মূৰৰ দাম আছিল ৮ লাখ টকা, স্নাইপাৰৰ লক্ষ্য ভেদ কৰাত পাকৈত, সেনাৰ গুলীত নিহত ম’ষ্ট ৱাণ্টেড মাওবাদী…
আৰক্ষীৰ সূত্ৰ অনুসৰি, যিজন মাওবাদীৰ মৃত্যু হৈছে তেওঁ সাধাৰণ নেতা নহয়। তেওঁৰ নাম সোধি কান্না। এই মাওবাদী নেতাজন আছিল মাওবাদীৰ সশস্ত্ৰ শাখা ‘পিপলছ লিবাৰেচন গেৰিলা আৰ্মি’ বা PLGA ৰ ১ নং বেটেলিয়নৰ ডেপুটি কমাণ্ডাৰ।

বিজাপুৰ এনকাউণ্টাৰ
নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ মাওবাদী নেতা। যাৰ মূৰৰ দাম আছিল ৮ লাখ টকা। উল্লেখ্য যে, মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। যোৱা শুকুৰবাৰে নিৰাপত্তা বাহিনীয়ে ছত্তীশগড়ৰ বিজাপুৰৰ জংঘলত চলাইছিল মাওবাদী বিৰুদ্ধে অভিযান। অভিযানত এজন দুৰ্ধৰ্ষ মাওবাদী নেতা নিহত হয়। যাৰ পৰিচয় আজি সোমবাৰে প্ৰকাশ কৰে নিৰাপত্তা বাহিনীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, যিজন মাওবাদীৰ মৃত্যু হৈছে তেওঁ সাধাৰণ নেতা নহয়। তেওঁৰ নাম সোধি কান্না। এই মাওবাদী নেতাজন আছিল মাওবাদীৰ সশস্ত্ৰ শাখা ‘পিপলছ লিবাৰেচন গেৰিলা আৰ্মি’ বা PLGA ৰ ১ নং বেটেলিয়নৰ ডেপুটি কমাণ্ডাৰ। সামৰিক অভিযান আৰু শ্বুটিঙত বিশেষভাৱে দক্ষ আছিল এই নেতাজন। তেওঁ মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰো সদস্য।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, সোধিৰে ব্যৱহাৰ কৰিছিল স্নাইপাৰ ৰাইফল। কেনেবাকৈ এই নেতাজনৰ স্নাইপাৰৰ টাৰ্গেটত পৰিলে বাছি অহাটো অসম্ভৱ। সোধিৰ দৰে দক্ষ নেতা আৰু মাওবাদীত আছে নে নাই তাক লৈয়ো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
লগতে পঢ়ক : “কংগ্ৰেছৰ অস্তিত্ব আছে পাকিস্তান আৰু বাংলাদেশত”, বিটিআৰত মুখ্যমন্ত্ৰীৰ মন্তব্য…
সোধিতকৈ বাসৱৰাজ সদায় এখোজ আগুৱাই আছিল। কোৱা হৈছে যে তেওঁৰ হাতত সদায় AK-47 আছিল। কেইমাহমান আগতে সশস্ত্ৰ বাহিনীয়েও সেই দক্ষ মাওবাদী নেতা বাসৱৰাজক হত্যা কৰিছিল।
মন কৰিবলগীয়া যে, শুকুৰবাৰে ডি আৰ জি বিজাপুৰ, ডি আৰ জি দন্তৱাদা, এছ টি এফ, কোব্ৰা, চি আৰ পি এফকে ধৰি এক যুটীয়া বাহিনীয়ে বিজাপুৰ জংঘলত মাওবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। শনিবাৰলৈকে জংঘলত চলিছিল এই অভিযান । এই অভিযানৰ সময়তে সোধি আৰু তেওঁৰ দলৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ হয়। য’ত নিহত হয় সোধি কান্না । উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ,এটা ৰাইফল, AK-47, মেগজিন আৰু বহু পৰিমাণৰ বিস্ফোৰক।
লগতে পঢ়ক : ধনী হৈ গৈ আছে মুকেশ আম্বানী, ১৫ দিনত ১.৫ লাখ কোটি টকা উপাৰ্জন…