আজি আৰক্ষী স্মৰণ দিৱসঃ প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষামন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ সকলোৱে সুঁৱৰিলে আৰক্ষীৰ ত্যাগ
জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জাতিৰ সেৱাত আৰক্ষী জোৱানসকলৰ সৰ্বোচ্চ ত্যাগৰ কথাও সোঁৱৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। আৰক্ষীয়ে ভাৰতৰ সামাজিক অখণ্ডতাক ৰক্ষা কৰে বুলি উল্লেখ কৰি ৰাজনাথ সিঙে লগতে সেনা তথা আৰক্ষীৰ প্ৰতি থকা আস্থাৰ কথা দোহাৰে।

আজি আৰক্ষী স্মৃতি দিৱস
আজি আৰক্ষী স্মৰণ দিৱস। দেশ তথা দেশৰ জনসাধাৰণৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীৰ সাহস তথা ত্যাগক সকলোৱে কৰিছে স্মৰণ। দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জাতিৰ সেৱাত আৰক্ষী জোৱানসকলৰ সৰ্বোচ্চ ত্যাগৰ কথাও সোঁৱৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। আৰক্ষীয়ে ভাৰতৰ সামাজিক অখণ্ডতাক ৰক্ষা কৰে বুলি উল্লেখ কৰি ৰাজনাথ সিঙে লগতে সেনা তথা আৰক্ষীৰ প্ৰতি থকা আস্থাৰ কথা দোহাৰে।
এই আস্থাই নিৰাপত্তাৰ চূড়ান্ত সংজ্ঞা তথা দেশৰ স্থিতিশীলতাৰ প্ৰথম চৰ্ত বুলিও ৰাজনাথ সিঙে লগতে দোহাৰে। দেশত সম্প্ৰতি নক্সালবাদৰ প্ৰভাৱ হ্ৰাস কৰাত আৰক্ষীৰ ভূমিকাৰ কথাও দোহাৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। অহা বৰ্ষত এই সকলো সমস্যা দূৰ হ’ব বুলি দাবী কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
আৰক্ষীক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগান
ৰাজনাথ সিঙে কয়, “২০১৮ চনত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক স্থাপন কৰা হৈছিল। তদুপৰি আমি আৰক্ষীক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু উন্নত সুবিধা প্ৰদান কৰিছো। ৰাজ্যসমূহে তেওঁলোকৰ আৰক্ষী বাহিনীক আধুনিকীকৰণৰ বাবে সম্পদৰ ব্যৱস্থা কৰিছে। আজি আমাৰ আৰক্ষী বাহিনীৰ হাতত চোৰাংচোৱা ব্যৱস্থা, ড্ৰ’ন, ফৰেনছিক লেব, ডিজিটেল পুলিচিং আদি আধুনিক সঁজুলি আছে।”
আৰক্ষীৰ সাহসক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক্সত এক পোষ্টযোগে আৰক্ষী স্মৰণ দিৱসৰ ক্ষণত আৰক্ষীৰ সাহসক প্ৰশংসা কৰে। পোষ্টটোত তেওঁ কয়, “আৰক্ষী স্মৰণ দিৱসত আমি আমাৰ আৰক্ষী জোৱানসকলৰ সাহসক প্ৰণাম জনাইছো আৰু কৰ্তব্য পালনত তেওঁলোকে কৰা পৰম ত্যাগক স্মৰণ কৰিছো। তেওঁলোকৰ অটল সমৰ্পণে আমাৰ জাতি আৰু জনসাধাৰণক সুৰক্ষিত কৰি ৰাখে।”
On Police Commemoration Day, we salute the courage of our police personnel and recall the supreme sacrifice by them in the line of duty. Their steadfast dedication keeps our nation and people safe. Their bravery and commitment in times of crisis and in moments of need are…
— Narendra Modi (@narendramodi) October 21, 2025
সংকটৰ সময়ত আৰু প্ৰয়োজনৰ মুহূৰ্তত আৰক্ষীৰ সাহস তথা দায়বদ্ধতা প্ৰশংসনীয় বুলিও দোহাৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই বিশেষ ক্ষণত আৰক্ষীৰ সাহস আৰু ত্যাগক সোঁৱৰে। এক ফেচবুক পোষ্ট যোগে সমাজৰ বাবে তেওঁ আৰক্ষীৰ সেৱা তথা ভূমিকাৰ কথা দোহাৰে।
তেওঁ কয়, “আৰক্ষী স্মৰণ দিৱসত আমি আমাৰ আৰক্ষী বাহিনীৰ অদম্য সাহসক অভিবাদন জনাইছো আৰু মা ভাৰতীক ৰক্ষা কৰাৰ বাবে তেওঁলোকৰ ত্যাগক শ্রদ্ধাৰে স্মৰণ কৰিছো। তেওঁলোকৰ অবিৰাম সেৱাই আমাৰ ৰাজ্যক তথা জনসাধাৰণক সুৰক্ষা আৰু নিৰাপত্তা প্রদানেৰে আশ্বস্ত কৰি ৰখাত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে।”