Indian Railways: দুটা কাউৰীৰ মাজত তীব্ৰ কাজিয়া, ফলত ৪ ঘণ্টা ধৰি আবদ্ধ এক্সপ্ৰেছ ৰে’ল ! যাত্ৰীৰ মাজত হাহাকাৰ…
কেতিয়াবা ধাৰাষাৰ বৰষুণ, কেতিয়াবা কুঁৱলীৰ বাবে ৰে’ল যাত্ৰাত পলম হয়। কিন্তু শুনিছেনে দুই কাউৰীৰ কাজিয়াৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ৰে’ল ৰখাই থোৱাৰ কথা? যদিও কাহিনী যেন লাগিব পাৰে, তথাপিও এই কথা সঁচা।

প্ৰতীকী ফটো
বিভিন্ন কাৰণত ৰে’ল যাত্ৰাত পলম হোৱাৰ কথা শুনিছে। কেতিয়াবা ধাৰাষাৰ বৰষুণ, কেতিয়াবা কুঁৱলীৰ বাবে ৰে’ল যাত্ৰাত পলম হয়। কিন্তু শুনিছেনে দুই কাউৰীৰ কাজিয়াৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ৰে’ল আবদ্ধ হোৱাৰ কথা? যদিও কাহিনী যেন লাগিব পাৰে, তথাপিও এই কথা সঁচা।
দুটা কাউৰীৰ মাজত তীব্ৰ কাজিয়া, আৰু তাৰ বাবেই ৩ ঘণ্টা ৪০ মিনিট ৰখাই দিয়া হ’ল এখন ৰে’ল। শনিবাৰে সংঘটিত হয় এই ঘটনা। বিহাৰৰ খজাউলী ৰেল ষ্টেচনৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে জাংকি এক্সপ্ৰেছ(Janki Express)। ফলত ৰে’লখনৰ যাত্ৰীসকলেও সমস্যাৰ সন্মুখীন হয়। তেতিয়া তেওঁলোকে জানিব বিচাৰে যে, ৰে’লখন কিয় ইমান সময় ৰখাই থোৱা হৈছে। পিছত ৰে’লৱেৰ বিষয়াসকলৰ পৰা পোৱা ইয়াৰ উত্তৰটোৱে আচৰিত কৰে যাত্ৰীসকলক।
জনা যায় যে, আউটাৰ চিগনেলৰ ওচৰত হাইটেনচনৰ তাঁৰডাল ছিগি গৈছে। সেইবাবেই ৰে’লৰ চলাচল বন্ধ কৰা হৈছে। আৰু এই দুটা কাউৰীৰ কাজিয়াৰ ফলতে ছিগি যায় তাঁৰডাল! কোৱা হৈছে যে, যুদ্ধত লিপ্ত হোৱা কাউৰী দুজনী হাইটেনচন তাঁৰৰ সংস্পৰ্শলৈ আহে, ফলত লগে লগে জ্বলি যায় আৰু তাঁৰডালও ছিগি যায়।
লগতে পঢ়ক: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ, জুলাইৰ পৰা বৃদ্ধি পাব ৪ শতাংশ DA !
লোক পাইলটে বিদ্যুৎ নোপোৱাকৈয়ে জৰুৰীকালীন ব্ৰেক ব্যৱহাৰ কৰে আৰু জাংকি এক্সপ্ৰেছখন ৰখাই দিবলগীয়া হয়। ইয়াৰ পিছতে ৰে’লৱেৰ বিষয়াসকলক খবৰ দিয়া হয়। ৩ ঘণ্টাৰো অধিক সময় মেৰামতিৰ অন্তত অৱশেষত পুনৰ ৰে’লখনে যাত্ৰা আৰম্ভ কৰে । জানিব পৰা মতে, পুৱা ৫:১০ বজাৰ পৰা ৮:৪০ বজালৈ জাংকি এক্সপ্ৰেছখন ৰখাই দিবলগীয়া হৈছিল।