ্চয় হৈছে প্ৰায় ৫০ হাজাৰ টকা!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Published: 

13 Sep 2024 22:42 PM

কেন্দ্ৰত প্ৰথমবাৰ চৰকাৰ গঠনৰ সময়ত ২০১৪ চনত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অভিযান আৰম্ভ হোৱাৰ পৰাই দেশৰ প্ৰতিটো পৰিয়ালে প্ৰায় ৫০ হাজাৰ টকা সঞ্চয় কৰিছে। এই দাবী কৰিছে কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী চি আৰ পাটিলে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দাবী, এই অভিযানৰ আধাৰত শৌচাগাৰ নির্মাণে মানুহৰ স্বাস্থ্যৰ ওপৰত অতি ইতিবাচক প্রভাৱ পেলাইছে৷ ইয়াৰ ফলত স্বাস্থ্যৰ খৰছ কমিছে বুলি মন্তব্য কৰে জলসম্পদ মন্ত্ৰী পাটিলে।

চি আৰ পাটিলে লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যয়ন অনুসৰি ২০১৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ডায়েৰিয়াৰ ফলত হোৱা ৩ লাখ লোকৰ মৃত্যু ৰোধ কৰা হৈছে বুলি সদৰী কৰে। ইউনিচেফৰ এক অধ্যয়ন অনুসৰি ৯৩ শতাংশ মহিলাই এই অভিযানৰ পিছত নিজকে নিৰাপদ অনুভৱ কৰা বুলি কৈছে। লগতে সাধাৰণ মানুহৰ দ্বাৰা ভূগৰ্ভস্থ পানী দূষিত হোৱাৰ সম্ভাৱনা ১২.৭০ গুণ হ্ৰাস পাইছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীৰ মতে, প্ৰতি বছৰে ৬০ হাজাৰৰ পৰা ৭০ হাজাৰ শিশুৰ মৃত্যু ৰোধ কৰা হৈছে বুলিও একাংশ সমীক্ষাই দাবী কৰিছে। ইফালে কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰী মনোহৰ লাল খট্টৰে জানিবলৈ দিয়া মতে এইবাৰ স্বচ্ছতা অভিযানৰ অধীনত ২ লাখ স্থান চিনাক্ত কৰা হ’ব। ইয়াৰ বাবে নগৰ উন্নয়ন মন্ত্ৰালয়, জল শক্তি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়কে ধৰি চাৰিটা বিভাগ অন্তৰ্ভুক্ত কৰা হৈছে।

এই ক্ষেত্ৰত ‘এক পেড় মা কে নাম’ শীৰ্ষক এক অভিযান চলোৱা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ খট্টৰে লগতে কয় যে পাঁচ বছৰত ১০০ কোটিৰো অধিক ব্যক্তিগত ঘৰুৱা শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে ২০১৪ চনত চেনিটেশ্যন কভাৰেজ ৩৯ শতাংশৰ পৰা ২০১৯ চনত ১০০ শতাংশলৈ বৃদ্ধি পাইছে। ইফালে, ৬ লাখ গাঁৱক মুকলি্ত শৌচমুক্ত (ODF) অঞ্চল ঘোষণা কৰা হৈছে বুলি জানিবলৈ দিয়ে।

কেন্দ্ৰীয় চৰকাৰৰ ‘স্বচ্ছতা হী সেৱা‘ৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ দিশে আৰু এই সময়ত দেশৰ ৪৯ শতাংশতকৈ অধিক গাঁও মুকলি্ত শৌচমুক্ত শিতানলৈ আহিছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে কয়। ইফালে কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰালয়ে স্বচ্ছ চহৰ সন্দৰ্ভত এক নতুন সূত্ৰ সৃষ্টি কৰিছে। মনোহৰ লাল খট্টৰে কয় যে বিগত ১০ বছৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰা চহৰসমূহক গোল্ডেন চিটি ক্লাবত অন্তৰ্ভুক্ত কৰা হ’ব।

অৰ্থাৎ স্বচ্ছতাৰ সমীক্ষাত গোল্ডেন চিটিত অন্তৰ্ভুক্ত চহৰসমূহ প্ৰথম বা দ্বিতীয় স্থানত নাথাকিব। ইয়াৰ জৰিয়তে নতুন নতুন চহৰে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ৰেংকিঙত স্থান লাভ কৰাৰ সুযোগ পাব।

শাওণ মাহৰ প্ৰথম সোমবাৰত ৪ টা বিৰল সংযোগ! পূজা কৰিলে পাব সুফল...
শিৱৰ প্ৰিয় ৩ ৰাশি! শাওণ মাহত লাভ কৰিব বিশেষ কৃপা...
ফ্ৰীজৰ পানী লিকৰ সমস্যাই চিন্তিত কৰিছে নেকি? ইয়াৰ কাৰণ আৰু সমাধান কি জানেনে?
পেইন কিলাৰ ঔষধ খালী পেটত খালে বিক্ক বিকল হ’ব পাৰে নেকি! কি কয় বিশেষজ্ঞই