Ratan tata: এজন মহান ব্যক্তি গ’লগৈ! ৰতন টাটাৰ মৃত্যুত শোকস্তব্ধ দেশ…

Ratan tata: ৰতন টাটা আছিল এজন দূৰদৰ্শী ব্যৱসায়িক নেতা, এজন দয়ালু আত্মা আৰু এজন অসাধাৰণ মানৱ। প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে তেওঁৰ নম্ৰতা, দয়া আৰু আমাৰ সমাজখন উন্নত কৰাৰ অদম্য দায়বদ্ধতাৰ বাবেই তেওঁ বহু লোকৰ মাজত নিজৰ স্থান দখল কৰিছিল। 

Ratan tata: এজন মহান ব্যক্তি গলগৈ! ৰতন টাটাৰ মৃত্যুত শোকস্তব্ধ দেশ...

ৰতন টাটা

Updated On: 

10 Oct 2024 00:38 AM

এজন মহান ব্যক্তি গ’লগৈ! ৮৬ বছৰ বয়সত চিৰ বিদায় ললে বিশিষ্ট উদ্যোগপতি ৰতন টাটাই। বুধবাৰে নিশা মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৰতন টাটাই। বহুদিন ধৰি অসুস্থ হৈ থকা ৰতন টাটাক কিছুদিন পূৰ্বে হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। এই খবৰ চাৰিওফালে বিয়পি পৰাৰ পাছত ছ’চিয়েল মিডিয়াৰ যোগেদি ৰতন টাটাই পোষ্ট কৰিছিল যে তেওঁ সুস্থ হৈ আছে। কিন্তু তাৰ পাছতেই আজি আহে এই শোকৰ খবৰ।

ৰতন টাটাৰ মৃত্যুত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ প্ৰায় সকলোৱে শোক প্ৰকাশ কৰিছে। ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে যে- ৰতন টাটা আছিল এজন দূৰদৰ্শী ব্যৱসায়িক নেতা, এজন দয়ালু আত্মা আৰু এজন অসাধাৰণ মানৱ। প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে তেওঁৰ নম্ৰতা, দয়া আৰু আমাৰ সমাজখন উন্নত কৰাৰ অদম্য দায়বদ্ধতাৰ বাবেই তেওঁ বহু লোকৰ মাজত নিজৰ স্থান দখল কৰিছিল।

ৰতন টাটাৰ মৃত্যুত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও শোক ব্যক্তি কৰিছে। তেওঁ লিখিছে- ৰতন টাটা ভাৰতীয় উদ্যোগৰ দিগ্বজ আছিল। তেওঁৰ মৃত্যুত অত্যন্ত দুখী। ইয়াৰ লগতে ৰতন টাটাৰ মৃত্যুত  আনন্দ মহিন্দ্ৰাই লিখিছে – ‘ৰতন টাটাৰ অনুপস্থিতি মই মানি ল’ব পৰা নাই।’

লোকসভাৰ বিৰোধী দলৰ নেতা  তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে-

Related Stories
চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension