Pradhanmantri viksit bharat yojana:’প্ৰধানমন্ত্ৰী বিকশিত ৰোজগাৰ আঁচনি’ ঘোষণা মোদীৰ, যুৱক-যুৱতীয়ে পাব ১৫ হাজাৰ টকা…

Pradhanmantri vikshit bharat yojna: ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ আঁচনিৰ কথা ঘোষণা কৰে। এই আঁচনিৰ অধীনত যুৱক-যুৱতীয়ে ১৫ হাজাৰ টকা লাভ কৰিব।

Pradhanmantri viksit bharat yojana:প্ৰধানমন্ত্ৰী বিকশিত ৰোজগাৰ আঁচনি ঘোষণা মোদীৰ, যুৱক-যুৱতীয়ে পাব ১৫ হাজাৰ টকা...

চৰকাৰী আঁচনি

Updated On: 

15 Aug 2025 09:37 AM

আজি দেশে পালন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বাদশবাৰৰ বাবে পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। মোদীয়ে এই সময়চোৱাত কেইবাটাও ডাঙৰ ঘোষণা কৰে। জি এছ টিৰ পৰ্যালোচনাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ যোজনা (pradhanmantri viksit bharat yojana)। মোদীয়ে জনাই যে, এই আঁচনিৰ অধীনত যুৱক-যুৱতীসকলক প্ৰথম চাকৰি পোৱাৰ লগে লগে ১৫ হাজাৰ টকাৰ প্ৰৰোচনা প্ৰদান কৰা হ’ব।

এই আঁচনিৰ শুভ উদ্বোধন কৰি মোদীয়ে কয় যে, এয়া দেশৰযুৱক-যুৱতীসকলৰ বাবে এক ডাঙৰ খবৰ। আজি ১৫ আগষ্টত দেশৰ যুৱসকলৰ বাবে আমি এক লাখ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ কৰিছো।

মোদীয়ে কয়, আজিৰ পৰা কাৰ্যকৰী হৈছে এই আঁচনি। ব্যক্তিগত খণ্ডত চাকৰি লাভ কৰা যুৱক-যুৱতীসকলে ১৫ হাজাৰ টকাকৈ চৰকাৰে প্ৰদান কৰিব। এই আঁচনিৰ অধীনত আগন্তুক ২ বছৰত ৩.৫ কোটিতকৈ অধিক চাকৰিৰ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

চৰ্ত কি

এই আঁচনিখনৰ জৰিয়তে চৰকাৰে বিশেষকৈ উৎপাদন খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই আঁচনিৰ অধীনত কোনোৱে কোনো কোম্পানীত কাম কৰাৰ লগে লগে বা প্ৰথমবাৰৰ বাবে চাকৰি পোৱাৰ লগে লগে তেওঁলোকক এই ধনৰাশি দিয়া হ’ব। অৱশ্যে ইয়াৰ বাবে তেওঁলোকে কিছুমান চৰ্ত মানি চলিব লাগিব। ইয়াৰ অধীনত চাকৰি পোৱা যুৱক-যুৱতীসকলে কমেও ৬ মাহ সেই কোম্পানীত কাম কৰিব লাগিব। ইয়াৰ লগতে কোম্পানীটো ইপিএফঅ’ত পঞ্জীয়ন কৰাটোও প্ৰয়োজনীয়। এই সকলোবোৰ চৰ্ত পূৰণ কৰিলে এই ধনৰাশি পাব।

কেনেকৈ আবেদন কৰিব

চৰকাৰে আৰম্ভ কৰা এই আঁচনিৰ বাবে কোনো আবেদন কৰিব নালাগে। কোনো কোম্পানীত চাকৰি পোৱাৰ লগে লগে বা আপোনাৰ পি এফ একাউণ্ট খোলাৰ লগে লগে আপুনি এই আঁচনিৰ বাবে যোগ্য হ’ব। এই আঁচনিৰ প্ৰথম কিস্তি বা ধনৰাশি চাকৰি পোৱাৰ ৬ মাহৰ পিছত আপোনাক দিয়া হ’ব। যিটো পোনে পোনে আপোনাৰ একাউণ্টলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ অপাৰেশ্যন সেন্দূৰত বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় বায়ুসেনাৰ জোৱানলৈ সন্মান, ৪গৰাকীলৈ সৰ্বোত্তম যুদ্ধ সেৱা পদক…

Related Stories
লালকিল্লাৰ পৰা ট্ৰাম্পক প্ৰত্যুত্তৰ মোদীৰ! ক’লে- স্বাৰ্থপৰায়ণতাই আমাক জালত পেলাব নোৱাৰে…
তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰেঃ লালকিল্লাৰ পৰা পাক প্ৰধানমন্ত্ৰী শ্বৰীফক সকীয়ালে প্ৰধানমন্ত্ৰী মোদীয়ে
Pm Modi speech: পাকিস্তান-আমেৰিকাক বাৰ্তা, যুৱক-যুৱতীলৈ উপহাৰ…১০৩ মিনিটৰ ভাষণত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?
Independence Day 2025: লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণ দি ইন্দিৰা গান্ধীৰ অভিলেখ ভাঙিলে নৰেন্দ্ৰ মোদীয়ে
অপাৰেশ্যন সেন্দূৰত বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় বায়ুসেনাৰ জোৱানলৈ সন্মান, ৪গৰাকীলৈ সৰ্বোত্তম যুদ্ধ সেৱা পদক…
Kishtwar Cloud Burst: এফালে স্বাধীনতাৰ আনন্দ, আনফালে জম্মু-কাশ্মীৰত মৃত্যু প্ৰায় ৪৫জনৰ, সন্ধানহীন ২০০ৰো অধিক…
জীৱনলৈ ভাল দিন আহিলে সপোনে দিয়ে এইসমূহ সংকেত...
পেটৰ সংক্ৰমণ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
আমলখি খালে কি কি উপকাৰ হয় জানেনে?
১৬ আগষ্ট নে ১৪ ছেপ্টেম্বৰ, অসমত জন্মাষ্টমীত কোনদিনা বিদ্যালয় বন্ধ থাকিব?