Republic Day Parade 2026: গণৰাজ্য দিৱসৰ পেৰেডৰ শ্ৰেষ্ঠ প্ৰতীকপট ঘোষণা, আছে অসমৰো নাম…

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল শাখাত শ্ৰেষ্ঠ প্ৰতীকপটৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে মহাৰাষ্ট্ৰই। তেওঁলোকে গণেশ উৎসৱক আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে চিত্ৰিত কৰিছিল। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা মহিলাসকলে প্ৰতীকপটৰ দুয়োকাষে লোকনৃত্য প্ৰদৰ্শন কৰিছিল।

Republic Day Parade 2026: গণৰাজ্য দিৱসৰ পেৰেডৰ শ্ৰেষ্ঠ প্ৰতীকপট ঘোষণা, আছে অসমৰো নাম...

গণৰাজ্য দিৱসৰ পেৰেড

Published: 

29 Jan 2026 | 10:55 AM

বুধবাৰে গণৰাজ্য দিৱসৰ পেৰেড ২০২৬ৰ বিজয়ী ঘোষণা কৰা হয়। তিনি সেৱাৰ ভিতৰত ভাৰতীয় নৌসেনা শ্ৰেষ্ঠ মাৰ্চিং কন্টিংজেণ্ট হিচাপে বিবেচিত হোৱাৰ বিপৰীতে দিল্লী আৰক্ষীয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য সহায়ক বাহিনীৰ শাখাত এই বঁটা লাভ কৰিছে।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল শাখাত শ্ৰেষ্ঠ প্ৰতীকপটৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে মহাৰাষ্ট্ৰই। তেওঁলোকে গণেশ উৎসৱক আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে চিত্ৰিত কৰিছিল। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা মহিলাসকলে প্ৰতীকপটৰ দুয়োকাষে লোকনৃত্য প্ৰদৰ্শন কৰিছিল। জম্মু আৰু কাশ্মীৰৰ হস্তশিল্প আৰু জম্মু-কাশ্মীৰৰ লোকনৃত্যৰ বাবে দ্বিতীয় স্থান লাভ কৰে। লগতে ৱাটাৰ মেট্ৰ’ৰ আৰু ১০০ শতাংশ ডিজিটেল সাক্ষৰতা: আত্মনিৰ্ভৰ কেৰালাৰ বাবে তৃতীয় স্থান দখল কৰে কেৰালাই।

কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ ভিতৰত সাংস্কৃতিক মন্ত্ৰালয়ে নিজৰ বন্দে মাতৰম – দ্য ছ’ল ক্ৰাই অৱ এ নেচনৰ বাবে জয়লাভ কৰে। কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগক বন্দে মাতৰম – ১৫০ বছৰীয়া উদযাপন প্ৰদৰ্শনৰ বাবে  আৰু নৃত্য দলটোক Vande Mataram: The Eternal Resonance of Indiaৰ বাবে  বিশেষ পুৰস্কাৰ প্ৰদান কৰা হয়।

ইয়াৰ উপৰিও MyGovত কৰা অনলাইন প’লৰ আধাৰত পপুলাৰ চয়ছ এৱাৰ্ডৰো ঘোষণা কৰা হয়। সেৱাসমূহৰ ভিতৰত অসম ৰেজিমেণ্টক শ্ৰেষ্ঠ মাৰ্চিং কণ্টিজেণ্ট হিচাপে ভোটদান কৰাৰ বিপৰীতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু সহায়ক বাহিনী শাখাত চি আৰ পি এফ দলে শীৰ্ষস্থান দখল কৰে।

প্ৰতীকপট শাখাত গুজৰাটে স্বাধীনৰ মন্ত্ৰ – আত্মনিৰ্ভৰশীলতা: বন্দে মাতৰমৰ জৰিয়তে প্ৰথম স্থান লাভ কৰে। তাৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থান থাকে উত্তৰ প্ৰদেশ আৰু ৰাজস্থানে। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ মাজত পপুলাৰ চয়ছ এৱাৰ্ড  লাভ কৰে। যাৰ থীম আছিল ৰাষ্ট্ৰীয় শিক্ষা নীতি।

ইলাচি খলে শৰীৰৰ কি কি সমস্যা কম হয়?
প্ৰ'টিনৰ অভাৱৰ ফলত শৰীৰত দেখা দিয়ে লক্ষণসমূহ কি কি? জানক...
চাহ খাই ভাল পায় নেকি? কি ৰোগ হ’ব পাৰে জানক...
বৃক্কৰ সংক্ৰমণ হ'লে শৰীৰত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
বকো-ছয়গাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ...
বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ
SR ত অভিযোগ দিয়াটো জাতীয় দায়িত্ব -মুখ্যমন্ত্ৰী