পথৰ কাষৰ দ খাৱৈত বাগৰি পৰিল বাহন, কৰুণ মৃত্যুক সাবটি ল’লে ৬ বন্ধুৱে

মঙলবাৰে যুৱককেইজনৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। আটাইকেইজন যুৱক ব্যক্তিগত বাহনেৰে কংকন অভিমুখে যাত্ৰা কৰিছিল। কিন্তু যাত্ৰাপথতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

পথৰ কাষৰ দ খাৱৈত বাগৰি পৰিল বাহন, কৰুণ মৃত্যুক সাবটি ল’লে ৬ বন্ধুৱে

উদ্ধাৰ আটাইকেইজনৰ মৃতদেহ

Updated On: 

20 Nov 2025 21:27 PM

এক ভয়াৱহ দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৬ বন্ধুৱে। পথৰ কাষৰ এটা দ খাৱৈত তেওঁলোকে যাত্ৰা কৰা বাহনখন বাগৰি পৰাৰ ফলত কৰুণ মৃত্যু ঘটিছে যুৱককেইজনৰ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনৰ পুনে-মানগাঁও পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। তাম্হিনী ঘাট টাৰ্ণত নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ ফুট দ খাৱৈত পৰে বাহনখন। এই ভয়ংকৰ দুৰ্ঘটনাত বাহনখনৰ ভিতৰতে ছয়জন লোকৰ মৃত্যু হয়। এই শোকাৱহ ঘটনাই এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, মঙলবাৰে যুৱককেইজনৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। আটাইকেইজন যুৱক ব্যক্তিগত বাহনেৰে কংকন অভিমুখে যাত্ৰা কৰিছিল। কিন্তু যাত্ৰাপথতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ৰায়গড়ৰ মঙহৰ সমীপৰ তাম্হিনী ঘাটত এই ঘটনা সংঘটিত হয়।

পৰিয়ালৰ অভিযোগ সূত্ৰে আৰক্ষীৰ অভিযান

প্ৰকাশিত খবৰ অনুসৰি, সোমবাৰে গভীৰ নিশা পুনেৰ খাদকৱাছলা-উত্তম নগৰৰ পৰা যুৱককেইজনে ঘৰৰ পৰা ওলাই যায়। গোটেই মঙলবাৰ দিনটো তেওঁলোকৰ ফোন চুইচ অফ হৈ থকাৰ বাবে বাৰে বাৰে চেষ্টা কৰিও পৰিয়ালে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল। ইয়াৰ পিছতে পৰিয়ালে পুনে আৰু মানগাঁও আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰে। তদন্তৰ সময়ত আৰক্ষীয়ে যুৱককেইজনৰ মোবাইল লোকেচন ট্ৰেক কৰে আৰু তাম্হিনী ঘাটৰ সমীপত অন্তিমবাৰৰ বাবে তেওঁলোকৰ মোবাইলৰ লোকেচন ধৰা পেলায়। ইয়াৰ পিছতে আৰক্ষীয়ে যুৱককেইজনৰ সন্ধানত অভিযান আৰম্ভ কৰে।

দুৰ্ঘটনাত ৬ জন নিহত

আজি পুৱা ৭ বজাত আৰক্ষী আৰু উদ্ধাৰকাৰী দলে তাম্হিনী ঘাটৰ সমীপত ড্ৰ’ন আৰু ৰছী ব্যৱহাৰ কৰি অনুসন্ধান অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত উদ্ধাৰকাৰী দলে যুৱককেইজনে লৈ যোৱা থাৰ বাহনখন উদ্ধাৰ কৰে আৰু বাহনখনৰ ভিতৰত আৱদ্ধ হৈ থকা ছয়জন যুৱকৰ মৃতদেহো উদ্ধাৰ কৰে।

নিহত যুৱককেইজনক সাহিল সাধু গোটে (২৪), শিৱ অৰুণ মানে (১৯), ওমকাৰ সুনীল কোলী (১৮), মহাদেৱ কোলী (১৮), প্ৰথম ৰাওজী চাভান (২৪), আৰু পুনীত সুধাকৰ শ্বেট্টী (২০) চিনাক্ত কৰা হৈছে। এই শোকাৱহ দুৰ্ঘটনা কিদৰে সংঘটিত হ’ল, সেয়া এইপৰ্যন্ত জানিব পৰা হোৱা নাই। সম্প্ৰতি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এনে সমস্যা হ’ব পাৰে পেটৰ কৰ্কট ৰোগৰ লক্ষণ! বিপদৰ পূৰ্বেই হওক সাৱধান
ডাকঘৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ বিষয়ে জানক, যিয়ে দিব অধিক ৰিটাৰ্ণ !
বৃক্কৰ পাথৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? জানক এই উপায়
ছালত দেখা দিছে নেকি এনে সমস্যাই? সাৱধান! নকৰিব আওকাণ, হ’ব পাৰে হৃদৰোগৰ ইঙ্গিত