PM Narendra Modi: এফালে ৰামলালাৰ সূৰ্য তিলক, আনফালে প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে ৰাম সেতুৰ আচৰিত ভিডিঅ’!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া শ্ৰীলংকা ভ্ৰমণৰ সামৰণি পৰে। তেওঁৰ এই ভ্ৰমণৰ সময়ত ৭টা চুক্তিত উপনীত হয়। শ্ৰীলংকাৰ পৰা উভতি অহাৰ সময়ত তেওঁ ৰাম সেতুৰ ওচৰলৈ গৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে। তেওঁ লিখিছে, শ্ৰীলংকাৰ পৰা উভতি আহোঁতে তেওঁৰ আকাশৰ পৰা ৰাম সেতুৰ এক ঐশ্বৰিক দৃশ্য দেখা পাইছে।

PM Narendra Modi: এফালে ৰামলালাৰ সূৰ্য তিলক, আনফালে প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে ৰাম সেতুৰ আচৰিত ভিডিঅ!

প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে ৰাম সেতুৰ এটা আচৰিত ভিডিঅ'

Updated On: 

06 Apr 2025 | 03:05 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া শ্ৰীলংকা ভ্ৰমণৰ অন্ত পৰিল। আজি (৬ এপ্ৰিল) তেওঁ ১২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ আৰু আধুনিক সংকেত ব্যৱস্থাৰ উন্নীতকৰণৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ পুনৰ ভাৰতলৈ ৰাওনা হয়। ভাৰতলৈ উভতি অহাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, য’ত তেওঁ ৰাম সেতুৰ বিষয়ে লিখিছে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে তামিলনাডুৰ ৰামেশ্বৰমত উপস্থিত হৈ পাম্বন দলং উদ্বোধন কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত (x) পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, আজি ৰাম নৱমীৰ শুভ দিন উপলক্ষে শ্ৰীলংকাৰ পৰা উভতি অহাৰ সময়ত আকাশৰ পৰা ৰাম সেতুৰ ঐশ্বৰিক দৃশ্য দেখা পাও। ঐশ্বৰিক সংযোগ.. ৰাম সেতু দৰ্শনৰ সময়তে অযোধ্যাত ৰামলালাৰ সূৰ্য তিলকো দেখাৰ সৌভাগ্য হয়। মোৰ প্ৰাৰ্থনা যে ভগৱান শ্ৰীৰামৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত থাকক।

ভাৰত আৰু শ্ৰীলংকাৰ মাজত ৭ টা চুক্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানয়ৰ মাজত দীঘলীয়া কথা-বতৰা সম্পন্ন হয়। এই সময়ছোৱাত দুয়োৰে মাজত ৭খন চুক্তিত সহমতত উপনীত হয়, য’ত প্ৰতিৰক্ষা সহযোগিতা, শক্তি খণ্ড, স্বাস্থ্য আৰু চিকিৎসা, ফাৰ্মাকোপিয়া সহযোগিতা, ডিজিটেল ৰূপান্তৰ, পূব প্ৰদেশৰ বাবে অৰ্থনৈতিক পেকেজ, ডিজিটেল ৰূপান্তৰৰ লগতে মাছমৰীয়াৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হয়। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ পিছত শ্ৰীলংকাই ১৪জন মাছমৰীয়াকো মুকলি কৰি দিছে। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত আলোচনা সফল হোৱাৰ ইংগিত পোৱা যায়।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...