বাংলাদেশত হিন্দু আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষাক লৈ চিন্তিত দেশবাসী: প্ৰধানমন্ত্ৰী মোদী

বাংলাদেশত হিন্দুসকল প্ৰতিবাদকাৰীৰ লক্ষ্যত আছে। হিন্দুসকলৰ বহুতো মন্দিৰ আৰু ঘৰক লক্ষ্য কৰি লোৱা হৈছে। এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । লালকিল্লাৰ পৰা দেশক সম্বোধন কৰি তেওঁ এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে। ১৪০ কোটি দেশবাসীৰ চিন্তা হৈছে তাত হিন্দু আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা নিশ্চিত কৰা।

বাংলাদেশত হিন্দু আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষাক লৈ চিন্তিত দেশবাসী: প্ৰধানমন্ত্ৰী মোদী

বাংলাদেশত প্ৰতিবাদ

Updated On: 

15 Aug 2024 17:03 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ১১তম বাৰৰ বাবে লালকিল্লাৰ পৰা জনতাক সম্বোধন কৰিছে। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ ভাষণ প্ৰসংগত বাংলাদেশৰ হিংসাৰ কথাও উল্লেখ কৰিছে। মোদীয়ে আশা কৰিছে যে বাংলাদেশৰ পৰিস্থিতি সোনকালেই স্বাভাৱিক হৈ পৰিব আৰু তাত হিন্দু আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা সুনিশ্চিত কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয়, “চুবুৰীয়া দেশ হিচাপে বাংলাদেশত কি ঘটিছে তাক লৈ আমি চিন্তিত হোৱাটো স্বাভাৱিক। মই আশা কৰোঁ পৰিস্থিতি সোনকালেই স্বাভাৱিক হ’ব। ১৪০ কোটি দেশবাসীৰ চিন্তা হৈছে তাত হিন্দু আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা সুনিশ্চিত কৰা। ভাৰতে সদায় বিচাৰিছিল যে আমাৰ চুবুৰীয়া দেশসমূহে সুখ আৰু শান্তিৰ পথত আগুৱাই যাওক। শান্তিৰ প্ৰতি আমাৰ প্ৰতিবদ্ধতা আছে। আমাৰ মূল্যবোধ আছে। আগন্তুক দিনত বাংলাদেশৰ উন্নয়নৰ যাত্ৰাৰ বাবে আমাৰ শুভকামনা সদায় থাকিব। কিয়নো আমি মানৱজাতিৰ কল্যাণৰ বিষয়ে চিন্তা কৰা লোক।”

শেহতীয়াকৈ শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পাছত বাংলাদেশত কেইবাটাও হিন্দু মন্দিৰ, হিন্দু সম্প্ৰদায়ৰ সদস্যসকলৰ ঘৰ ধ্বংস কৰা হৈছিল। বাংলাদেশৰ জনতাই সংৰক্ষণৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল। শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ হৈছিল। যাৰ পাছত দেশখনত বিশৃংখলতাৰ পৰিৱেশ সৃষ্টি হৈছিল। শ্বেখ হাছিনাই জনতাৰ ক্ষোভৰ সন্মুখত পৰাজয় স্বীকাৰ কৰিব লগা হৈছিল। লগতে তেওঁ দেশৰ পৰা পলায়ন কৰিব লগা হৈছিল।

RSSৰ মুৰব্বী মোহন ভাগৱতেও বাংলাদেশৰ হিন্দুসকলৰ অৱস্থা সন্দৰ্ভত মন্তব্য আগবঢ়াইছে। তেওঁ কৈছে যে “তাত বাস কৰা হিন্দুসকলে অপ্ৰৰোচিত হিংসাৰ সন্মুখীন হৈছে। তেওঁলোকে যাতে কোনো অন্যায় আৰু অত্যাচাৰৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰাটো আমাৰ দেশৰ দায়িত্ব।”

আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছত তেওঁ বাংলাদেশৰ নাম নোলোৱাকৈ কয়। “আমি এতিয়া পৰিস্থিতি দেখি আছোঁ। চুবুৰীয়া দেশখনত ব্যাপক হিংসা চলি আছে আৰু তাত বাস কৰা হিন্দুসকলে কোনো কাৰণ নোহোৱাকৈ হিংসাৰ সন্মুখীন হৈছে।”

মোহন ভাগৱতে কয়, “আনক সহায় কৰাটো ভাৰতৰ চলিত পৰম্পৰা। আমি যোৱা কেইবছৰমানত দেখিছোঁ যে ভাৰতে কেতিয়াও কাকো আক্ৰমণ কৰা নাই। তেওঁলোকে আমাক যেনেকুৱা ব্যৱহাৰ কৰিলেও বিপদত পৰা লোকসকলক ভাৰতে সহায় কৰিছে ।”

 

লগতে পঢ়ক : ৫ বছৰত ৭৫ হাজাৰলৈ বৃদ্ধি কৰা হ’ব মেডিকেল কলেজৰ আসন: লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা

 

প্ৰতিদিনে এটা লং খালে কি হয়? উপকাৰ জানিলে হ'ব আচৰিত...
নৰসিংহৰ পাত খালে কি হয়? কি কি ৰোগৰ পৰা উপশম পাব পাৰি ? জানক
চকুৰ লগতে হৃদৰোগৰ সমস্যা হ'ব দূৰ, মাথোঁ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি!
শীতকালত এলাৰ্জীৰ সমস্যাই অশান্তি কৰে নেকি? জানক সহজ সমাধান