Republic Day 2026: ভাৰতৰ গৌৰৱৰ প্ৰতীক…দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণৰাজ্য দিৱসত দেশবাসীক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই অনুষ্ঠান ভাৰতৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক।

Republic Day 2026: ভাৰতৰ গৌৰৱৰ প্ৰতীক...দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

Pm Modi Wishes On Republic Day 2026

Published: 

26 Jan 2026 | 08:21 AM

আজি ভাৰতে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। সমগ্ৰ দেশতে গণৰাজ্য দিৱস উদযাপনৰ কাৰ্যসূচী। ত্ৰিৰংগৰ ৰঙেৰে উজ্বলি উঠিছে সমগ্ৰ দেশ। ৰাজধানী দিল্লীৰ কৰ্তব্য পথত আজি পেৰেডৰ বাবে বৃহৎ প্ৰস্তুতি চলোৱা হৈছে। গণৰাজ্য দিৱসৰ পেৰেডত ভূমিৰ পৰা আকাশলৈ জাতিটোৰ বীৰত্ব প্ৰদৰ্শন কৰা হ’ব। প্ৰদৰ্শিত হ’ব অপাৰেচন সিন্দূৰৰ পিছত থিমযুক্ত গ্ৰেণ্ড পেৰেড । ইয়াৰ উপৰিও বিভিন্ন ৰাজ্যৰ প্ৰতীকপটসমূহত দেশৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?

গণৰাজ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত টুইট কৰি কয়, “গণৰাজ্য দিৱসৰ বাবে মোৰ সকলো দেশবাসীলৈ বহুত অভিনন্দন। ভাৰতৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক এই ৰাষ্ট্ৰীয় উৎসৱে আপোনালোক সকলোৰে মাজত নতুন শক্তি আৰু উৎসাহৰ সৃষ্টি কৰক। এখন উন্নত ভাৰতৰ সংকল্প আৰু অধিক শক্তিশালী হওক, এয়াই কামনা।”

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, “গণৰাজ্য দিৱস আমাৰ স্বাধীনতা, সংবিধান, আৰু গণতান্ত্ৰিক মূল্যবোধৰ এক শক্তিশালী প্ৰতীক। এই উৎসৱে আমাক জাতি গঢ়ি তোলাৰ সংকল্পৰে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ নতুন শক্তি আৰু প্ৰেৰণা দিয়ে।”

শক্তিশালী নিৰাপত্তাৰ ব্যৱস্থা

আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ত্ৰিৰংগ উত্তোলন কৰিব। ইয়াৰ পূৰ্বে যুদ্ধ স্মাৰকত শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। আজিৰ উদযাপন যাতে ব্যাঘাত নজন্মে তাৰ বাবে দিল্লীৰ পৰা কাশ্মীৰ আৰু কন্যাকুমাৰীলৈকে, গুজৰাটৰ পৰা উত্তৰ-পূবৰ ৰাজ্যলৈকে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। কেৱল দিল্লীতে নিয়োজিত হৈছে দহ হাজাৰৰো অধিক জোৱান। ইয়াৰ উপৰিও মহানগৰীৰ প্ৰতি ইঞ্চিত তিনি হাজাৰৰো অধিক চিচিটিভি কেমেৰাই নিৰীক্ষণ কৰি আছে।

লগতে পঢ়ক: অধিকাৰ, নিৰাপত্তা, সন্মান… সংবিধান নাগৰিকৰ আটাইতকৈ ডাঙৰ শক্তি কিয়? ১০টা পইণ্টত সকলো জানক…

হৰম'নৰ পৰিবৰ্তন হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইবোৰ খাদ্যই বৃদ্ধি কৰে কলেষ্টেৰলৰ মাত্ৰা! চিকিৎসকৰ পৰা জানক...
ৰুষ্ট হ'ব মহাদেৱ, সোমবাৰে শিৱলিংগত পানী ঢালোতে নকৰিব এই ভুল!
ওজন হ্ৰাসৰ সকলো চেষ্টা হ’ব বিফল, যদিহে নিশা খায় এনে খাদ্য
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...