হঠাতে হৃদযন্ত্ৰ বন্ধ হৈ যোৱাৰ লক্ষণ

5 July 2025

TV9 ASSAM

Photos Credit: Getty Images

প্ৰায়ে মানুহে হাৰ্ট এটেক আৰু কাৰ্ডিয়াক এৰেষ্টক (হঠাতে হৃদযন্ত্ৰ বন্ধ হৈ যোৱা) একেটা ৰোগ বুলি গণ্য কৰে যদিও দুয়োটা পৰিস্থিতি বেলেগ বেলেগ। 

পৰিস্থিতি বেলেগ

যদিও এই লক্ষণে দেখা দিয়ে তেন্তে সাৱধান হোৱাটো প্ৰয়োজন। অন্যথা আপুনি বিপদত পৰিব পাৰে।

সাৱধান হ’ব

কাৰণ নোহোৱাকৈ যদি মূৰ ঘূৰাবলৈ আৰম্ভ কৰে বা হঠাতে অজ্ঞান হৈ পৰা ফলত হৃদযন্ত্ৰ বন্ধ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

অজ্ঞান হৈ পৰা

সামান্য পৰিশ্ৰমতে উশাহ বন্ধ হোৱা বা গোটেই দিনটো ভাগৰুৱা অনুভৱ কৰাটো গভীৰ হৃদযন্ত্ৰৰ সমস্যাৰ লক্ষণ হ’ব পাৰে।

ভাগৰুৱা অনুভৱ

বুকুত মৃদু চাপ বা জ্বলা-পোৰা অনুভৱ কৰাটো সহজভাৱে ল’ব নালাগে। হৃদযন্ত্ৰ বন্ধ হোৱাৰ আগতে এই লক্ষণ দেখা দিব পাৰে।

বুকুত জ্বলা-পোৰা

যদি বাৰে বাৰে হৃদস্পন্দন দ্ৰুত, অসমান বা অদ্ভুত যেন লাগে, তেন্তে ই হৃদস্পন্দন নিয়ন্ত্ৰণহীন হৈ পৰাৰ লক্ষণ হ’ব পাৰে।

হৃদস্পন্দন

নাৰ্ভাছ অনুভৱ কৰা, কোনো কাৰণ নোহোৱাকৈ অত্যধিক ঘাম ওলোৱা আৰু মূৰৰ বিষ অনুভৱ কৰাটোও গুৰুতৰ লক্ষণ হ’ব পাৰে। 

নাৰ্ভাছ অনুভৱ কৰা

পঢ়িবলৈ ক্লিক কৰক

অকালতে চুলি পকিছে নেকি? এই সমস্যাৰ প্ৰতিকাৰ জানক