আজি ভাৰত ত্যাগ আন্দোলনৰ বৰ্ষপূৰ্তিঃ প্ৰধানমন্ত্ৰী মোদীয়ে সুঁৱৰিলে মহান স্বাধীনতা সংগ্ৰামীসকলক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই ‘ভাৰত ত্যাগ আন্দোলন’ত অংশগ্ৰহণ কৰা সকলো স্বাধীনতা সংগ্ৰামীৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

আজি ভাৰত ত্যাগ আন্দোলনৰ বৰ্ষপূৰ্তিঃ প্ৰধানমন্ত্ৰী মোদীয়ে সুঁৱৰিলে মহান স্বাধীনতা সংগ্ৰামীসকলক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Updated On: 

09 Aug 2025 11:54 AM

দেশৰ স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় ভাৰত ত্যাগ আন্দোলন। আজিৰ দিনটোতে সমগ্ৰ দেশত এই আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। সেয়ে ৯ আগষ্ট দিনটোক ভাৰত ত্যাগ আন্দোলনৰ বৰ্ষপূৰ্তি দিৱস তথা আগষ্ট বিপ্লৱ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বিশেষ দিনটোত সমগ্ৰ দেশবাসীয়ে সশ্ৰদ্ধাৰে সুঁৱৰিছে দেশৰ মহান স্বাধীনতা সংগ্ৰামীসকলক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই ‘ভাৰত ত্যাগ আন্দোলন’ত অংশগ্ৰহণ কৰা সকলো স্বাধীনতা সংগ্ৰামীৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

‘ভাৰত ত্যাগ আন্দোলন’ৰ লগত জড়িত স্বাধীনতা সংগ্ৰামীসকলৰ সাহসে অগণন লোকক স্বাধীনতাৰ সন্ধানত একত্ৰিত কৰিছিল বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। এক্সত এক পোষ্ট যোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বাপুৰ প্ৰেৰণাদায়ক নেতৃত্বত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সেই সকলো সাহসী লোকক আমি গভীৰ কৃতজ্ঞতাৰে স্মৰণ কৰিছো।”

 

ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেয়েও স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ‘ভাৰত ত্যাগ আন্দোলনে’ দেশৰ স্বাধীনতাৰ বাবে যুঁজিবলৈ নতুন উদ্যম জগাই তুলিলে বুলি খৰ্গেই কয়। মহাত্মা গান্ধীৰ অমূল্য মন্ত্ৰ ‘কৰিম কিম্বা মৰিম’ৰ জৰিয়তে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আৰম্ভ কৰাব ভাৰত ত্যাগ আন্দোলনে স্বাধীনতাৰ যুঁজত নতুন উৎসাহৰ সৃষ্টি কৰিছিল বুলি তেওঁ এক পষ্টত লিখিছে।

“ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ সময়ত অগণন ভাৰতীয়ই ৰাজপথলৈ ওলাই আহি ইতিহাসত এক অবিস্মৰণীয় কাহিনী লিখিছিল। আগষ্ট বিপ্লৱ দিৱস’ত আমি দেশৰ স্বাধীনতাৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া সকলো স্বাধীনতা সংগ্ৰামীক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো।”- এইদৰে লিখিছে কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে।

 

উল্লেখ্য যে মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪২ চনৰ ৮ আগষ্টত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। অৱশ্যে মহাত্মা গান্ধীয়ে ‘কৰিম কিম্বা মৰিম’ শ্ল’গানেৰে দেশবাসীক উদ্বুদ্ধ কৰি তোলাৰ পিছতে ৯ আগষ্টত এই আন্দোলনে দেশজুৰি সৰ্বাত্মক ৰূপ লয়। মুম্বাইৰ গাৱলিয়া টেংকৰ পৰা আৰম্ভ হৈছিল এই ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন।

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...