পথাৰত পৰি ৰ’ল ২ পুত্ৰৰ মৃতদেহ! ঘৰলৈ আহিল পিতৃ, কোঠাৰ ভিতৰলৈ নিলে মাতৃ-২ কন্যাক, পাছত এক ভয়ংকৰ কাণ্ড…

মুহূৰ্ততে নিঃশেষ হৈ গল এটা পৰিয়াল। ২ পুত্ৰ, ২ কন্যাসহ পৰিয়ালৰ ৬গৰাকী লোকে অতি শোকাবহভাৱে মৃত্যুক সাৱতে। জানিব পৰা মতে, সামান্য কথাতে বিজয় কুমাৰ নামৰ লোকজনে মৃত্যুক সাৱতি লয়।

পথাৰত পৰি ৰল ২ পুত্ৰৰ মৃতদেহ! ঘৰলৈ আহিল পিতৃ, কোঠাৰ ভিতৰলৈ নিলে মাতৃ-২ কন্যাক, পাছত এক ভয়ংকৰ কাণ্ড...

ঘটনাস্থলী

Published: 

01 Oct 2025 | 04:47 PM

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে এজন কৃষকৰ কাণ্ডই আচৰিত কৰি তুলিব আপোনাক। জানিব পৰা মতে, এজন কৃষকে কুঠাৰেৰে প্ৰথমে নিজৰ দুই পুত্ৰক হত্যা কৰে। তাৰ পাছত তেওঁ ঘৰলৈ আহে আৰু পৰিয়ালৰ সৈতে নিজকে বন্দী বনাই ঘৰটোত জুই লগাই দিয়ে। যাৰ ফলত ঘটনাস্থলীতে জীৱন্তে মৃত্যুক সাৱতি লয় কৃষক, তেওঁৰ পত্নী আৰু দুই কন্যাই। ইমানেই নহয়, ৪টাকৈ গৰুও জুইত নিঃশেষ হৈ যায়। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাহৰৈচৰ নিন্দুপুৰৱা গাঁৱত।

নিহত কৃষকজন বিজয় কুমাৰ বুলি চিনাক্ত হৈছে। স্থানীয় ৰাইজে জনাই যে, বিজয় কুমাৰে নহৰুৰ খেতি কৰিব বিচাৰিছিল। ইয়াৰ বাবে আজি (১ অক্টোবৰ) পুৱা তেওঁ পুত্ৰ দুজনক পথাৰত মাতি পঠিয়াইছিল। কিন্তু দুই পুত্ৰই নহৰু ৰু’বলৈ অস্বীকাৰ কৰে, তেনে অৱস্থাত ক্ষোভিত হৈ পিতৃয়ে দুয়োকে কুঠাৰেৰে প্ৰহাৰ কৰি হত্যা কৰে।

এই ঘটনাৰ পাছতে তেওঁ ঘৰলৈ উভতি আহে। পাছত বিজয়ে পত্নী আৰু কন্যা দুগৰাকীক নিজৰ ওচৰলৈ মাতে। যেতিয়া আটাইকেইজন কোঠাৰ ভিতৰত যায় তেতিয়া বিজয়ে কোঠাটোৰ দুৱাৰত তলা মাৰি দি অগ্নিসংযোগ কৰে। এই সময়চোৱাত পত্নী, কন্যাই চিঞৰি চিঞৰি স্থানীয় লোকৰ পৰা সহায় বিচাৰে। কিন্তু যেতিয়ালৈকে স্থানীয় লোক সেই স্থানত উপস্থিত হয় তেতিয়ালৈকে আটাইকেইজনে মৃত্যুক সাৱতি লয়। মৰ্মান্তিকভাৱে আটাইকেইজনে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতে।

লগে লগে সেই স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। স্থানীয় লোকে জনাই যে, বিজয় কুমাৰ দীৰ্ঘদিন ধৰি মানসিক চাপত আছিল আৰু পৰিয়ালটোৰ মাজতো অশান্তি দেখা গৈছিল। যাৰ বাবে তেওঁ সম্ভৱতঃ এই কাণ্ড কৰে। এই ভয়ংকৰ ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

 

 

 

অন্য খবৰ পঢ়কঃ পাকিস্তানত শ্বেহবাজ চৰকাৰ নহয়, শ্বৰীয়ত চলিব! উচ্চ ন্যায়ালয়ৰ এক ৰায়দানৰ পাছতে বিতৰ্ক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...