শ্বহীদৰ প্ৰতি এগৰাকী চিকিউৰিটি গাৰ্ডৰ কৰ্মই মুহিব আপোনাকো, প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোদী

মন কি বাতত স্থান পোৱা এই ব্যক্তিজন এগৰাকী চিকিউৰিটি গাৰ্ড। কিন্ত সাধাৰণ হৈও অসাধাৰণ তেওঁ। নিজৰ এক অভিনৱ কামৰ বাবে এই চিকিউৰিটি গাৰ্ডজন আজি হৈ পৰিছে দেশজুৰি চৰ্চিত।

শ্বহীদৰ প্ৰতি এগৰাকী চিকিউৰিটি গাৰ্ডৰ কৰ্মই মুহিব আপোনাকো, প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোদী

প্ৰধামন্ত্ৰী মোদীৰ মুখত এগৰাকী চিকিউৰিটি গাৰ্ডৰ প্ৰশংসা

Updated On: 

31 Aug 2025 16:43 PM

আজি ‘মন কি বাত’ অনুষ্ঠান যোগে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে বহু দিশৰ ওপৰত আলোকপাত কৰে। নিজ বক্তব্যত তেওঁ লগতে দেশৰ বিভিন্ন অঞ্চলৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ ‘মন কি বাত’ অনুষ্ঠানত এগৰাকী বিশেষ ব্যক্তিৰ বিষয়ে প্ৰকাশ কৰে। মন কি বাতত স্থান পোৱা এই ব্যক্তিজন এগৰাকী চিকিউৰিটি গাৰ্ড। কিন্ত সাধাৰণ হৈও অসাধাৰণ তেওঁ। নিজৰ এক অভিনৱ কামৰ বাবে এই চিকিউৰিটি গাৰ্ডজন আজি হৈ পৰিছে দেশজুৰি চৰ্চিত।

এই ব্যক্তিজনৰ নাম জিতেন্দ্ৰ সিং ৰাথোড়। গুজৰাটৰ চুৰাট চহৰত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত এই লোকজন। এই জিতেন্দ্ৰ সিং ৰাথোড়ৰ দেশপ্ৰেমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যথেষ্ট আপ্লুত কৰিছে। আজি মন কি বাত অনুষ্ঠানত ৰাথোড়ৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মোৰ প্ৰিয় দেশবাসী, চুৰাটত বাস কৰা জিতেন্দ্ৰ সিং ৰাথোড়ৰ বিষয়ে জানিলে আপোনালোকে অত্যন্ত আনন্দ অনুভৱ কৰিব।”

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে জিতেন্দ্ৰ সিং ৰাথোড়ৰ কামৰ কথা শুনিলে সকলোৰে হৃদয় গৌৰৱেৰে ভৰি পৰিব বুলিও মন্তব্য কৰে। পেছাত চিকিউৰিটি গাৰ্ড জিতেন্দ্ৰ সিং ৰাথোড়ে বিগত কেইবছৰমানৰ পৰা দেশৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সকলো জোৱানৰ তথ্য সংগ্ৰহ কৰি আহিছে। বৰ্তমান তেওঁৰ হাতত প্ৰথম বিশ্বযুদ্ধৰ পৰা এতিয়ালৈকে শ্বহীদ হোৱা হাজাৰ হাজাৰ বীৰ সৈনিকৰ তথ্য আছে।

ইয়াৰ লগতে তেওঁৰ হাতত আছে হাজাৰ হাজাৰ শ্বহীদৰ ফটোও। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰা মতে প্ৰতিজন পিতৃৰ কথাই জিতেন্দ্ৰ সিং ৰাথোড়ৰ হৃদয় স্পৰ্শ কৰিছিল। আজি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰা মতে এগৰাকী শ্বহীদৰ পিতৃয়ে ৰাথোড়ক কৈছিল, “মোৰ ল’ৰাটো নোহোৱা হ’লে কি হ’ব, দেশ সুৰক্ষিত নহয়নে?” এই এটা মাত্ৰ কথাই জিতেন্দ্ৰ সিঙৰ হৃদয় দেশপ্ৰেমৰ আবেগেৰে ভৰাই তুলিলে।

বৰ্তমান সময়ত বহু শ্বহীদ পৰিয়ালৰ সৈতে যোগাযোগত আছে জিতেন্দ্ৰ সিং ৰাথোড়। কেৱল সিমানেই নহয়,নিৰাপত্তাৰক্ষী জিতেন্দ্ৰ সিঙৰ হাতত আছে ২৫০০ শ্বহীদৰ পিতৃ-মাতৃৰ চৰণৰ মাটি। এই মাটি তেওঁ নিজৰ সৈতে ৰাখিছে। সশস্ত্ৰ বাহিনীৰ প্ৰতি তেওঁৰ গভীৰ শ্ৰদ্ধা আৰু মোহৰ এক জীৱন্ত নিদৰ্শন এয়া। জিতেন্দ্ৰ সিং ৰাথোড়ৰ জীৱনে দেশপ্ৰেমৰ প্ৰকৃত পাঠ শিকাইছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

এই ৪ ৰাশিৰ জীৱনলৈ নাহে দৰিদ্ৰতা, সদায় ধনেৰে ভৰি থাকে পকেট!
অপৰাজিতাৰ পৰা পদুমলৈ...এই উদ্ভিদ ঘৰত ৰাখক, দেৱী লক্ষ্মীৰ প্ৰৱেশ ঘটিব...
অনবৰতে মনলৈ বেয়া চিন্তা আহি থাকে নেকি? এইদৰে আঁতৰ কৰক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ এই লক্ষণসমূহ অনুভৱ কৰিলে লগে লগে পৰীক্ষা কৰক