‘প্ৰথমে মোক ড্ৰাগছ খুৱাই, তাৰ পিছত মোৰ দেহটোক লৈ সিহঁতে ব্যৱসায় চলায়’, বেশ্যাবৃত্তিৰে জড়িত এগৰাকী কিশোৰীৰ চাঞ্চল্য়কৰ বৰ্ণনা…
কেনেকৈ তেওঁক মদ্যপান কৰোৱাই জোৰকৈ বেশ্যাবৃত্তিৰ সৈতে জড়িত হ'বলৈ বাধ্য কৰা হৈছিল তেওঁক । কেনেকৈ তাইৰ দেহটোক ভোগৰ সামগ্ৰীলৈ পৰিণত কৰিছিল । বিবৰি ক'লে এগৰাকী কিশোৰীয়ে । কাহিনীটো পঢ়ক...

কিশোৰীগৰাকীৰ এটা সপোন আছিল স্বাধীনভাৱে জীয়াই থকাৰ, নিজৰ আশা-আকাংক্ষা পূৰণ কৰাৰ । জীৱন যাত্ৰাত নিজকে প্ৰতিষ্ঠা কৰিব পৰাকৈ হয়তো মনৰ মাজত নিজৰ সংকল্পবোৰো তাই পুহি ৰাখিছিল । কিন্তু নিষ্ঠুৰ বাস্তৱে কিশোৰীগৰাকীৰ দেহটোক ভোগৰ সামগ্ৰীলৈ পৰিণত কৰিলে । পঞ্জাৱৰ এগৰাকী কিশোৰীৰ সৈতে এনে এক ঘটনা সংঘটিত হৈছে যি ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই ঘটনাৰ পৰা পোহৰলৈ আহিল এগৰাকী কিশোৰীক কেনেকৈ বেশ্যাবৃত্তিৰ সৈতে জড়িত হ’বলৈ বাধ্য কৰাইছিল একাংশই ।
খবৰ অনুসৰি, পঞ্জাৱৰ ইছে খানৰ মছিতান ৰোডৰ বাসিন্দা এগৰাকী কিশোৰীয়ে নিজে এই বিষয়ে বিৱৰণ দাঙি ধৰিছে । কিশোৰীগৰাকীয়ে কয় যে, কেনেকৈ তেওঁক মদ্যপান কৰোৱাই জোৰকৈ বেশ্যাবৃত্তিৰ সৈতে জড়িত হ’বলৈ বাধ্য কৰা হৈছিল । কিশোৰীয়ে কয় যে, কেনেকৈ তাইৰ দেহটোক ভোগৰ সামগ্ৰীলৈ পৰিণত কৰিছিল । মনকৰিবলগীয়া যে, অতি সাহসেৰে এই কথাবোৰ অৱগত কৰিছিল কিশোৰীগৰাকীয়ে ।
আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, অলপতে চহৰখনত এক সমদল উলিয়াইছিল ড্ৰাগছ বিৰোধী সমিতিয়ে। এই সময়ছোৱাত কমিটীৰ সভাপতি সুখদীপ সিঙে পদযাত্ৰাৰ পথত এগৰাকী কিশোৰীয়ে বহি খাদ্য খাই থকা দেখিছিল। সুখদীপ সিঙে কয় যে, সেই সময়ত কিশোৰীগৰাকীৰ অৱস্থা অতি চিন্তনীয় আছিল । এনে অৱস্থাত কথা পতাৰ পিছত কিশোৰীগৰাকীক নিজৰ ঘৰলৈ লৈ যায় সুখদীপ সিঙে । তেওঁ কয় যে, কিশোৰীগৰাকীৰ লগত কথা পাতি গম পোৱা গ’ল যে, যোৱা দুবছৰ ধৰি তেওঁ ড্ৰাগছৰ আসক্তিত ভুগি আছে । এতিয়া ড্ৰাগছৰ আসক্তি পূৰণৰ বাবে দেহব্যৱসায় কৰিবলৈ বাধ্য হয় কিশোৰীগৰাকীয়ে ।
কিশোৰীগৰাকীয়ে কয় যে, এগৰাকী মহিলাই তেওঁক ড্ৰাগছৰ প্ৰতি ইমানেই বেয়াকৈ আসক্ত কৰি তুলিলে যে ইয়াৰ বাবে এতিয়া তেওঁ যিকোনো পৰ্যায়লৈকে যাব পাৰে । কিশোৰীগৰাকীয়ে কয়, ‘‘নিচা কৰিবলৈ মোক মাত্ৰ ছটা কেপচুল লাগে আৰু তাৰ পিছত কোনোবাই মোক কিবা কৰিলেও মই কোনো ধৰণৰ বাধা নিদিওঁ ।” কিশোৰীগৰাকীয়ে এই কথাও স্পষ্টকৈ কয় যে, নিজৰ ড্ৰাগছৰ আসক্তি পূৰণ কৰিবলৈ তেওঁ বেশ্যাবৃত্তিত লিপ্ত হ’বলৈ বাধ্য হৈছে । লগতে দাবী কৰে যে, সেই মহিলাগৰাকীৰ দৰে বহু ছোৱালী আছে, যাৰ সৈতে তেওঁ বেশ্যাবৃত্তি চলায় ।
কিশোৰীগৰাকীয়ে সুখদীপ সিঙক কয় যে, আগতে কিশোৰীগৰাকীৰ উপাৰ্জন ছয়ৰ পৰা সাতশ টকা আছিল, কিন্তু এতিয়া মাত্ৰ তিনিশ টকা । কিন্তু সেই তিনিশ টকাৰ আধা অৰ্থাৎ ১৫০ টকাহে কিশোৰীগৰাকীয়ে পায় । যিটো মাত্ৰ তেওঁৰ নিচা পূৰণৰ বাবে যথেষ্ট ।
কিশোৰীগৰাকীয়ে কয় যে, ৰাজ্যখনৰ বজাৰত এনে কিছুমান ঘৰ আছে, য’ত মাদক দ্ৰব্য দিয়া হয় আৰু তাৰ পিছত দেহ নিলাম কৰা হয়। কিশোৰীগৰাকীয়ে কয় যে, কেপচুল নাপালে চৰকাৰী চিকিৎসালয়ৰ পৰা পোৱা বুপ্ৰেমৰ্ফিন টেবলেট পানীত মিহলাই বেজী দিয়ে। কিশোৰীগৰাকীৰ মতে, তাইৰ বয়স ১৭ বছৰ, তাইৰ এগৰাকী ভগ্নী আৰু ভাতৃও আছে। দেউতাকৰ মৃত্যু হৈছে।
ড্ৰাগছ বিৰোধী কমিটীয়ে কিশোৰীগৰাকীক থানালৈ লৈ গৈ এজাহাৰ দাখিল কৰে। ইয়াৰোপৰি নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰোৱা হয় কিশোৰীগৰাকীক। এই সমগ্ৰ ঘটনাৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে আৰক্ষীয়ে ।