উত্তৰ-পূবত হৈছে অভূতপূৰ্ব অগ্ৰগতিঃ ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টাৰ্ছ ছামিট উদ্বোধন কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টাৰ্ছ ছামিট-২০২৫ উদ্বোধন কৰে। ২৩ আৰু ২৪ মে', অৰ্থাৎ আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবত অভূতপূৰ্ব অগ্ৰগতি হৈছে বুলি মন্তব্য কৰে।

অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
দিল্লীৰ ভাৰত মণ্ডপমত আজি ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টাৰ্ছ ছামিট-২০২৫ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২৩ আৰু ২৪ মে’, অৰ্থাৎ আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবত অভূতপূৰ্ব অগ্ৰগতি হৈছে বুলি মন্তব্য কৰি অঞ্চলটোৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও উল্লেখ কৰে। তেওঁৰ চৰকাৰৰ বাবে ‘পূব’ মানে – সৱলীকৰণ, কৰ্ম, শক্তিশালীকৰণ আৰু পৰিৱৰ্তন বুলিও বাখ্যা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
নিজ ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এটা সময় আছিল যেতিয়া উত্তৰ-পূবক কেৱল সীমান্ত বুলি কোৱা হৈছিল। কিন্তু এতিয়া এই অঞ্চল উন্নয়নৰ দিশত আগবাঢ়ি আছে আৰু অঞ্চলটোৱে অভূতপূৰ্ব অগ্ৰগতিৰ সাক্ষী হৈছে বুলি তেওঁ লগতে কয়। এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰে। লগতে উত্তৰ-পূবৰ আন ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে উদ্যোগপতি মুকেশ আম্বানী আৰু গৌতম আদানীয়েও এই সন্মিলনত অংশগ্ৰহণ কৰে।
ইফালে উত্তৰ-পূব অঞ্চলৰ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই সন্মিলনত ৪.১৮ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তি আৰু এল অ’ আই লাভ কৰা বুলি জানিবলৈ দিয়ে। নিজ ভাষণত জ্যোতিৰাদিত্য সিন্ধিয়াই উল্লেখ কৰা মতে ৯ মাহৰ ভিতৰত ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰী আৰু সকলো বিনিয়োগকাৰীৰ সৈতে ৰোড শ্ব’ৰ জৰিয়তে ২৬০০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি আৰু এল অ’ আইৰ সমন্বয় সাধন কৰা হৈছে।
ঔদ্যোগিক প্ৰতিষ্ঠানসমূহে এই সময়ছোৱাত ১৬০০০ কোটি টকাৰ বিনিয়োগ ঘোষণা কৰা বুলিও জ্যোতিৰাদিত্য সিন্ধিয়াই জানিবলৈ দিয়ে। এই বিনিয়োগ সন্মিলনত ৪১৮০০০ কোটি টকাৰ সামগ্ৰিক বুজাবুজি আৰু এল অ’ আইৰ ইংগিত দিয়া হৈছে বুলি তেওঁ লগতে কয়। কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই লগতে ২০২৫ চনৰ পৰা ২০৩৫ চনলৈ উত্তৰ-পূব অঞ্চলৰ এক নতুন বিকাশৰ কাহিনী দেখা পাব বুলিও প্ৰতিশ্ৰুতি দিয়ে।
এইদৰে উত্তৰ-পূবৰ বিকাশে উন্নত ভাৰত ২০৪৭ৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সমুখৰ পৰা গতি প্ৰদান কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এইক্ষেত্ৰত সকলো ৰাইজক একত্ৰিতভাৱে এই বিকাশৰ অংশীদাৰ হ’বলৈ আহ্বান জনায় জ্যোতিৰাদিত্য সিন্ধিয়াই। তেওঁ লগতে অনুষ্ঠানত উপস্থিত থকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে এই সন্মিলনক আৰু অধিক গুৰুত্বপূৰ্ণ কৰি তুলিলে জ্যোতিৰাদিত্য সিন্ধিয়াই মন্তব্য কৰে।