ইছলামত মহিলাৰ অৱস্থাত দুৰ্বিষহ! ২৫টাকৈ সন্তান জন্ম দিয়াৰ পাছত তিনি তালাক দিয়েঃ স্বামী ৰামভদ্ৰাচাৰ্য

স্বামী ৰামভদ্ৰাচাৰ্যই হিন্দু আৰু মুছলিম সম্প্ৰদায়ৰ মহিলাসকলক লৈ ডাঙৰ মন্তব্য কৰে। তেওঁ কয় যে, মুছলিম মহিলাসকলে ২৫টাকৈ সন্তান জন্ম দিয়ে। তেওঁ হিন্দু মহিলাসকলৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ইছলামত মহিলাৰ অৱস্থাত দুৰ্বিষহ! ২৫টাকৈ সন্তান জন্ম দিয়াৰ পাছত তিনি তালাক দিয়েঃ স্বামী ৰামভদ্ৰাচাৰ্য

স্বামী ৰামভদ্ৰাচাৰ্য

Published: 

15 Sep 2025 | 02:01 PM

প্ৰায়ে চৰ্চাত থাকে স্বামী ৰামভদ্ৰাচাৰ্যৰ মন্তব্য। এইবাৰ আচাৰ্যগৰাকীৰ আন এক মন্তব্যই পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। উত্তৰ প্ৰদেশ মীৰাটৰ ভিক্টোৰিয়া পাৰ্কত অনুষ্ঠিত হোৱা ৰামকথাৰ সময়ত তেওঁ নাৰী আৰু শিক্ষা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইছলাম ধৰ্মৰ ওপৰত মন্তব্য প্ৰদান কৰি তেওঁ কয় যে, ইছলামত নাৰীৰ অৱস্থা অতি বেয়া হয়। কিন্তু একমাত্ৰ হিন্দু ধৰ্মত নাৰীক সদায় দেৱীৰ স্থান দিয়া হয়। আন ধৰ্মত তেওঁলোকক বেবী বা পত্নী বুলিহে কোৱা হয়।

তেওঁ ইছলাম ধৰ্ম সন্দৰ্ভত মত প্ৰদান কৰি কয় যে, ইছলামত নাৰীৰ অৱস্থা অতি বেয়া। এনে আৰু ক’তো দেখা নাযায়। প্ৰতিগৰাকী মহিলাই ২৫টাকৈ সন্তান জন্ম দিয়ে আৰু তাৰ পাছত তেওঁলোকক এৰি দিয়ে। তিনি তালাক দি বৃদ্ধাৱস্থাত বিবাব বিচ্ছেদ কৰে। তেওঁ কয় যে, হিন্দু ধৰ্মত কেতিয়াও এনে হয়। হিন্দু ধৰ্মত পিতৃতকৈ মাতৃক সদায় উচ্চ স্থান দিয়া হয়।

তেওঁ কয় যে, যিসকলে অধিক সন্তান জন্ম দিয়ে তেওঁলোক নৰকলৈ যায়। ২-৩ টাৰ ওপৰত ল’ৰা-ছোৱালী হ’ব নালাগে। ২-৩ টাই হওক, সেয়া ল’ৰাই বা ছোৱালীয়ে হওক সদায় সন্তানক সংস্কৃতিবান কৰি গঢ়ি তুলিব লাগে। শিশুৰ শিক্ষা সন্দৰ্ভত তেওঁ কয় যে, অভিভাৱকসকলে নিজ সন্তানক কনভেণ্ট বা মাদ্ৰাছালৈ পঠিয়াব নালাগে, বৰঞ্চ সাংস্কৃতিক আদৰ্শৰ সৈতে সংযোগ কৰিবলৈ সৰস্বতী বিদ্যালয়ত শিক্ষা প্ৰদান কৰিব লাগে। উল্লেখ্য যে, ৮ ছেপ্টেম্বৰৰ পৰা চলি থকা ৰামকথাত তেওঁ এই মন্তব্য কৰে।

স্বামী ৰামভদ্ৰাচাৰ্যৰ এই মন্তব্যই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও তেওঁৰ মন্তব্যই বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল। কিছুদিন পূৰ্বে তেওঁ পশ্চিম উত্তৰ প্ৰদেশক ‘মিনি পাকিস্তান’ বুলি অভিহিত কৰি হিন্দুসকলক সৰৱ হ’বলৈ আহ্বান জনাইছিল। এই কথাত সমাজবাদী পাৰ্টীৰ প্ৰাক্তন সাংসদ ড০ এছ টি হাছানে তেওঁক তীব্ৰ সমালোচনা কৰিছিল। তেওঁৰ মতে, এয়া কেৱল মুছলিম সমাজ নহয় সমগ্ৰ উত্তৰ প্ৰদেশৰ অপমান আছিল।

সেই সময়ত স্বামী ৰামভদ্ৰাচাৰ্যই কৈছিল য়ে, বৰ্তমান হিন্দুসকল যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছিল। আমাৰ নিজৰ দেশতে হিন্দু ধৰ্মই ন্যায় লাভ কৰা নাই। পশ্চিম উত্তৰ প্ৰদেশলৈ আহিলে এনে লাগে যে এয়া এখন মিনি পাকিস্তান। গতিকে আমি সৰৱ হ’ব লাগিব, পৰিস্থিতি যিয়েই নহওক আমি এনে হ’বলৈ নিদিও। গতিকে আমি প্ৰতিঘৰতে হিন্দু ধৰ্মৰ বিদ্যালয় স্থাপন কৰিব লাগিব। প্ৰতিগৰাকী পিতৃ-মাতৃয়ে নিজৰ সন্তানক হিন্দু ধৰ্ম শিকাব লাগিব।সনাতন ধৰ্ম একমাত্ৰ ধৰ্ম য’ত বসুধৈৱ কুটুম্বকম বুলি কোৱা হয়। ইয়াৰোপৰি তেওঁ কয় যে, হিন্দু ধৰ্মই সমগ্ৰ পৃথিৱীক পৰিয়াল বুলি গণ্য কৰে।

 

অন্য খবৰ পঢ়কঃ মই ভগৱান শিৱৰ ভক্ত, সকলো বিহ পান কৰি লওঁঃ নৰেন্দ্ৰ মোদী

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব