ভাৰত মহাসাগৰত ভাৰতৰ ভূমিকা গুৰুত্বপূৰ্ণ: প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কোৱাডৰ নেতাৰ

কোৱাড হৈছে অষ্ট্ৰেলিয়া, ভাৰত, আমেৰিকা যুক্তৰাজ্য আৰু জাপানকে ধৰি চাৰিখন দেশৰ এটা গোট। কোৱাড দেশসমূহৰ উদ্দেশ্য হৈছে সামুদ্ৰিক সুৰক্ষা শক্তিশালী কৰা। এই সংগঠনটো ২০০৭ চনত আৰম্ভ কৰা হৈছিল। কিন্তু ২০০৮ চনত অষ্ট্ৰেলিয়া প্ৰত্যাহাৰৰ পিছত ইয়াক বন্ধ কৰা হৈছিল।

ভাৰত মহাসাগৰত ভাৰতৰ ভূমিকা গুৰুত্বপূৰ্ণ:  প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কোৱাডৰ নেতাৰ
Published: 

22 Sep 2024 | 05:58 PM

তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকাৰ ডেলাৱেৰত অনুষ্ঠিত কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পিছে কি এই কোৱাড সন্মিলন?

কোৱাড হৈছে অষ্ট্ৰেলিয়া, ভাৰত, আমেৰিকা যুক্তৰাজ্য আৰু জাপানকে ধৰি চাৰিখন দেশৰ এটা গোট। কোৱাড দেশসমূহৰ উদ্দেশ্য হৈছে সামুদ্ৰিক সুৰক্ষা শক্তিশালী কৰা। এই সংগঠনটো ২০০৭ চনত আৰম্ভ কৰা হৈছিল। কিন্তু ২০০৮ চনত অষ্ট্ৰেলিয়া প্ৰত্যাহাৰৰ পিছত ইয়াক বন্ধ কৰা হৈছিল। ইয়াক ২০১৭ চনত পুনৰ আৰম্ভ কৰা হৈছিল। কিন্তু এই সংগঠনটোৰ দ্বাৰা বিৰক্ত হৈছে চীন।সমূদ্ৰত চীনা আগ্ৰাসনৰ প্ৰত্যুত্তৰ দিবলৈ গঠন কৰা হৈছিল কোৱাড।

কোৱাডৰ মূল উদ্দেশ্য হৈছে হৈছে ইণ্ডো-পেচিফিক অঞ্চলত নিৰাপত্তা আৰু স্থিৰতা বজাই ৰখাৰ বাবে এক নিয়ম-আধাৰিত শৃংখলা, নৌ-চলাচলৰ স্বাধীনতা আৰু আন্তৰ্জাতিক আইনৰ প্ৰতি সন্মান সৃষ্টি কৰা। আমেৰিকাত এইবেলি অনুষ্ঠিত কোৱাডৰ এই সন্মিলনতে ইয়াৰ নেতাসকলে ভাৰত মহাসাগৰত ভাৰতৰ ভূমিকাৰ বাবে মোদীক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত মহাসাগৰে এক মহাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।

একেদৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কয় যে আমেৰিকায়ো ভাৰতৰপৰা বহুতো কথা শিকিব লাগিব। সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কোৱাড কাৰো বিৰুদ্ধে নহয়, ই নিয়ম-আধাৰিত আন্তঃৰাষ্ট্ৰীয় শৃংখলা আৰু সাৰ্বভৌমত্বৰ পক্ষত। এক মুক্ত, মুক্ত, সামগ্ৰিক আৰু সমৃদ্ধিশালী ইণ্ডো-পেচিফিক হৈছে সকলোৰে প্ৰাথমিকতা। মোদীয়ে ক’লে, “আমি সকলোৱে নিয়ম-আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা, সাৰ্বভৌমত্বৰ প্ৰতি সন্মান, আঞ্চলিক অখণ্ডতা আৰু সকলো বিষয়ৰ শান্তিপূৰ্ণ সমাধানৰ সমৰ্থনত আছো। একেলগে, আমি স্বাস্থ্যসেৱা, গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন, ক্ষমতা নিৰ্মাণৰ দৰে ক্ষেত্ৰত বহুতো ইতিবাচক আৰু সামগ্ৰিক পদক্ষেপ গ্ৰহণ কৰিছোঁ।”

প্ৰধানমন্ত্ৰী মোদীৰ মতে কোৱাডৰ নেতাসকল এনে এক সময়ত ইয়াত একত্ৰিত হৈছে যেতিয়া সমগ্ৰ বিশ্ব উত্তেজনা আৰু সংঘৰ্ষৰ দ্বাৰা আৱৰি আছে। এনে সময়ত, কোৱাডৰ বাবে ইয়াৰ গণতান্ত্ৰিক মূল্যবোধৰ সৈতে একেলগে কাম কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰকৃততে, প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত টাৰ্গেটত আছিল চীন। কিয়নো চীনে সমগ্ৰ দক্ষিণ চীন সাগৰৰ ওপৰত ইয়াৰ সাৰ্বভৌমত্ব দাবী কৰে, আনহাতে ভিয়েট নাম, মালয়েছিয়া, ফিলিপাইনছ, ব্ৰুনেই আৰু টাইৱানেও ইয়াক দাবী কৰি আহিছে।

আজি প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ দ্বিতীয় দিন। কোৱাড সন্মিলনৰ পাছত আজি নিউয়ৰ্কৰ লং আইলেণ্ডত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পাছত কাইলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ‘ভৱিষ্যতৰ সন্মিলন’ কাৰ্যসূচী সম্বোধন কৰিব মোদীয়ে। কিন্তু সমূদ্ৰৰ নিৰাপত্তা আৰু সমুদ্ৰপৃষ্ঠৰে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত ভাৰতৰ ভূমিকাক লৈ এতিয়া যে বিশ্বজুৰি চৰ্চিত হৈ পৰিছে প্ৰধানমন্ত্ৰী মোডী সেয়া এই কোৱাড সন্মিলনে একপ্ৰকাৰ স্পষ্ট কৰি দিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...