উদুলি-মুদুলি ৰামনগৰী, আজি ৰাম জন্মভূমি মন্দিৰৰ ধ্বজাৰোহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিৰ বাবে সাজু কৰা হৈছে ৬৯৭০ নিৰাপত্তাৰক্ষীৰ নিৰাপত্তাৰক্ষীৰ কৰ্ডন। ইতিমধ্যে মোদীৰ ভ্ৰমণৰ প্ৰাকক্ষণত সোমবাৰে অযোধ্যাত উপস্থিত হয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। তেওঁ মন্দিৰ চৌহদত অনুষ্ঠানৰ প্ৰস্তুতি পৰিদৰ্শন কৰাৰ লগতে মন্দিৰ প্ৰশাসন আৰু জিলা প্ৰশাসনে কৰা প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

উদুলি-মুদুলি ৰামনগৰী, আজি ৰাম জন্মভূমি মন্দিৰৰ ধ্বজাৰোহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰাম জন্মভূমি মন্দিৰ

Updated On: 

25 Nov 2025 | 07:13 AM

আন এক আধ্যাত্মিক অনুষ্ঠানৰ বাবে সাজু হৈছে ৰামনগৰী অযোধ্যা। বিশেষভাৱে সজাই তোলা হৈছে অযোধ্যা নগৰ। অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ ওপৰত আজি ধ্বজা আৰোহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। সমগ্ৰ অযোধ্যা নগৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। এ টি এছ আৰু এন এছ জিৰ পৰা চাইবাৰ টিমলৈকে নিৰাপত্তা বাহিনীৰ সতৰ্কতাৰে সমগ্ৰ অযোধ্যা এতিয়া এক অভেদ্য দুৰ্গলৈ ৰূপান্তৰিত হৈছে। এণ্টি ড্ৰ’ন চিষ্টেম, স্নাইপাৰ ডিউটি আৰু ৯০ জন কাৰিকৰী বিশেষজ্ঞ অনুষ্ঠানৰ বাবে নিয়োগ কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিৰ বাবে সাজু কৰা হৈছে ৬৯৭০ নিৰাপত্তাৰক্ষীৰ নিৰাপত্তাৰক্ষীৰ কৰ্ডন। ইতিমধ্যে মোদীৰ ভ্ৰমণৰ প্ৰাকক্ষণত সোমবাৰে অযোধ্যাত উপস্থিত হয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। তেওঁ মন্দিৰ চৌহদত অনুষ্ঠানৰ প্ৰস্তুতি পৰিদৰ্শন কৰাৰ লগতে মন্দিৰ প্ৰশাসন আৰু জিলা প্ৰশাসনে কৰা প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ সম্পূৰ্ণ সূচী

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে পুৱা প্ৰায় ১০ বজাত সপ্তমন্দিৰ পৰিদৰ্শন কৰি মহৰ্ষি বশিষ্ঠ, মহৰ্ষি বিশ্বামিত্ৰ, মহৰ্ষি অগস্ত্য, মহৰ্ষি বাল্মিকী, দেৱী অহল্যা, নিশাদৰাজ গুহ আৰু মাতা শ্ববৰীৰ মন্দিৰত সেৱা জনাব। ইয়াৰ পিছত প্ৰায় ১১ বজাত তেওঁ মাতা অন্নপূৰ্ণা মন্দিৰ পৰিদৰ্শন কৰিব। তাৰ পিছতে তেওঁ ৰাম দৰবাৰ গৰ্ভগৃহত প্ৰাৰ্থনা কৰিব।

দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ শিখৰত গেৰুৱা ধ্বজা আৰোহণ কৰিব। বিবাহ পঞ্চমীৰ অভিজিত মুহূৰ্তৰ লগত সংগতি ৰাখি এই ধ্বজা আৰোহণ অনুষ্ঠানৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে মোদীয়ে ৰাম জন্মভূমি মন্দিৰৰ শিখৰত ১০ ফুট উচ্চতা আৰু ২০ ফুট দীঘল ত্ৰিকোণীয় ধ্বজা উত্তোলন কৰা হ’ব।

এই ধ্বজাত উজ্জ্বল সূৰ্যৰ ছবি অংকিত হৈ থাকিব, এয়া হৈছে ভগৱান ৰামৰ প্ৰতিভা আৰু শৌৰ্যৰ প্ৰতীক। ইয়াত কাঞ্চৰ গছৰ ছবিৰ লগতে ‘ওঁম’ ধ্বনি লিখা থাকিব। পবিত্ৰ গেৰুৱা ধ্বজাখনে ৰামৰাজ্যৰ আদৰ্শ প্ৰতিফলিত কৰি মৰ্যাদা, ঐক্য, সাংস্কৃতিক ধাৰাবাহিকতাৰ বাৰ্তা প্ৰেৰণ কৰিব।

পৰম্পৰাগত উত্তৰ ভাৰতীয় নাগাৰা স্থাপত্য শৈলীত নিৰ্মিত শিখৰৰ ওপৰত এই ধ্বজা উত্তোলন কৰা হ’ব, আনহাতে মন্দিৰক আগুৰি থকা ৮০০ মিটাৰ দৈৰ্ঘ্যৰ পাৰাকোটা (দক্ষিণ ভাৰতীয় স্থাপত্য পৰম্পৰাত ডিজাইন কৰা বৃত্তাকাৰ দেৱাল)ত মন্দিৰৰ স্থাপত্যৰ বৈচিত্ৰ্য প্ৰদৰ্শন কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...