৫মাহৰ গৰ্ভৱতী ১৫ বছৰীয়া কিশোৰী! আদালতে শাস্তি বিহিলে পিতৃক…

পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। কন্যাৰ সৈতে বাৰে বাৰে অপকৰ্ম কৰাৰ অভিযোগত এজন পিতৃক শাস্তি বিহিছে আদালতে। জানিব পৰা মতে, কিশোৰীগৰাকী গৰ্ভৱতী হোৱাৰ পাছত সকলো পোহৰলৈ আহিছিল।

৫মাহৰ গৰ্ভৱতী ১৫ বছৰীয়া কিশোৰী! আদালতে শাস্তি বিহিলে পিতৃক...

প্ৰতীকী ফটো

Published: 

06 Jan 2026 | 03:04 PM

দেশত প্ৰতিদিনে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হয়। কিন্তু কিছুমান ঘটনাই সমগ্ৰ মানৱজাতিৰ ওপৰত ডাঙৰ প্ৰশ্নবোধক দি থৈ যায়। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যি শুনিলে আচৰিত হৈ পৰিব আপুনি। প্ৰাপ্ত খবৰ অনুসৰি, এগৰাকী পিতৃয়ে নিজৰ ১৫ বছৰীয়া কিশোৰীক বাৰে বাৰে ধৰ্ষণ কৰিছিল, যাৰ পাছত তেওঁ গৰ্ভৱতী হয়। কিন্তু এদিন হঠাতে কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে। যেতিয়া তেওঁক হাস্পাতাললৈ লৈ যোৱা হয় তেতিয়া গম পোৱা যায় যে কিশোৰীগৰাকী ৫ মাহৰ গৰ্ভৱতী। এই ঘটনা সংঘটিত হৈছে তামিলনাডুৰ তিৰুনেলভেলী জিলাত।

এই ঘটনা সন্দৰ্ভত ৫ জানুৱাৰীত তিৰুনেলভেলী POCSO বিশেষ আদালতে ১৫ বছৰীয়া কন্যাক ধৰ্ষণ কৰি গৰ্ভধাৰণ কৰাৰ অপৰাধত পিতৃক মৃত্যুদণ্ডৰ শাস্তি বিহে। জানিব পৰা মতে, অভিযুক্ত লোকজনৰ বিৰুদ্ধে ২০২৪ চনত কন্যা ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল।  তেওঁ বাৰে বাৰে দ্বিতীয় পত্নীৰ পৰা হোৱা কন্যাক ধৰ্ষণ কৰিছিল।

কেনেকৈ পোহৰলৈ আহিল?

লোকজনে দীৰ্ঘদিন ধৰি এই কু-কাণ্ড কৰি গৈছিল। তাৰ মাজতে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত হঠাতে কিশোৰীগৰাকী অসুস্থ হৈ পৰে। লগে লগে তেওঁক হাস্পাতাললৈ লৈ যোৱা হয়। চিকিৎসা পৰীক্ষাৰ অন্তত কিশোৰীগৰাকী ৫ মাহৰ গৰ্ভৱতী বুলি পোহৰলৈ আহে। ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ মাতৃয়ে থানাত এজাহাৰ দাখিল কৰে। এই সময়চোৱাত অভিযুক্ত হিচাপে পিতৃৰ নাম পোহৰলৈ আহে।

তদন্তৰ অংশ হিচাপে গৰ্ভস্থ শিশুটিৰ ডি এন এ অভিযুক্তৰ সৈতে মিল থকা বুলি নিশ্চিত হয়। ইয়াৰ পাছতে কালি POCSO বিশেষ আদালতত শুনানি গ্ৰহণ কৰি দোষীক মৃত্যুদণ্ডৰ শাস্তি বিহে। এই সমগ্ৰ কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগতে এগৰাকী পিতৃৰ এনে কাণ্ডই মানৱ সমাজকো লজ্জিত কৰি তুলিছে।

 

অন্য খবৰ পঢ়কঃ পিতৃ-ভগ্নীকো এৰি নিদিলে! পৰিয়ালৰ ৩ সদস্যৰ সৈতে যুৱকৰ ভয়ংকৰ কাণ্ড…

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?