ৱাকফ আইনৰ ওপৰত আংশিক স্থগিতাদেশ উচ্চতম নায়ালয়ৰঃ এইসমূহ বিধানৰ ওপৰত দিলে স্থগিতাদেশ

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা এই আইনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন। আজি শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতে সমগ্ৰ আইনখনৰ বিৰুদ্ধে কোনো যুক্তি দেখা নগ’ল বুলি উল্লেখ কৰে আৰু বিশেষভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ধাৰাসমূহৰ ওপৰত স্থগিতাদেশ জাৰি কৰে।

ৱাকফ আইনৰ ওপৰত আংশিক স্থগিতাদেশ উচ্চতম নায়ালয়ৰঃ এইসমূহ বিধানৰ ওপৰত দিলে স্থগিতাদেশ

ৱাকফ আইন সন্দৰ্ভত শীৰ্ষ আদালতৰ ৰায়দান

Updated On: 

15 Sep 2025 12:21 PM

ৱাকফ (সংশোধনী) আইন, ২০২৫ সন্দৰ্ভত দেশজুৰি দেখা গৈছিল যথেষ্ট বাদ-বিবাদ। কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা এই আইনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন। এই আবেদনৰ শুনানি গ্ৰহণ কৰি আজি শীৰ্ষ আদালতে গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে। অন্তৱৰ্তীকালীন ৰায় প্ৰদান কৰি উচচতম ন্যায়ালয়ে ৱাকফ (সংশোধনী) আইন, ২০২৫ৰ ওপৰত আংশিক স্থগিতাদেশ ঘোষণা কৰিছে। শীৰ্ষ আদালতে সমগ্ৰ ৱাকফ (সংশোধনী) আইনখন নিষিদ্ধ কৰাৰ কোনো ভিত্তি নাই বুলি মত পোষণ কৰি কেইটামান গুৰুত্বপূৰ্ণ বিধান নিষিদ্ধ কৰিছে।

মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ এ জি মাছিহৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কয়, “সমগ্ৰ আইনখনক প্ৰত্যাহ্বান জনোৱা হৈছে, কিন্তু আমি দেখিছো যে ৩(আৰ), ৩চি, ১৪ত মৌলিক বাধা আছে।” সমগ্ৰ আইনখনৰ বিৰুদ্ধে কোনো যুক্তি দেখা নগ’ল বুলি উল্লেখ কৰি বিচাৰপীঠে লগতে বিশেষভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ধাৰাসমূহৰ ওপৰত স্থগিতাদেশ জাৰি কৰে।

উচ্চতম ন্যায়ালয়ে চৰকাৰী মাটি ৱাকফৰ দ্বাৰা অধিগ্ৰহণ কৰা হৈছে নে নাই সেয়া বিচাৰ কৰিবলৈ চৰকাৰী বিষয়া নিযুক্তি দিয়াৰ সিদ্ধান্তৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। লগতে ৱাকফ সংশোধনী আইন অনুসৰি ৱাকফ সম্পত্তি দান কৰিবলৈ হ’লে এজন ব্যক্তিয়ে কমেও পাঁচ বছৰ ইছলাম ধৰ্ম পালন কৰা হ’ব লাগিব। উচ্চতম ন্যায়ালয়ে আইনৰ এই ধাৰাতো স্থগিতাদেশ জাৰি কৰিছে।

যেতিয়ালৈকে চৰকাৰে কোনো ব্যক্তিয়ে ইছলাম পালন কৰে নে নকৰে সেয়া স্পষ্ট কৰিবলৈ আইন প্ৰণয়ন নকৰে, তেতিয়ালৈকে ৱাকফ সংশোধনী আইনৰ এই অংশত স্থগিতাদেশ থাকিব বুলি শীৰ্ষ আদালতে ৰায় দিয়ে। ইফালে কেন্দ্ৰীয় পৰ্যায়ত ৱাকফ কমিটীত কমেও ৪ জন অমুছলমান আৰু ৰাজ্যিক পৰ্যায়ত ৱাকফ কমিটীত কমেও ৩ জন অমুছলমান থকাৰ আইনী পৰিসৰো আদালতে স্থগিত ৰাখিছে।

ৱাকফ সংশোধনী আইন অনুসৰি নতুন ৱাকফ কমিটীত নিযুক্তি পোৱা চৰকাৰী বিষয়াজন অমুছলমান হ’ব লাগিব। কিন্তু শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে আইনৰ এই অংশত স্থগিতাদেশ ঘোষণা কৰিছে। ইফালে সংশোধনী অনুসৰি চৰকাৰী বিষয়াই ৱাকফ ব’ৰ্ডৰ ৰাজহ ৰেকৰ্ড পৰীক্ষা কৰি সিদ্ধান্ত লোৱাৰ ক্ষমতা দিছিল যদিও এই আইনী ব্যৱস্থাৰ ওপৰতো বিচাৰপীঠে স্থগিতাদেশ দিছে।

উল্লেখ্য যে বিগত ৩ এপ্ৰিলত লোকসভা আৰু ৪ এপ্ৰিলত ৰাজ্যসভাৰ অনুমোদন লাভ কৰিছিল ৱাকফ (সংশোধনী) বিধেয়কে। ইয়াৰ পিছত ৫ এপ্ৰিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ স্বাক্ষৰ লাভৰ লগে লগে ই আইনত পৰিণত হৈছিল। যোৱা ৮ এপ্ৰিলত ৱাকফ (সংশোধনী) আইন, ২০২৫ অধিসূচনা প্ৰকাশ কৰা হৈছিল।

মঙলবাৰে হনুমানক অৰ্পণ কৰক এই ৪ বিধ বস্তু, লাভ কৰিব বিশেষ কৃপা!
ৰ’দৰ পৰা ভিতৰলৈ আহি এনে কাম কৰা মানেই হ’ব পাৰে বিঘিনি, এতিয়াই জানি ল’লে পাব পৰিত্ৰাণ
প্ৰস্ৰাৱত ফেন, তেজ, দুৰ্গন্ধ...আওকাণ নকৰিব এই লক্ষণ, কি ৰোগ?
আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণৰ যুঁজত সাৰথি হৈ পৰিব এই ৫ বিধ খাদ্য, লাভ কৰিব অনন্য উপকাৰিতা