মাতৃৰ নামত কলংক! ৭ বছৰীয়া পুত্ৰ সন্তানৰ সৈতে মাতৃৰ ভয়ংকৰ কাণ্ড…

এগৰাকী মাতৃৰ কু কাণ্ডই আচৰিত কৰি তুলিব আপোনাক। খাদ্যত চিকেন বিচৰাৰ বাবে মাতৃগৰাকী পুত্ৰৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

মাতৃৰ নামত কলংক! ৭ বছৰীয়া পুত্ৰ সন্তানৰ সৈতে মাতৃৰ ভয়ংকৰ কাণ্ড...

অভিযুক্ত

Published: 

29 Sep 2025 15:22 PM

কোৱা হয়, এগৰাকী মাতৃৰ ওচৰত সন্তান সবাতোকৈ সুৰক্ষিত। এটি সন্তানক মাতৃয়ে যিমান মৰম কৰিব পাৰে তেনে মৰম আন কোনোৱে দিব নোৱাৰে। কিন্তু শেহতীয়াকৈ এগৰাকী মাতৃৰ কু-কাণ্ডৰ কথা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। খাদ্যত চিকেন বিচৰাৰ বাবে মাতৃয়ে সন্তানক নৃশংসভাৱে হত্যা কৰে। এই কাণ্ড সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰত।

ঘটনাৰ বিৱৰণী অনুসৰি ৭ বছৰীয়া শিশুটিয়ে মাতৃক চিকেন খাবলৈ ইচ্ছা আছে বুলি বাৰে বাৰে কৈছিল। কিন্তু এই কথাতে ক্ষোভিত হৈ মাতৃয়ে বেলনা মাৰিৰে মৰিয়াই মৰিয়াই হত্যা কৰে শিশুটিক। এই ঘটনাৰ ফলত শিশুটিৰ থিতাতে মৃত্যু হয় আৰু তেওঁৰ বায়েক আহত হয়। বৰ্তমান শিশুটিৰ বায়েক হাস্পাতালত চিকিৎসাধীন অৱস্থাত আছে। অভিযুক্ত মহিলাগৰাকী পল্লৱী ঘুমডে (৪০) বুলি চিনাক্ত হৈছে।

এই ঘটনাৰ পাছতে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, দুয়োটি সন্তানে মাতৃক বাৰে বাৰে চিকেন খোৱাৰ কথা কৈ আছিল। কিন্তু এই কথাত ক্ষোভিত হৈ মহিলাগৰাকীয়ে ৭ বছৰীয়া পুত্ৰ আৰু ১০ বছৰীয়া কন্যা সন্তানক নিৰ্মমভাৱে প্ৰহাৰ কৰে। এই প্ৰহাৰতে গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় কন্যা সন্তানটি আৰু থিতাতে মৃত্যু হয় ৭ বছৰীয়া শিশুটিৰ।

লগে লগে স্থানীয় ৰাইজে  আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে, অভিযুক্ত মহিলাগৰাকী স্বামীৰ পৰা পৃথকে বাস কৰিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ আঁৰত বেলেগ কাৰণ আছে নেকি সেই সন্দৰ্ভতো তদন্ত চলাই আছে। গতিকে পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ আহিব পাৰে।

 

অন্য খবৰ পঢ়কঃ প্ৰথমে বিদ্যালয়ৰ পৰা লৈ আহিল! পাছত ১৪ বছৰীয়া কন্যাৰ সৈতে পিতৃৰ ভয়ংকৰ কাণ্ড…

বৃক্ক ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত চকুত কেনেধৰণৰ লক্ষণে দেখা দিয়ে...
বাৰে বাৰে আইনা ভঙা কিহৰ সংকেত? জানক বাস্তু শাস্ত্ৰৰ পৰা...
ধূমপান আৰু মদ্যপানে কলেষ্টেৰলত কেনে প্ৰভাৱ পেলায়? মূল স্বাস্থ্যজনিত বিপদসমূহ জানক
বৃক্ক বিকল হ'লে মহিলাৰ দেহত দেখা দিয়ে এই লক্ষণ, সবিশেষ...