সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট বাৰ্তা দিলে অপাৰেচন সিন্দূৰে, পাকিস্তানক পুনৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ পাকিস্তানক সকীয়াই দিয়ে যে, যদি ভৱিষ্যতে এনেধৰণৰ কিবা এটা কৰে তেন্তে ইয়াক উপযুক্ত উত্তৰ দিয়া হ’ব। তেওঁ স্পষ্টকৈ কয়, গুলীৰ উত্তৰ গুলীৰে দিয়া হ’ব। পহলগামত সন্ত্ৰাসবাদীয়ে কেৱল ভাৰতীয়ৰ তেজ বোৱাই দিয়া নাই, আমাৰ সংস্কৃতিকো আক্ৰমণ কৰিছে ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট বাৰ্তা দিলে অপাৰেচন সিন্দূৰে, পাকিস্তানক পুনৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী মোদী

Updated On: 

31 May 2025 | 05:04 PM

পুনৰ পাকিস্তানক স্পষ্ট বাৰ্তা দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অপাৰেচন সেন্দূৰৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিছে । শেহতীয়াকৈ মধ্যপ্ৰদেশ ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ৰাণী অহিল্যবাই হোলকাৰৰ ৩০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ভোপালত আয়োজিত এক জনসভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । এই সভাত ভাষণ দি তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ পাকিস্তানক সকীয়াই দিয়ে যে, যদি ভৱিষ্যতে এনেধৰণৰ কিবা এটা কৰে তেন্তে ইয়াক উপযুক্ত উত্তৰ দিয়া হ’ব। তেওঁ স্পষ্টকৈ কয়, “গুলীৰ উত্তৰ গুলীৰে দিয়া হ’ব।” তেওঁ কয় যে, পহলগামত সন্ত্ৰাসবাদীয়ে কেৱল ভাৰতীয়ৰ তেজ বোৱাই দিয়া নাই, আমাৰ সংস্কৃতিকো আক্ৰমণ কৰিছে । আমাৰ সমাজখনক বিভাজিত কৰিবলৈ চেষ্টা কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “আটাইতকৈ ডাঙৰ কথাটো হ’ল সন্ত্ৰাসবাদীয়ে ভাৰতৰ নাৰী শক্তিক প্ৰত্যাহ্বান জনাইছে  । এয়াই হৈ পৰিল তেওঁলোকৰ বাবে মৃত্যুৰ ঘন্টা। আমাৰ সেনাই শত্ৰুৰ ঘৰত প্ৰৱেশ কৰি তেওঁলোকৰ সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰিলে।”

“অপাৰেচন সেন্দূৰ ভাৰতৰ ইতিহাসত বৰ্তমানলৈকে সৰ্ববৃহৎ সফল অভিযান। গুলীৰ উত্তৰ গুলীৰে দিয়া হ’ব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ এতিয়াও বন্ধ হোৱা নাই।” ভাষণত এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয় যে, অপাৰেচন সেন্দূৰে এটা স্পষ্ট বাৰ্তা দিয়ে যে, সন্ত্ৰাসবাদৰ জৰিয়তে হোৱা ছায়া যুদ্ধ আৰু সহ্য কৰা নহ’ব। এইবাৰ তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি তেওঁলোকক নিৰ্মূল কৰা হ’ব। যিয়ে সন্ত্ৰাসবাদীক সমৰ্থন কৰিব, তেওঁলোকে যথেষ্ট মূল্য দিব লাগিব বুলি স্পষ্ট কৰি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...